Bigg Boss 13ৰ বিজয়ী কোন? আওপকীয়াকৈ কৈ দিলে ছলমান খানে!

News18 Assam | News18-Assam
Updated:January 27, 2020, 12:57 PM IST
Bigg Boss 13ৰ বিজয়ী কোন? আওপকীয়াকৈ কৈ দিলে ছলমান খানে!
বিগ বছত ছলমান খান

বিগ বছ 13ৰ উইকেণ্ড কে ৱাৰত ছলমান খানে ঘৰৰ সদস্যসকলক আওপকীয়াকৈ বিজয়ীৰ নাম কৈ দিছে। 

  • Share this:
বিগ বছৰ অনুৰাগীসকলৰ মাজত এতিয়া এই বিষয়টোক লৈয়ে চৰ্চা। Bigg Boss 13ৰ হোষ্ট ছলমান খানে এক লাগজাৰী টাস্কৰ অচিলাত শ্ব’ৰ এজন সদস্যক বিজয়ী বুলি ধৰি ল’বলৈ কয়। ইয়াৰ ফলত বিগ বছৰ প্ৰতিযোগীসকলৰ মাজত মৃদু বু–বু–বা–বা হ’বলৈ ধৰে। কিন্তু ছলমান খানে ইমানেই ধুনীয়াকৈ এই ইংগিত দিয়ে যে সকলোৱে সদস্যজনক বিজয়ী মানি ল’বলৈ বাধ্য হয়।

দৰাচলতে লাগজাৰী টাস্ক নোহোৱাৰ কাৰণে বাজেট টাস্কৰ ভিতৰতে ছলমান খানে খেল খেলোৱাৰ সিদ্ধান্ত লয়। কনফেচন ৰূমত তেওঁ শ্বেহনাজ গীলক যাবলৈ কয়।

তেওঁক কিছু প্ৰশ্ন কৰাৰ কথা কোৱা হয়। যদিহে শ্বেহনাজ আৰু ঘৰৰ আনসকলৰ উত্তৰ একেই হয় তেনেহ’লে তেওঁলোকে লাগজাৰী বাজেটৰ সামগ্ৰী লাভ কৰিব।

প্ৰকৃততে এই উত্তৰসমূহ শ্বেহনাজৰ বিষয়ে আছিল, ছলমান খানে আনসকলৰ ওপৰত অভিযোগ আনি কয় যে ইমান সপ্তাহ পাৰ হোৱাৰ পিছতো তেওঁলোকে শ্বেহনাজক ভালকৈ চিনিব পৰা নাই। সেইকাৰণে কিছু প্ৰশ্নৰ উত্তৰ বিকল্পৰ সৈতে সোধা হ’ব। যদি ঘৰৰ ভিতৰত শ্বেহনাজ আৰু ঘৰৰ বাহিৰত আনসকলৰ উত্তৰ একেই হয় তেনেহ’লে তেওঁলোকে লাগজাৰী বাজেটৰ সামগ্ৰী পাব।

ইয়াৰ মাজতে ঘিঁউ, চকলেট আদিৰ প্ৰশ্ন সোধাৰ সময়ত ঘৰৰ সদস্যসকলৰ উত্তৰ আৰু কনফেশ্যন ৰূমৰ শ্বেহনাজৰ উত্তৰ মিলে। এইখিনিতে অন্যান্য প্ৰশ্নৰ মাজত ছলমানে পাক লগাই সোধে যে শ্বেহনাজ গীলে বিগ বছ13ৰ ফাইনেল যদি জিকে তেনেহ’লে তেওঁ কি কৰিব? 

বিগ বছত ছলমান খানে ঘৰৰ সদস্যসকলক ধৰি ল’বলৈ কয় যে, শ্বেহনাজ বিগ বছত জয়ী হৈছে। অৱশ্যে ইয়াৰ পিছতে তেওঁ সোধে যে বিগ বছত জয়ী হোৱাৰ পিছত শ্বেহনাজে সিদ্ধাৰ্থ শুক্লাৰ সৈতে ট্ৰফী শ্বেয়াৰ কৰিবনে? অসীমৰ সৈতে কৰিব নে ৰশ্মিৰ সৈতে হায়ৈ–বিয়ৈ কৰিব!
আৰু চাওক
পৰৱৰ্তী বাতৰি