মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»অসমীয়া মেখেলা–চাদৰ পৰিধান কৰি মুম্বাইত দিব্যা খোচলা কুমাৰৰ কেটৱাক, সংযুক্তা দত্তৰ নতুন সংগ্ৰহ 'Chiki-Miki'

অসমীয়া মেখেলা–চাদৰ পৰিধান কৰি মুম্বাইত দিব্যা খোচলা কুমাৰৰ কেটৱাক, সংযুক্তা দত্তৰ নতুন সংগ্ৰহ 'Chiki-Miki'

News18 Assam | News18-Assam
Updated:October 10, 2021, 11:24 PM IST
অসমীয়া মেখেলা–চাদৰ পৰিধান কৰি মুম্বাইত দিব্যা খোচলা কুমাৰৰ কেটৱাক, সংযুক্তা দত্তৰ নতুন সংগ্ৰহ 'Chiki-Miki'
মুম্বাইৰ Jio Gardenত অনুষ্ঠিত FDCI X Lakme Fashion Weekত তেখেতৰ নতুন সংগ্ৰহ 'Chiki-Miki' প্ৰদৰ্শন কৰে।

মুম্বাইৰ Jio Gardenত অনুষ্ঠিত FDCI X Lakme Fashion Weekত তেখেতৰ নতুন সংগ্ৰহ 'Chiki-Miki' প্ৰদৰ্শন কৰে।

  • Share this:

মেখেলা চাদৰক অনন্য ৰূপ প্ৰদান কৰি প্ৰখ্যাত দেশ তথা ৰাজ্যৰ আগশাৰীৰ ফেশ্যন ডিজাইনাৰ সংযুক্তা দত্তই দেওবাৰে মুম্বাইৰ Jio Gardenত অনুষ্ঠিত FDCI X Lakme Fashion Weekত তেখেতৰ নতুন সংগ্ৰহ 'Chiki-Miki' প্ৰদৰ্শন কৰে।


বহু আগশাৰীৰ মডেলে তেওঁ ডিজাইন কৰা বস্ত্ৰ পৰিধান কৰাৰ উপৰি বলিউড সুন্দৰী তথা  অভিনেত্ৰী, পৰিচালক দিব্যা খোচলা কুমাৰেও সংযুক্তা দত্তৰ নতুন ডিজাইনৰ মেখেলা–চাদৰ পৰিধান কৰি ৰেম্পত অতি মোহনীয়া আৰু আকৰ্ষণীয় ৰূপত Show Stopper হিচাপে কেটৱাক কৰা দেখা যায়। উল্লেখ্যে যে ইয়াৰ পূৰ্বেও সংযুক্তা দত্তৰ হৈ ৰেম্পত ৱাক কৰি থৈছে দিব্যা খোচলা কুমাৰে।




 Lakme Fashion Weekত ডিজাইনাৰ সংযুক্তা দত্তই কয়– '' এফডিচিআই এক্স লেকমে ফেশ্বন সপ্তাহত মোৰ নতুন সংগ্ৰহ প্ৰদৰ্শন কৰি মই বহুত সুখী। ই হৈছে অসমৰ বয়ন আৰু ডিজাইনৰ প্ৰচাৰৰ বাবে এক আশ্চৰ্যকৰ মঞ্চ।"


আনহাতে  তেওঁ  দিব্যা খোচলা কুমাৰৰ  প্ৰসংগত কয়, "সুন্দৰী দিব্যা খোচলা কুমাৰৰ সৈতে কাম কৰাটো এটা বিশেষ অনুভৱ। মেখেলা–চাদৰত তেওঁক ইমান আকৰ্ষণীয় দেখা গৈছে আৰু ই সকলো শিল্পী আৰু শিপিনীক যথেষ্ট সাহস দিয়ে যেতিয়া তেওঁলোকে তেওঁলোকৰ কামক ইমান ডাঙৰ মঞ্চত স্বীকৃতি পোৱা দেখা যায়।



উল্লেখ্য, "চিকি-মিকি"ৰ অৰ্থ হৈছে জিলিকি থকা আৰু উজ্জ্বল। সংযুক্তা দত্তই  অসমৰ থলুৱা বস্ত্ৰ সংস্কৃতিৰ নিখুঁত ডিজাইন আৰু ইয়াৰ উপস্থাপনাৰে ইতিমধ্যে বাণিজ্যিকভাৱে সফল হোৱাৰ উপৰি ইয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছে। লক্ষণীয় যে FDCI X Lakme Fashion Weekত তেখেতৰ নতুন সংগ্ৰহ 'Chiki-Miki' প্ৰদৰ্শনৰ সময়ত অসমীয়া সংগীতৰ ছন্দত ৰেম্পত খোজ দিছিল সকলো মডেলে।

Published by: Gautam Barman
First published: October 10, 2021, 11:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি