• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • যুৱচামৰ মাজত ডায়েবেটিক ৰেটিন’পেথী বৃদ্ধি পাইছে। ইয়াক নিয়ন্ত্ৰণ কৰাৰ উপায় কি?

যুৱচামৰ মাজত ডায়েবেটিক ৰেটিন’পেথী বৃদ্ধি পাইছে। ইয়াক নিয়ন্ত্ৰণ কৰাৰ উপায় কি?

etra Suraksha উদ্যোগৰ অনলাইন Diabetic Retinopathy Self Check Up ত অংশগ্ৰহণ কৰি আপোনাৰ চকুৰ অধিক যত্ন ল’বলৈ আৰম্ভ কৰক।

etra Suraksha উদ্যোগৰ অনলাইন Diabetic Retinopathy Self Check Up ত অংশগ্ৰহণ কৰি আপোনাৰ চকুৰ অধিক যত্ন ল’বলৈ আৰম্ভ কৰক।

etra Suraksha উদ্যোগৰ অনলাইন Diabetic Retinopathy Self Check Up ত অংশগ্ৰহণ কৰি আপোনাৰ চকুৰ অধিক যত্ন ল’বলৈ আৰম্ভ কৰক।

  • Share this:
আপুনি বাৰু জানেনে, ভাৰতৰ মহানগৰ আৰু চহৰত বাস কৰা লোকৰ ডায়েবেটিচ হোৱাৰ সম্ভাৱনা আগতকৈ বৃদ্ধি পাইছে? বিশ্ব জুৰি 1,110,100 গৰাকী 20 বছৰতকৈ কম বয়সৰ শিশু আৰু কিশোৰৰ টাইপ 1 ডায়েবেটিচ আছে বুলি ধাৰণা কৰা হৈছে।5 আধাতকৈ অধিক লোকৰ জীৱনৰ কোনো এক সময়ত ডায়েবেটিচ হোৱাৰ আশংকা বিদ্যমান1। এই কথাখিনি যিমান ভয়ংকৰ যেন লাগিলেও সঁচা।



বৰ্তমান সমগ্ৰ বিশ্বতে 537 নিযুত লোক ডায়েবেটিচত ভুগি আছে। ইয়াৰ ভিতৰত প্ৰায় 74 নিযুত ডায়েবেটিচৰ কেছ কেৱল ভাৰততে আছে আৰু বিশেষজ্ঞসকলে পৰৱৰ্তী দশকত যথেষ্ট বৃদ্ধি হ’ব বুলি অনুমান কৰিছে2। অস্বাস্থ্যকৰ খাদ্যাভ্যাস, মেদবহুলতা আৰু গতিহীন জীৱনশৈলীৰ বাবে ভাৰত ডায়েবেটিচ নামৰ মহামাৰীৰ কেন্দ্ৰবিন্দু হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।



টাইপ-1 ডায়েবেটিচ হৈছে এক স্ব-প্ৰতিৰোধযোগ্য (autoimmune) ৰোগ য'ত ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে অগ্ন্যাশয়ত ইনচুলিন প্ৰস্তুত কৰা কোষবিলাক ধ্বংস কৰি পেলায়, যাৰ ফলত জীয়াই থাকিবলৈ ইনচুলিন ব্যৱহাৰৰ প্ৰয়োজন হয়। "প্ৰাপ্তবয়স্ক-আৰম্ভণি" টাইপ-2 ডায়েবেটিচ হোৱাৰ কাৰণ হৈছে- যেতিয়া শৰীৰে বিপাকীয় কাৰণবশতঃ প্ৰস্তুত কৰা ইনচুলিন ব্যৱহাৰ কৰিব নোৱাৰে আৰু যাৰ ফলত অগ্ন্যাশয়ে অত্যধিক কাম কৰিবলৈ আৰু শেষত উৎপাদন বন্ধ কৰিবলৈ বাধ্য হয়। গৰ্ভৱতী মহিলাৰ কেতিয়াবা গৰ্ভাৱস্থাৰ ডায়েবেটিচ হ'ব পাৰে. যিটোৱে মাতৃ আৰু সন্তান দুয়োকে প্ৰভাৱিত কৰিব পাৰে5।



এক ভ্ৰান্ত ধাৰণা প্ৰচলিত যে এই ৰোগটো কেৱল "বৃদ্ধ" লোকৰ ক্ষেত্ৰত হে হয়। ডায়েবেটিচে সকলো বয়স, সম্প্ৰদায় আৰু মহাদেশকে প্ৰভাৱিত কৰিছে। টাইপ-2 ডায়েবেটিচে ভাৰতীয় যুৱচামকো নিৰ্মমভাৱে আঘাত কৰিছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ যুৱ ডায়েবেটিচ পঞ্জীয়নৰ তথ্যই দেখুৱায় যে ভাৰতত ডায়েবেটিচ থকা 25 বছৰৰ তলৰ প্ৰতি চাৰিজনৰ ভিতৰত এজনৰ (25.3%) প্ৰাপ্তবয়স্ক-আৰম্ভণি টাইপ-2 ডায়েবেটিচ আছে। টাইপ 2 ডায়েবেটিচ কেৱল আগৰে পৰাই ডায়েবেটিচ, মেদবহুলতা, অস্বাস্থ্যকৰ আহাৰ আৰু সক্ৰিয় জীৱনশৈলীৰ অভাৱ থকা পৰিয়ালত হে কেৱল বয়সস্থ প্ৰাপ্তবয়স্ক লোকক আঘাত কৰে বুলি ধাৰণা কৰা হয় 4। এইটো এটা চিন্তনীয় আৱিষ্কাৰ।



ডায়েবেটিচে বহুতো গুৰুতৰ স্বাস্থ্য সমস্যাৰ ক্ষেত্ৰত আপোনাৰ বিপদাশংকা বৃদ্ধি কৰে। বৃক্কৰ ৰোগকে ধৰি তলৰ হাত-ভৰি আৰু পতাৰ জটিলতা, স্নায়ুৰ অৱক্ষয়, মূত্ৰাশয়ৰ সমস্যালৈকে- ই কেইবাটাও অংগ প্ৰণালী5, বিশেষকৈ চকুৰ ক্ষতি কৰিব পাৰে। তেনে এক প্ৰচলিত, কিন্তু সম্পূৰ্ণৰূপে প্ৰতিৰোধযোগ্য জটিলতাবোৰৰ ভিতৰত এক হৈছে ডায়েবেটিক ৰেটিন’পেথী 5।



ডায়েবেটিক ৰেটিন’পেথী হৈছে ডায়েবেটিচ থকা লোকৰ ক্ষেত্ৰত দেখা পোৱা এক চকু সম্পৰ্কীয় জটিলতা। ই ৰেটিনা নামৰ চকুৰ সেই অংশক প্ৰভাৱিত কৰে যি পোহৰক ছবিলৈ প্ৰক্ৰিয়া কৰে। উচ্চ ৰক্ত শৰ্কৰাৰ স্তৰৰ ফলত চকুৰ ৰক্তনলীবোৰ ফাটিব পাৰে, ফুলি যাব পাৰে, বা ক্ষৰণ হ'ব পাৰে; সেয়েহে চকুৰ ক্ষতিসাধন হয়। প্ৰাৰম্ভিক পৰ্যায়ত ডায়েবেটিক ৰেটিন’পেথী লক্ষণহীন হৈ থাকিব পাৰে, কিন্তু অৱস্থাটো বেয়াৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে, অস্পষ্ট দৃষ্টিশক্তি জৰিয়তে ই পঢ়াত অসুবিধা সৃষ্টি কৰিব পাৰে। যদি সময়মতে ধৰা নপৰে, ইয়াৰ ফলত দৃষ্টিশক্তি স্থায়ীভাৱেও হেৰুৱাব পাৰে3। ই হৈছে এক প্ৰকাৰৰ অন্ধত্ব যিটো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিলে সম্পূৰ্ণৰূপে পৰিহাৰযোগ্য।



1980 আৰু 2008 চনৰ ভিতৰত বিশ্ব জুৰি সম্পন্ন কৰা 35 টা অধ্যয়নৰ বিশ্লেষণৰ ওপৰত ভিত্তিত, ৰেটিনাৰ ছবি ব্যৱহাৰ কৰি ডায়েবেটিচ থকা লোকৰ ক্ষেত্ৰত যিকোনো ডায়েবেটিক ৰেটিন’পেথীৰ সামগ্ৰিক প্ৰভাৱ 35% বুলি অনুমান কৰা হৈছিল, আৰু দৃষ্টিশক্তিৰ প্ৰতি ভাবুকি থকা ডায়েবেটিক ৰেটিন’পেথী 12% আছিল5।  ইয়াতে এটা মন কৰিবলগীয়া কথা হৈছে ই প্ৰিডায়েবেটিক লোককো প্ৰভাৱিত কৰিব পাৰে6!



তেন্তে ভাল খবৰ কিবা আছে নে? সঠিক চিকিৎসা আৰু পৰামৰ্শ অনুসৰি জীৱনশৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে, ডায়েবেটিচ থকা বহুলোকে জটিলতা প্ৰতিহত বা পলম কৰিবলৈ সক্ষম হয়। তাৰ লগতে Novartisৰ সহযোগত Network 18য়ে আগবঢ়াইছে 'Netra Suraksha' - India Against Diabetes initiative। এই উদ্যোগৰ উদ্দেশ্য হৈছে চিকিৎসা ক্ষেত্ৰৰ বিশেষজ্ঞ, চিন্তাবিদ আৰু নীতি নিৰ্মাতাসকলৰ সৈতে ঘূৰণীয়া মেজৰ আলোচনা অনুষ্ঠিত কৰি ডায়েবেটিক ৰেটিন’পেথী সম্পৰ্কে সজাগতা বৃদ্ধি কৰা। এই উদ্যোগটোৰ অংশ হিচাপে, Network18য়ে তথ্যপূৰ্ণ প্ৰবন্ধ প্ৰকাশৰ লগতে ব্যাখ্যাকাৰী ভিডিঅ'ও প্ৰকাশ কৰিব।



এয়া হৈছে পদক্ষেপ গ্ৰহণ কৰাৰ সময়। নিজকে আৰু আপোনাৰ প্ৰিয়জনক পৰীক্ষা কৰোৱাই আপোনাৰ কৰ্তব্য সমাপন কৰক। আপোনাৰ ৰক্ত শৰ্কৰাৰ স্তৰ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰি ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখিব পাৰে। নিয়মীয়াকৈ ব্যায়াম কৰক, যথোপযুক্ত পানীৰ পৰিমাণ গ্ৰহণ কৰক আৰু নিম্ন গ্লাইচেমিক সূচক থকা খাদ্য বাছনি কৰি আপোনাৰ কাৰ্ব আৰু চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰক। ডায়েবেটিচ প্ৰতিৰোধ কৰিব পাৰি, আৰু সোনকালে ধৰা পৰিলে কিছু ক্ষেত্ৰত আনকি ইয়াক উভতাবও পাৰি! সঠিক অভ্যাসসমূহত বিনিয়োগ কৰি নিজকে সৰ্বশ্ৰেষ্ঠ সুযোগ দিয়ক- নিয়মীয়াকৈ চকুৰ স্ক্ৰীণিং, স্বাস্থ্যকৰ আহাৰ, নিয়মীয়া ব্যায়াম আৰু চাপ হ্ৰাস কৰিবলৈ এক স্ব-যত্নৰ ৰুটিন প্ৰস্তুত কৰি লওক।



যেতিয়া ডায়েবেটিক ৰেটিন’পেথীৰ কথা আহি পৰে, প্ৰতিৰোধেই হৈছে মুখ্য উপায়। সেয়েহে, প্ৰতি বছৰে আপোনাৰ চকু পৰীক্ষা কৰাওক- আনকি আপোনাৰ ডায়েবেটিচ নাথাকিলেও! এই পৰীক্ষাটো বিষহীন আৰু দ্ৰুত। Netra Suraksha উদ্যোগৰ অনলাইন Diabetic Retinopathy Self Check Up ত অংশগ্ৰহণ কৰি আপোনাৰ চকুৰ অধিক যত্ন ল’বলৈ আৰম্ভ কৰক।



Netra Suraksha initiativeৰ বিষয়ে অধিক জানিবৰ বাবে News18.com অনুসৰণ কৰক, আৰু একবিংশ শতিকাৰ দ্ৰুততম স্বাস্থ্যৰ প্ৰতি জৰুৰীকালীন ভাবুকি সৃষ্টি কৰা ৰোগ “ডায়েবেটিচ”ৰ বিৰুদ্ধে এই যুঁজত অংশগ্ৰহণ কৰক।



Sources:

  1. https://www.medicalnewstoday.com/articles/diabetes-in-india 10 Dec, 2021.

  2. IDF Atlas, International Diabetes Federation, 10th edition, 2021

  3. https://www.nei.nih.gov/learn-about-eye-health/eye-conditions-and-diseases/diabetic-retinopathy 10 Dec, 2021.

  4. https://www.hindustantimes.com/health/world-diabetes-day-one-in-every-four-of-india-s-youth-suffer-from-the-deadlier-type-2/story-LP4ugRJ5qqLNITYg24xCbO.html 10 Dec, 2021.

  5. IDF Atlas, International Diabetes Federation, 9th edition, 2019

  6. https://www.diabetesincontrol.com/retinopathy-occurs-sooner-in-prediabetes/ 10 Dec, 2021.

First published: