உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • মাজত মাত্ৰ ৩ দিন, এইকেইটা কাম কৰিলেনে? অৱহেলা কৰিলেই পৰিব পাৰে বিপদত!

    মাজত মাত্ৰ ৩ দিন, এইকেইটা কাম কৰিলেনে? অৱহেলা কৰিলেই পৰিব পাৰে বিপদত!

    ১ জানুৱাৰীৰ পূৰ্বে এই ৫টা কাম কৰি লওক, অন্যথা পৰিব বিপদত, জানিলওক সবিশেষ

    ১ জানুৱাৰীৰ পূৰ্বে এই ৫টা কাম কৰি লওক, অন্যথা পৰিব বিপদত, জানিলওক সবিশেষ

    ১ জানুৱাৰীৰ পূৰ্বে এই ৫টা কাম কৰি লওক, অন্যথা পৰিব বিপদত, জানিলওক সবিশেষ

    • Share this:
    ২০২২ চন আৰম্ভ হ'বলৈ মাজত মাত্ৰ কেইদিনমান বাকী। নতুন বছৰক আদৰিবলৈ অধিক আগ্ৰহেৰে ৰৈ আছে বিশ্ববাসী। কিন্তু নতুন বছৰ সোমোৱাৰ পূৰ্বে আপুনি কৰিব লাগিব এইকেইটা কাম। অন্যথা সমস্যাত পৰিব পাৰে আপুনি। ১ জানুৱাৰীৰ পৰা দেশত বহু নিয়ম সাল-সলনি হ'বলৈ গৈ আছে।

    ১. ৩১ ডিচেম্বৰৰ পূৰ্বে জমা কৰিব লাগিব ইনকাম টেক্স ৰিটাৰ্ণঃ বিত্তীয় বৰ্ষ ২০২০-২১ৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩১ ডিচেম্বৰ ২০২১ পৰ্যন্ত আয়কৰ ৰিটাৰ্ণ দাখিল কৰিবলৈ ডেডলাইন বঢ়াই দিছে। এই সময়সীমাৰ ভিতৰত জমা নকৰিলে জৰিমনাৰ সন্মুখীন হ'ব পাৰে।

    ২. আধাৰ নম্বৰৰ সৈতে লিংক কৰিব লাগিব UAN: ৩১ ডিচেম্বৰৰ পূৰ্বে কৰ্মচাবী ভৱিষ্যত নিধি সংগঠনৰ সদস্যক UAN নম্বৰৰ সৈতে আধাৰ নম্বৰ লিংক কৰিব লাগিব। যদি EPFO সদস্যই এনে নকৰে তেন্তে পিএফ একাউণ্ট বন্ধ হৈ পৰিব পাৰে।

    ৩. ডিমেট ট্ৰেডিং একাউণ্টক কৰিব লাগিব KYC- বজাৰ নিয়ন্ত্ৰক চিকিউৰিটি এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়াই কেৱাইচি ডিমেট ট্ৰেডিং একাউণ্টৰ সময়সীমা ৩০ ছেপ্টেম্বৰৰ পৰা ৩১ ডিচেম্বৰ, ২০২১ লৈ বৃদ্ধি কৰিছে। কে.ৱাই.চি.-ৰ বাবে বহুতো তথ্য আপডেট কৰাৰ প্ৰয়োজন যেনে নাম, ঠিকনা, পেন কাৰ্ড নম্বৰ, ম'বাইল নম্বৰ, বয়স আদি তথ্য আপডেট কৰিব লাগিব।

    ৪. বেংক অব বৰোদাৰ পৰা লব পাৰিব কম সুতৰ হাৰত লোনঃ যদি আপুনি বৰোদা (BOB)ৰ গ্ৰাহক, তেন্তে আপুনি ৩১ ডিচেম্বৰৰ ভিতৰত কম সুতৰ হাৰত হোম লোন লব পাৰিব।

    ৫.অনলাইন মাৰ্চেণ্টে ৪০ শতাংশলৈ ভৰিব লাগিব ৰাজহঃ উদ্যোগ মণ্ডল ফিক্কীৰ মতে, গ্ৰাহকৰ ডেবিট–ক্ৰেডিট কাৰ্ড সম্পৰ্কীয় তথ্য জমা কৰাৰ সলনি টোকেন নম্বৰ জাৰি কৰাৰ নতুন ব্যৱস্থা কাৰ্যকৰী হ’লে অনলাইন মাৰ্চেণ্টে ২০ শতাংশৰ পৰা ৪০ শতাংশলৈ ৰাজহ ভৰিব লাগিব পাৰে।
    Published by:Himangshu Bhuyan
    First published: