• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Dimple On Face: আপোনাৰ গালতো ডিম্পল পৰে নেকি, জানেনে ইয়াৰ আচল ৰহস্য

Dimple On Face: আপোনাৰ গালতো ডিম্পল পৰে নেকি, জানেনে ইয়াৰ আচল ৰহস্য

Dimple On Face: আপোনাৰ গালত পৰা ডিম্পলটোৱে আপোনাৰ জীৱনৰ বিশেষ সংকেত দিয়ে। আপুনি ইয়াৰ অৰ্থ জানেনে?

Dimple On Face: আপোনাৰ গালত পৰা ডিম্পলটোৱে আপোনাৰ জীৱনৰ বিশেষ সংকেত দিয়ে। আপুনি ইয়াৰ অৰ্থ জানেনে?

Dimple On Face: আপোনাৰ গালত পৰা ডিম্পলটোৱে আপোনাৰ জীৱনৰ বিশেষ সংকেত দিয়ে। আপুনি ইয়াৰ অৰ্থ জানেনে?

  • Share this:
আপুনি বহু লোকৰ গালত ডিম্পল পৰা দেখিছে ছাগে। সাধাৰণতে গালত ডিম্পল পৰিলে দেখিবলৈ ভাল লাগে। মহিলাসকলৰ গালত ডিম্পল পৰিলে সোণত সুৱগা চৰে। পিছে আপুনি জানেনে ডিম্পল পৰাটো এটা শুভ লক্ষণ। সামুদ্ৰিক শাস্ত্ৰ মতে গালত ডিম্পল পৰা লোকসকল বহুত ভাগ্যশালী হয়। এইসকল লোকক ভাগ্যই সদায় সংগ দিয়ে আৰু সকলো কামতে শীঘ্ৰেই সফলতা পাব।

এইসকল লোক যে নিজে ভাগ্যশালী হয় তেনে নহয় তেওঁলোক আনৰ বাবেও সৌভাগ্য কঢ়িয়াই আনে। সৌন্দৰ্যৰ ক্ষেত্ৰটো এইসকল লোক কোনো গুণে কম নহয়। এই লোকসকল স্বভাৱত নম্ৰ আৰু সংবেদনশীল হয়। তেওঁলোক পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী হয় আৰু বিবেকৱান হয়। এই লোকসকলৰ বৈবাহিক জীৱনো অতি সুখময় হয়।

সামুদ্ৰিক শাস্ত্ৰৰ মতে যিসকল লোকৰ মুখৰ আকৃতি শংকুৰ দৰে আধ্যাত্মিক বিষয়, ধৰ্ম, সংস্কৃতি, সাহিত্য, গ্ৰন্থ আদিৰ বিষয়ত বহুত বেছি আগ্ৰহী হয়। এই লোকসকলৰ ওপৰত সদায় দৈৱ কৃপা দৃষ্টি থাকে। এই লোকসকলে নিজৰ কামৰ বাবে কেতিয়াও আনৰ ওপৰত নিৰ্ভৰ নহয়। ঈশ্বৰৰ আশীৰ্বাদত এই লোকসকলৰ কাম এটাৰ পিছত আনটো হৈ যায়। নিজৰ কষ্টৰ ফল এই লোকসকলে নিশ্চয় পায়।
Published by:Manjumoni Borah
First published: