মহেন্দ্ৰ সিং ধোনী (Mahendra Singh Dhoni ) । ২২ গজৰ পিটছত বলাৰৰ বাবে সন্ত্ৰাসস্বৰূপ হৈ পৰা ধোনীৰ যেন পূৰ্বৰ সেই বেটিং বিক্ৰম হ্ৰাস পাইছে । কাৰণ এই কথা প্ৰমাণ হৈছে ২০২০ আৰু ২০২১ চনৰ আইপিএলৰ খেলসমূহত ।
বিশেষকৈ কলকাতা নাইট ৰাইডাৰ্ছ KKR)ৰ এজন স্পীনাৰে বাৰুকৈয়ে বিপদত পেলাইছে চেন্নাই চুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীক । এসময়ৰ দুধৰ্ষ বেটছমেনজন বাৰে বাৰে ক্লিন ব'ল্ড হৈছে বৰুণ চক্ৰৱৰ্তী (arun Chakravarthy) নামৰ নৱাগত স্পীনাৰজনৰ বলত । যেন ধোনীক আগৰ সেই দুৰন্ত ফৰ্মত দেখা পোৱাৰ আশা ক্ষীণ হৈ পৰিছে অনুৰাগীসকলৰ বাবে ।
২০২০ চনত ধোনীয়ে এইজন বলাৰৰ এটা অভাৰত বাউণ্ডেৰী সহ ৯ ৰাণ সংগ্ৰহ কৰাৰ পিছতে ধোনীক ক্লিন ব'ল্ড কৰি পেভিলিয়নৰ বাট দেখুৱাইছিল বৰুণ চক্ৰৱৰ্তী নামৰ এই যুৱ খেলুৱৈজনে । সেয়াই যেন আছিল আৰম্ভণি। এতিয়ালৈকে তিনিবাৰ ধোনীক আউট কৰিছে এইজন যুৱ স্পীনাৰে । চলিত চিজনত মাথো ১ ৰাণতে বৰুণ চক্ৰৱৰ্তীৰ বলত আউট হৈছে ধোনী । বহু বিশ্বত্ৰাস বলাৰক ত্ৰাহি মধূসুধন সুৱৰিবলৈ বাধ্য কৰা ধোনীয়ে এইগৰাকী যুৱ বলাৰৰ ওচৰত কিয় বাৰে বাৰে হাৰ মানিছে ক্ৰিকেট অনুৰাগীৰ বাবে সেয়া হৈ পৰিছে চৰ্চাৰ বিষয় ।
Published by: Manjumoni Borah
FIRST PUBLISHED : September 26, 2021, 23:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।