• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • 8 হাজাৰ টকীয়া Realme ৰ এই সুন্দৰ ফোনটোত পাব ৬,৮০০টকালৈকে ৰেহাই, এনেকৈ পাব এইটো অফাৰ

8 হাজাৰ টকীয়া Realme ৰ এই সুন্দৰ ফোনটোত পাব ৬,৮০০টকালৈকে ৰেহাই, এনেকৈ পাব এইটো অফাৰ

ৰিয়েলমী C3 (Realme C3) ফ্লিপকাৰ্টৰ বিগ দিৱালী চেলত এক্সচেঞ্জ অফাৰৰ অধীনত যথেষ্ট কম দামত ঘৰলৈ অনাৰ সুযোগ পোৱা গৈছে।

ৰিয়েলমী C3 (Realme C3) ফ্লিপকাৰ্টৰ বিগ দিৱালী চেলত এক্সচেঞ্জ অফাৰৰ অধীনত যথেষ্ট কম দামত ঘৰলৈ অনাৰ সুযোগ পোৱা গৈছে।

ৰিয়েলমী C3 (Realme C3) ফ্লিপকাৰ্টৰ বিগ দিৱালী চেলত এক্সচেঞ্জ অফাৰৰ অধীনত যথেষ্ট কম দামত ঘৰলৈ অনাৰ সুযোগ পোৱা গৈছে।

  • Share this:
ফ্লিপকাৰ্টত (Flipkart) বিগ দিৱালী চেল চলি আছে (Big Diwali Sale) যিটো অহা ৪ নৱেম্বৰত সমাপ্ত হ’ব। চেলত বিভিন্ন ধৰণৰ অফাৰ দিয়া হৈছে। ইয়াৰ ভিতৰত ৰিয়েলমীৰ (Realme) এনে বাজেট ফোন আছে যিটো এতিয়া ৮হাজাৰ টকাতকৈ সস্তাত ক্ৰয় কৰিব পাৰিব। হয়, ৰিয়েলমী C3 (Realme C3) ফোনটো যথেষ্ট কম দামত আপুনি ক্ৰয় কৰিব পাৰিব। এই ফোনটোত 3জিবি ৰেম+32জিবিৰ আৰু ইয়াৰ মূল্য ৭,৯৯৯টকা।

কিন্তু ফ্লিপকাৰ্টত দিয়া তথ্য অনুসৰি আপুনি যদি এক্সচেঞ্জ অফাৰৰ সুবিধা লয় তেনেহ’লে আপুনি ৬,৮০০টকালৈকে ৰেহাই পাব। ইয়াৰ লগতে ফোনটোত Axis Bankৰ ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ অফাৰো দিয়া হৈছে। যিটোৰ কাৰণে ফোনটো ১৫০০টকাল পৰ্যন্ত ডিচকাউণ্টত পাব।

Realme C3 ৰ বিশেষত্ব...
ফোনটোত 6.5 ইঞ্চিৰ ৱাটাৰ ড্ৰপ ষ্টাইল ন’চ ডিচপ্লে দিয়া হৈছে। ডিচপ্লেৰ স্ক্ৰীণ–টু–বডী ৰেচিঅ’ 89.8শতাংশ। এইটো কৰ্নিং গ’ৰিলা গ্লাছ প্ৰটেকচনৰ সৈতে আহে। প্ৰচেচৰৰ কথা ক’লে ইয়াত অক্টা–ক’ৰ মিডিয়াটেক হীলিঅ’ G70 SOC প্ৰচেচৰ পোৱা গৈছে। উল্লেখ্য যে, Realme C3 কোম্পানীটোৰ প্ৰথমটো ফোন যিটো ৰিয়েলমী UIৰ সৈতে পাব। এইটো এণ্ড্ৰয়ড10ৰ ওপৰত আধাৰিত। এই ফোনটো কেৱল Android 10 অপাৰেটিং চিষ্টেমৰ সৈতে উপলব্ধ।

কেমেৰাৰ কথা ক’লে ইয়াত ডুৱেল কেমেৰা চেটআপ আছে। ইয়াৰ প্ৰাইমেৰী কেমেৰাত চেন্সৰ 12 মেগাপিক্সেল আছে দ্বিতীয়টো কেমেৰা 2 মেগাপিক্সেলৰ। চেল্ফীৰ কাৰণে ফোনটোত 5 মেগাপিক্সেলৰ কেমেৰা দিয়া হৈছে।

ফোনটোৰ বেটেৰী 5000mAhৰ আৰু এইটো ৰিভাৰ্চ চাৰ্জিঙৰ সৈতে উপলব্ধ।
First published: