Mobile Charging Mistakes: বৰ্তমান সময়ত ম’বাইল আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। এটা দিনোট ম’বাইলটো অবিহনে অতিবাহিত কৰাটো কঠিন হৈ পৰে। সেইবাবেই সকলোৱে নিজৰ ম’বাইলটোৰ বেটাৰী সকলো সময়তে ফুল চাৰ্জ হৈ থকাটো বিচাৰে। কিন্তু ম’বাইল চাৰ্জ কৰোতে এইসমূহ ভুল কৰিলে বিকল হৈ পৰিব পাৰে আপোনাৰ ফোনটো। আহক জানো ম’বাইল চাৰ্জিং কৰাৰ সময়ত কোনসমূহ ভুল কৰিব নালাগে।
আন ফোনৰ চাৰ্জাৰ ব্যৱহাৰ কৰাযদি আপুনি আপোনাৰ ফোনটো দীৰ্ঘদিন বেয়া নোহোৱাকৈ ৰাখিব বিচাৰে তেন্তে আন ম’বাইলৰ চাৰ্জাৰেৰে চাৰ্জ নকৰিব। ইয়াৰ ফলত আপোনাৰ ফোনটোৰ বেটাৰীত পাৱাল ছাপ্লাই বেছি বা কম হ’ব পাৰে। যাৰ বাবে আপোনাৰ ফোনৰ বেটাৰী গৰম হৈ পৰিব। যিয়ে ফোনৰ লাইফ কম কৰে।
ম’বাইল ফুল চাৰ্জ কৰাঅধিকসংখ্যক লোকে ম’বাইলৰ বেটাৰী ১০০% চাৰ্জ কৰিব বিচাৰে যিটো সঠিক নহয়। ইয়াৰ আপোনাৰ ফোনৰ লাইফ কম হয়। টেকনিকেলী সকলো বেটাৰীৰে চাৰ্জ চক্ৰৰ সংখ্যা পূৰ্বৰে পৰা নিৰ্ধাৰিত হৈ থাকে। যদি আপুনি সদাই ফুল বেটাৰী চাৰ্জ কৰে তেন্তে ই সোনকালে শেষ হ’ব। ইয়াৰ লগতে বেটাৰীৰ চাৰ্জ ০%লৈ যোৱাটোও আপোনাৰ ফোনটো বেয়া হোৱাৰ কাৰণ হ’ব পাৰে।
চাৰ্জিঙত লগাই ফোন ব্যৱহাৰ কৰাবহু লোকে ম’বাইল চাৰ্জত লগাই থৈ ব্যৱহাৰ কৰে। কোনোৱে ফোন কল কৰাৰ বিপৰীতে কোনোৱে ম’বাইল গেম খেলাৰ বাবেও বেটাৰী চাৰ্জ হোৱাৰ বাবে অপেক্ষা কৰিব নিবিচাৰে। ইয়াৰ ফলত আপোনাৰ ম’বাইলৰ বেটাৰী সোনকালে বিকল হৈ পৰিব পাৰে। ইয়াৰ লগতে আপোনাৰ স্বাস্থ্যৰ বাবেও ই ক্ষতিকাৰক হ’ব পাৰে।
ওৰেনিশা ফোন চাৰ্জ কৰাবহু লোকে ম’বাইল ফুল চাৰ্জ কৰাৰ বাবে গোটেই নিশা চাৰ্জত লগাই ৰাখে। যিটো আপোনাৰ ফোনৰ বাবে লগতে ঘৰৰ বাবেও বিপজ্জনক হ’ব পাৰে। এইদৰে ম’বাইল চাৰ্জ কৰাৰ ফলত বেটাৰী চাৰ্জিং চক্ৰ বেয়া হ’ব পাৰে। ইয়াৰ লগতে বিজুলিও অবাবত খৰচ হয়।
(Disclaimer: এই লিখনি সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। News18–এ এয়া নিশ্চিত নকৰে।)
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|