পিঁয়াজৰ মালা পিন্ধা প্ৰশান্ত ফুকনৰ মন্তব্যঃ পিঁয়াজৰ দাম বাঢ়িছে কি হ’ল! আগতে দুটা পিঁয়াজ খাইছিল, এতিয়া এটা খাব

‘এটা সময়ত প্ৰতিবাদ কৰিছিলো মূল্য বৃদ্ধিক লৈ, ‘বিৰোধী দলত থাকিলে কৰিবই লাগিব’

News18-Assam
Updated:September 30, 2019, 4:53 PM IST
পিঁয়াজৰ মালা পিন্ধা প্ৰশান্ত ফুকনৰ মন্তব্যঃ পিঁয়াজৰ দাম বাঢ়িছে কি হ’ল! আগতে দুটা পিঁয়াজ খাইছিল, এতিয়া এটা খাব
‘এটা সময়ত প্ৰতিবাদ কৰিছিলো মূল্য বৃদ্ধিক লৈ, ‘বিৰোধী দলত থাকিলে কৰিবই লাগিব’
News18-Assam
Updated: September 30, 2019, 4:53 PM IST
তেতিয়া ৰাজ্যত কংগ্ৰেছ চৰকাৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে আকাশ চুইছিল!  মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈছিল তেতিয়াৰ বিৰোধী দল বিজেপি। ডিব্ৰুগড়ৰ বিধায়কজন আকৌ এখোপ চৰা। পিঁয়াজৰ মালা পিন্ধি ৰাজপথত গৰু গাড়ী চলাই কৰিছিল তীব্ৰ প্ৰতিবাদ।

কিন্তু এতিয়া সেয়া অতীত হ’ল। এতিয়া ৰাজ্যত বিজেপিৰ চৰকাৰ। আকৌ এবাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক। প্ৰতি কেজি পিঁয়াজৰ দাম এতিয়া চেঞ্চুৰীৰ দিশে আগবাঢ়িছে। কিন্তু এতিয়া ৰাজপথত পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদ মুখৰ হোৱা নাই বিজেপি দল কিম্বা বিধায়ক প্ৰশান্ত ফুকন। কাৰণ তেওঁলোক আছে এতিয়া ৰাজ্যৰ শাসনত!

‘সেইসময়ত বিৰোধী দলত আছিল কাৰণেহে বোলে ডিঙিত পিঁয়াজৰ মালা পিন্ধি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল বিধায়ক প্ৰশান্ত ফুকনে। বিৰোধী দলত থাকিলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবই লাগিব কাৰণেহে কৰিছিল প্ৰতিবাদ’– পিয়াঁজৰ মূল্য বৃদ্ধিক লৈ এতিয়া এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে  ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে।

প্ৰশান্ত ফুকনে কয় যে, পিঁয়াজৰ দাম কমাৰ দিনত মিডিয়াই নিউজ নকৰে। কিন্তু বাঢ়িছে বুলি শুনিলেই নিউজ কৰে। দাম কম থাকোতে ৰাইজে  দুটা পিয়াঁজ খাইছিল, এতিয়া এটা খাব।মই জুলীয়া পদাৰ্থ, মোক যি পাত্ৰতে থ’ব, তেনেকৈয়ে দেখিব।’

ৰাজ্যৰ আগন্তুক বিধানসভাৰ উপ নিৰ্বাচনলৈও নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক ফুকনে। তিনিটা সমষ্টিত বিজেপি দল জিকিব বুলি আত্ম বিশ্বাসী  বিধায়ক প্ৰশান্ত ফুকন।
আৰু চাওক পৰৱৰ্তী বাতৰি