২০২৩ৰ বিশ্বকাপৰ পিছতে অৱসৰ ল’ব নে কি ধোনীয়ে?

News18
Updated:May 27, 2019, 5:16 PM IST
২০২৩ৰ বিশ্বকাপৰ পিছতে অৱসৰ ল’ব নে কি ধোনীয়ে?
ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে ৪০বছৰ বয়সত ক্ৰিকেটৰ পৰা সন্যাস লৈছিল।

ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে ৪০বছৰ বয়সত ক্ৰিকেটৰ পৰা সন্যাস লৈছিল।

  • News18
  • Last Updated: May 27, 2019, 5:16 PM IST
  • Share this:
ICC ক্ৰিকেট বিশ্বকাপ আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এনেকুৱাতে নিউজীলেণ্ডৰ বেটিং লাইন আপৰ গুৰুত্বপূৰ্ণ সদস্য ৰছ টেইলৰে চাৰি বছৰ পিছত বিশ্ব কাপত আকৌ এবাৰ খেলাৰ সম্ভাৱনা অস্বীকাৰ কৰা নাই। তেওঁ কয় যে ক্ৰিকেটত খেলুৱৈৰ কাৰণে আটাইতকৈ ডাঙৰ বিষয় হৈছে ফিটনেছ। এনেকুৱাত যদি তেওঁৰ ফিটনেছ অক্ষুণ্ণ থাকে তেনেহ’ল ভাৰতত হ’বলগীয়া ২০২৩চনৰ বিশ্ব কাপত তেওঁ খেলিবও পাৰে।

ফাইল ফটোঃৰছ টেইলৰ


গেইলৰ পৰা প্ৰভাৱিত

চৰ্চা চলিছে যে হয়তো এয়া টেইলৰৰ অন্তিমখন বিশ্বকাপ টুৰ্ণামেণ্ট হ’ব পাৰে। কিন্তু ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ ক্ৰীছ গেইলৰ পৰা প্ৰভাৱান্বিত ৰছ টেইলৰে মন্তব্য কৰিছে যে যদি শৰীৰৰ ফিটনেছ থাকে তেনেহ’লে তেওঁ আৰু এখন বিশ্বকাপৰ টুৰ্ণামেণ্ট খেলিবলৈ সাজু। তেওঁ গেইলৰ পৰা প্ৰভাৱান্বিত আৰু বয়সক এক সংখ্যা হিচাপে গ্ৰহণ কৰিছে। এতিয়াও টেইলৰে ছয় কোবাই ফিল্ডত সজোৰে দৌৰিবলৈ সক্ষম।

ফাইল ফটোঃক্ৰীছ গেইল


৩৯ বছৰ বয়সত খেলি আছে গেইলে

নিজৰ চতুৰ্থ বিশ্বকাপ টুৰ্ণামেণ্ট খেলিব টেইলৰে। তেওঁ আইচিচিৰ ৱেবছাইটৰ সৈতে কথা পাতি কয়, মই ৩৫বছৰীয়া কিন্তু আপুনি অনুমান কৰিব নোৱাৰে আগলৈ কি হ’বলৈ গৈ আছে। ক্ৰিছ গেইল হয়তো প্ৰেৰণা হ’ব পাৰে। তেওঁ এইবাৰ বিশ্বকাপত ৩৯বছৰীয়া আৰু অহাবাৰ বিশ্বকাপত মইও ৩৯বছৰীয়া হে হ’ম গতিকে এয়া ইমান কঠিন নহয়।

২০২৩ৰ বিশ্বকাপ ধোনীয়েও খেলিব পাৰে

টীম ইণ্ডিয়াৰ কাষতো এনে খেলুৱৈ আছে যি ৩৫বছৰৰ সীমা অতিক্ৰম কৰিছে, বিশ্বকাপত দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সদস্য ধোনীৰ বয়সো ৩৭বছৰ। তেওঁৰ সমান ফিটনেছ বহুত যুৱ খেলুৱৈৰ মাজতে দেখিবলৈ পোৱা নাযায়। এনেকুৱাত ধোনীৰ অনুৰাগীসকলৰ আশা যদিহে ২০২৩লৈকে ফিটনেছ ধোনীয়ে ধৰি ৰাখে তেওঁ হয়তো সেই টুৰ্ণামেণ্ট অনায়াসে খেলিবলৈ সক্ষম হ’ব।

শচীনে ৪০বছৰ বয়সলৈ খেলিছিল

ক্ৰিকেটৰ পৃথিৱীৰ ভগৱান শচীন তেণ্ডুলকাৰে ৪০বছৰ বয়সলৈ খেল খেলিছিল। অৱশ্যে ২০২৩চনৰ বিশ্বকাপলৈ ধোনী ৪১বছৰৰ হৈ যাব। ধোনীয়ে IPLত কেবাবাৰো প্ৰমাণ কৰিছে যে বয়স আৰু খেল দুয়োটাৰ মাজত সন্তুলন থাকিলে যিকোনো খেলুৱৈয়ে উন্নত প্ৰদৰ্শন কৰিব পাৰে। হয়তো অহা পাঁচ বছৰৰ পিছত ধোনীৰ ক্ষেত্ৰতো ফিটনেছে সংগ দিলে তেওঁক আমি সেই বিশ্বকাপত ফিল্ডত দেখা পাম।
আৰু চাওক
পৰৱৰ্তী বাতৰি