ৰাজপথত ফলৰ চালাড বিক্ৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈ ডায়েনা নিগমবামৰ

পুৱতিনিশা ৩ বজাতে শোৱাপাটীৰ পৰা উঠি নিজৰ গন্তব্য স্থানত উপস্থিত হয় পুৱা প্ৰায় ৮ বজালৈকে ফ্ৰুট চালাড বিক্ৰী কৰে ডায়েনা নিগমবামে। নিজৰ খেলৰ খৰছ উলিয়াবলৈ প্ৰচুৰ সাধনা কৰিছে খেলুৱৈগৰাকীয়ে।

news18assam
Updated:April 30, 2019, 7:00 PM IST
ৰাজপথত ফলৰ চালাড বিক্ৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈ ডায়েনা নিগমবামৰ
টাইকোৱাণ্ডো খেলুৱৈ ডায়েনা নিগমবামৰ জীৱন সংগ্ৰাম
news18assam
Updated: April 30, 2019, 7:00 PM IST
নৰেন মেইটেইঃ চেষ্টা, সাধনা আৰু ঐকান্তিক প্ৰয়াসৰ উজ্জ্বল নিৰ্দশন এগৰাকী যুৱখেলুৱৈ। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে ৰাজপথত ফলৰ চাট বেছি খৰচ উলিয়াইছে এইগৰাকী বিশেষ খেলুৱৈয়ে। মণিপুৰৰ ৰাজধানী ইম্ফলৰ এক দৈনন্দিন দৃশ্যই তুলি ধৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈ ডায়েনা নিগমবামৰ জীৱন সংগ্ৰাম। কাউৰী পুৱাতে স্কুটী চলাই ইম্ফলৰ কাংলা পটত উপস্থিত হয় ডায়েনা।

মনত সপোন এটাই নিজৰ কেৰিয়াৰক আগুৱাই লৈ যাব লাগে। সেই উদ্দেশ্যৰে প্ৰতিদিনে পুৱাই চালাড বিক্ৰীৰ বাবে কাংলা পটলৈ ওলাই আহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈগৰাকী। পুৱতিনিশা ৩ বজাতে শোৱাপাটীৰ পৰা উঠি নিজৰ গন্তব্য স্থানত উপস্থিত হয় পুৱা প্ৰায় ৮ বজালৈকে ফ্ৰুট চালাড বিক্ৰী কৰে ডায়েনা নিগমবামে। প্ৰতিদিনে ৬০০ টকাৰ ফল কিনি ফ্ৰুট চালাড বনাই বিক্ৰী কৰে ডায়েনাই।

এই চালাড বিক্ৰী কৰিয়েই দৈনিক ৪০০ টকাকৈ উপাৰ্জন কৰে উদ্যমী খেলুৱৈগৰাকীয়ে। পুৱাৰ ভাগত চালাড বিক্ৰী কৰি পুনৰ বিয়লি ব্যস্ত হৈ যায় ষ্টেডিয়ামত খেলৰ অনুশীলনৰ বাবে। ইয়াৰ মাজতে হংকঙত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে অনুশীলন চলাই আছে ডায়েনা নিগমবামে। ডায়েনা নিগমবামৰ পিতৃ ছপাশালৰ কৰ্মচাৰী।

ডায়েনা নিগমবামৰ মাতৃয়ে বজাৰত দোকান দি জীৱিকা অৰ্জন কৰে। পিতৃ এন ইবুংগয়মা সিঙৰ প্ৰায়ে দেহা অসুস্থ হৈ থাকে বাবে ডায়েনা নিগমবামে নিজেই নিজৰ খৰচৰ বাট মোকলাই লৈছে। প্ৰাতঃভ্ৰমণলৈ অহা লোকে ডায়েনা নিগমবামৰপৰা ২০ টকীয়া এবাটি ফলৰ ফ্ৰুট চালাড খাই তৃপ্তি লাভ কৰে। খেলৰ চৰকাৰ অথবা আনৰ ওচৰত হাত পতাতকৈ নিজেই নিজৰ উপাৰ্জনৰ বাট মোকলাই লোৱা ২১ বছৰীয়া এই খেলুৱৈগৰাকী সকলোৰে বাবে আদৰ্শস্বৰূপ।
আৰু চাওক পৰৱৰ্তী বাতৰি