বলীউড চিনেমাৰ উজ্জ্বল তাৰকা দিলীপ কুমাৰে আজি ৯৮ বছৰ বয়সত এই পৃথিৱীৰ মায়া এৰি গুচি গ'ল। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা কুমাৰক লৈ এনে এটা সংবাদ স্বাভাৱিকেই আছিল। ১৯২২ চনৰ ১১ ডিচেম্বৰত পাকিস্তানৰ পেছোৱাৰত জন্ম লাভ কৰা দিলীপ কুমাৰে পাকিস্তানৰ পৰা মুম্বাইলৈ আহিছিল আৰু ইয়াত এটা নিজা পৰিচয় গঢ় দিছিল। কিন্তু তেওঁ কেতিয়াও পাহৰিব পৰা নাছিল পেছোৱাৰ আৰু সেই ঘৰটো, য'ত তেওঁৰ শৈশৱৰ স্মৃতি জড়িত হৈ আছিল। জীৱনৰ শেষৰ ফালে এই স্মৃতিয়ে তেওঁক ইমানে আমনি কৰিছিল যে যোৱা বছৰ টুইট কৰি কোনোবাই তেওঁৰ ঘৰৰ কেৱল এখন ছবি দেখুৱাব পাৰিব নেকি সুধিছিল।
বাৰ্ধক্যৰ শেষ স্তৰত এগৰাকী কলাকাৰৰ সংবেদনশীলতাই কেৱল বিচাৰি ফুৰিছিল সেই শৈশৱ কালৰ ঘৰটো আৰু ঠাইখন। দিলীপ কুমাৰে টুইট কৰা অনুৰোধ পাকিস্তানৰ সাংবাদিক ছিৰাজ হাছানে ৰক্ষা কৰিছিল। দিলীপ কুমাৰৰ অনুৰোধত তেওঁ ঘৰটোৰ ফটো টুইট কৰিছিল। ঘৰটো জৰাজীৰ্ণ অৱস্থাত আছিল, ভঙা বস্তুবোৰ চাৰিওফালে ৰখা হৈছিল। কিন্তু দিলীপ কুমাৰে সেই ফটোবোৰৰ মাজতে দেখা পাইছিল শৈশৱৰ সেই স্বাচ্ছন্দ্যপূৰ্ণ ঘৰ। ছবিবোৰ পঠিওৱাৰ সাংবাদিকগৰাকীক অভিনেতা দিলীপ কুমাৰে ধন্যবাদ জনাইছিল। ইয়াৰ পিছতো তেওঁ পাকিস্থানৰ যিকোনো লোককে তেওঁৰ ঘৰটোৰ ফটো দিবলৈ অনুৰোধ কৰি কৈছিল– যিসকলৰ ওচৰত মোৰৰ ঘৰৰ ফটো আছে, তেওঁলোকে অনুগ্ৰহ কৰি #DilipKumar হেচটেগৰ জৰিয়তে শ্বেয়াৰ কৰক।
Thank you for sharing this. Requesting all in #Peshawar to share photos of my ancestral house (if you’ve clicked the pic) and tag #DilipKumar https://t.co/bB4Xp4IrUB
— Dilip Kumar (@TheDilipKumar) September 30, 2020
এই অনুৰোধৰ পৰা এইটো স্পষ্ট হৈ পৰিছিল যে শেষলৈ তেওঁৰ হৃদয়ে এই ঘৰটোক বিভিন্ন ফটোত চোৱাৰ হেঁপাহ পুহি ৰাখিছিল। উল্লেখ্য, অভিনেতা ৰাজকাপুৰৰ ঘৰো দিলীপ কুমাৰৰ পাকিস্থানৰ ঘৰৰ ওচৰতে আছিল। সম্প্ৰতি পাকিস্তান চৰকাৰে এই ঘৰটো ৮০ লাখ টকা ক্ৰয় মূল্য নিৰ্ধাৰণ কৰিছে, ৰাজ কাপুৰৰ ঘৰো ক্ৰয় কৰিব। চৰকাৰৰ পুৰাতত্ত্ব বিভাগে ইয়াত সংগ্ৰহালয় স্থাপনৰ ইংগিত দিছে। পেছাৱাৰ জিলা আয়ুক্ত কেপ্টেইন খালিদ মাহমুদে অভিনেতাসকলৰ ঘৰৰ বৰ্তমানৰ মালিকসকলৰ আপত্তি নাকচ কৰি দুয়োটা ঘৰ পুৰাতত্ত্ব বিভাগক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে এই ঘৰৰ মালিকসকলে ইয়াৰ মূল্য অধিক বিচৰা বুলি জানিব পৰা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|