মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»RIP Dilip Kumar: ট্ৰেজেডী কিং আৰু নাই... প্ৰধানমন্ত্ৰীয়ে অভিনেতাগৰাকীৰ মৃত্যুক চলচ্চিত্ৰ উদ্যোগৰ বাবে এক ডাঙৰ ক্ষতি বুলি অভিহিত কৰে, শোক প্ৰকাশ কৰে ৰাহুল গান্ধীয়েও...

RIP Dilip Kumar: ট্ৰেজেডী কিং আৰু নাই... প্ৰধানমন্ত্ৰীয়ে অভিনেতাগৰাকীৰ মৃত্যুক চলচ্চিত্ৰ উদ্যোগৰ বাবে এক ডাঙৰ ক্ষতি বুলি অভিহিত কৰে, শোক প্ৰকাশ কৰে ৰাহুল গান্ধীয়েও...

Kokil Sarma | News18-Assam
Updated:July 7, 2021, 9:09 AM IST
RIP Dilip Kumar: ট্ৰেজেডী কিং আৰু নাই... প্ৰধানমন্ত্ৰীয়ে অভিনেতাগৰাকীৰ মৃত্যুক চলচ্চিত্ৰ উদ্যোগৰ বাবে এক ডাঙৰ ক্ষতি বুলি অভিহিত কৰে, শোক প্ৰকাশ কৰে ৰাহুল গান্ধীয়েও...
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনেতাজনৰ মৃত্যু সন্দৰ্ভত টুইট কৰি কয়, "দিলীপ কুমাৰৰ প্ৰস্থান আমাৰ সাংস্কৃতিক জগতৰ বাবে ক্ষতি। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অসংখ্য অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিছো।'

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনেতাজনৰ মৃত্যু সন্দৰ্ভত টুইট কৰি কয়, "দিলীপ কুমাৰৰ প্ৰস্থান আমাৰ সাংস্কৃতিক জগতৰ বাবে ক্ষতি। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অসংখ্য অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিছো।'

  • Share this:
কিংবদন্তী অভিনেতা দিলীপ কুমাৰৰ (Dilip Kumar) দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত বুধবাৰে ৰাতিপুৱা মৃত্যু বৰণ কৰে। তেওঁৰ বয়স আছিল ৯৮ বছৰ। কুমাৰৰ চিকিৎসা কৰি থকা ডাঃ জলিল পাৰকাৰে কৈছিল যে দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে পুৱা ৭.৩০ বজাত তেওঁৰ মৃত্যু হয়। হিন্দী চলচ্চিত্ৰ উদ্যোগত ট্ৰেজেডী কিং হিচাপে জনাজাত দিলীপ কুমাৰক মঙলবাৰৰ পৰা হিন্দুজা চিকিৎসালয়ৰ নন-কোভিড আইচিইউত ভৰ্তি কৰোৱা হৈছিল। পাৰিবাৰিক বন্ধু ফৈজল ফাৰুকীয়ে অভিনেতাজনৰ টুইটাৰ হেণ্ডেলৰ পৰা মৃত্যুৰ কথা পোষ্ট কৰিছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনেতাজনৰ মৃত্যু সন্দৰ্ভত টুইট কৰি কয়, "দিলীপ কুমাৰৰ প্ৰস্থান আমাৰ সাংস্কৃতিক জগতৰ বাবে ক্ষতি। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অসংখ্য অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিছো।' প্ৰধানমন্ত্ৰীয়ে লিখিছিল যে দিলীপ কুমাৰজীক চিনেমা জগতৰ এজন মহান ব্যক্তি হিচাপে স্মৰণ কৰা হ'ব। তেওঁ অনন্য প্ৰতিভাৰে আশীৰ্বাদপ্ৰাপ্ত আছিল, যাৰ ফলত প্ৰজন্মই তেওঁক ভাল পাইছিল। তেওঁলোকৰ প্ৰস্থান আমাৰ সাংস্কৃতিক পৃথিৱীৰ বাবে ক্ষতি।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে টুইট কৰি কয়, "দিলীপ কুমাৰজীৰ পৰিয়াল, বন্ধু বৰ্গ আৰু অনুৰাগীসকললৈ মোৰ আন্তৰিক সমবেদনা। ভাৰতীয় চলচ্চিত্ৰলৈ তেওঁৰ অসাধাৰণ অৱদান আগলৈ প্ৰজন্মৰ বাবে স্মৰণীয় হৈ থাকিব
Published by: Kokil Sarma
First published: July 7, 2021, 9:09 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি