உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • কৰণ জোহৰৰ পোহনীয়া নে কি? কৃষক আইনক লৈ টুইটাৰত কংগনা ৰাণাৱট–দিলজিত দোচাঞ্জৰ মহাভাৰত, পাঞ্জাৱীত কংগনাক উত্তৰ দিলজিতৰ

    কৰণ জোহৰৰ পোহনীয়া নে কি? কৃষক আইনক লৈ টুইটাৰত কংগনা ৰাণাৱট–দিলজিত দোচাঞ্জৰ মহাভাৰত, পাঞ্জাৱীত কংগনাক উত্তৰ দিলজিতৰ

    Kangana Ranaut Diljit Dosanjh Tweet War: কংগনা ৰাণাৱট আৰু দিলজিত দোচাঞ্জৰ মাজত টুইটাৰৰ মহাভাৰত এতিয়া ছচিয়েল মিডিয়াৰ চৰ্চাৰ বিষয়। কৃষক আন্দোলনক লৈ দুয়োগৰাকী চেলিব্ৰিটীয়ে পৰস্পৰক অশালীন ভাষাৰে আক্ৰমণ কৰা দেখা যায়

    • Share this:
    কংগনা ৰাণাৱাট আৰু দিলজিত দোচাঞ্জৰ মাজত টুইটাৰৰ যুদ্ধ আছিল বৃহস্পতিবাৰৰ দিনটোৰ ছচিয়েল মিডিয়াৰ চৰ্চাৰ বিষয়। কংগনাই এটা টুইটত দিলজিত দোচাঞ্জক ‘কৰণ জোহৰৰ পোহনীয়া’ আখ্যা দি আক্ৰমণ কৰে। ইয়াৰ পিছতে পাঞ্জাৱী অভিনেতা–গায়কজনে নিজৰ মাতৃভাষাত কংগনাক ভালকৈ এজাউৰি দিয়ে। দুয়োৰে মাজৰ খণ্ডযুদ্ধ দৰাচলতে কৃষক আন্দোলনক লৈ এক ভুৱা টুইটক কেন্দ্ৰ কৰি আৰম্ভ হয়। কংগনাই কৃষক আন্দোলনলৈ যোৱা বয়োবৃদ্ধা কৃষক আইতাগৰাকীক বিলকিচ বানো আখ্যা দি ঠাট্টা কৰিছিল। ‘১০০টকীয়া’ প্ৰতিবাদকাৰী আখ্যা দি ভুৱা টুইট কৰা কংগনাক উত্তৰ দিয়ে পাঞ্জাৱী তাৰকাজনে। তেওঁ লিখে মানুহ ইমানো অন্ধ হ’ব নালাগে।

    কৰণ জোহৰৰ পোহনীয়া আখ্যা দিয়া কংগনাক দিলজিতে দিয়ে উত্তৰ...

    দিলজিতে লিখে, ‘তেনেহ’লে তই যিমানবোৰ মানুহৰ সৈতে চিনেমা কৰিলি তই সকলোৰে পোহনীয়া নে কি? তেনেহ’লে দেখোন মালিকৰ তালিকাখন দীঘলেই হ’ব...? এয়া বলিউডৱালা নহয় পঞ্জাৱ ৱালাহে...মিছা কথা কৈ মানুহক উচতোৱা আৰু আৱেগৰ সৈতে খেলা ভালকৈ জানে আপুনি।

    শালীনতাৰ সকলো সীমা চেৰালে কংগনাই...

    ছচিয়েল মিডিয়াত হকে বিহকে প্ৰত্যেক কথাত যিকোনো মানুহক টানি অনাৰ অভিযোগ থকা কংগনা ৰাণাৱটে দিলজিতৰ সৈতে বাকযুদ্ধত সকলো সীমা চেৰাই অতি অভদ্ৰ মন্তব্যও কৰে। তেওঁ লিখে, ‘চামচা শুন। তই যাৰ চেলেকি চেলেকি কাম লৈ আছ’ মই সেইসকল মানুহক দৈনিক বাৰ বজাও। মই কংগনা ৰাণাৱট হও তোৰ দৰে চামচী নহয়। মই মাত্ৰ শ্বাহিন বাগৰ প্ৰতিবাদকাৰী সন্দৰ্ভত মন্তব্য কৰিছিলো। যদি কোনোবাই ভুল প্ৰমাণিত কৰে তেনেহ’লে ক্ষমা খুজিম।’

    ইয়াৰ পিছতে দিলজিতে উত্তৰ দিয়ে..

    টুইটাৰৰ যুদ্ধত শালীনতা নাথাকিলেও দেশৰ বিভিন্ন প্ৰান্তৰ ব্যৱহাৰকাৰীয়ে দিলজিত দোচাঞ্জৰ উত্তৰক সমৰ্থন কৰে। দিলজিত কম সময়ৰ ভিতৰতে ট্ৰেণ্ড হয় আৰু বহুকেইজন চেলিব্ৰিটিয়েও তেওঁক সমৰ্থন কৰা দেখা যায়।
    First published: