IPL 2021: ভাইৰেল হৈ পৰিল ধোনী-কোহলীৰ ‘পুনৰমিলন’ৰ ফটো, অনুৰাগীসকলে লাভ কৰিলে আমোদজনক খেল প্ৰদৰ্শন
দেওবাৰে টেবুল-টপাৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে বহু প্ৰতীক্ষিত যুঁজৰ বাবে শক্তিশালী চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হয়।
দেওবাৰে টেবুল-টপাৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে বহু প্ৰতীক্ষিত যুঁজৰ বাবে শক্তিশালী চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হয়।
- News18 Assam
- Last Updated: April 26, 2021, 6:44 PM IST
ইফালে, অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ দুৰ্দান্ত খেল প্ৰদৰ্শনে চেন্নাই ছুপাৰ কিংছক টেবুল-টপাৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। জাদেজাৰ প্ৰশংসনীয় খেলৰ বাবে আৰচিবিয়ে ছিজনৰ প্ৰথমটো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। চেন্নাই ছুপাৰ কিংছে খেলখন ৬৯ ৰাণত জিকিছিল।
The love and respect for both of them is un-parallel : Virat Kohli + MS Dhoni. pic.twitter.com/ggQDbrgb5K
— Bhawana (@bhawnakohli5) April 25, 2021
নিৰ্ধাৰিত ১৯২ ৰাণৰ লক্ষত উপনীত হ’বলৈ অক্ষম হোৱা বিৰাট কোহলীৰ আৰচিবিয়ে ৯টা উইকেট হেৰুৱাই মাত্ৰ ১২২ ৰান সংগ্ৰহ কৰে। ৰবীন্দ্ৰ জাদেজাৰ নেতৃত্বত CSKৰ বলাৰসকলে RCBৰ বেটিং লাইন-আপ দুৰ্বল কৰি তোলে। জাদেজা বলাৰসকলৰ শীৰ্ষত আছিল কিয়নো তেওঁ তেওঁৰ নিৰ্ধাৰিত চাৰি অভাৰত মাত্ৰ ১৩ ৰানৰ বিনিময়ত তিনিটা উইকেট দখল কৰিছিল। তেওঁ এটা ৰান আউটৰ সৈতেও জড়িত আছিল যিয়ে ডেন ক্ৰিষ্টিয়ানক পেভিলিয়নলৈ ঘূৰাই পঠিয়ায়। অপেনাৰ ঋতুৰাজ গায়কোৱাডৰ ৩৩ ৰান আৰু ফাফ ডুপ্লেচিৰ ৫০ ৰানৰ সহায়ত চেন্নাই ছুপাৰ কিংছে এক দৃঢ় আৰম্ভণি লাভ কৰিছিল আৰু অপেনিং যুটীটোৱে ৭৪ ৰানৰ অৱদান আগবঢ়ায়। জাদেজাই চেন্নাই ছুপাৰ কিংছৰ (CSK) ইনিংছৰ অন্তিম অভাৰত ৩৭ ৰান সংগ্ৰহ কৰি দেওবাৰে ৱানখেৰে ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (IPL) ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ (RCB) বিৰুদ্ধে ১৯১/৪ ৰানলৈ লৈ যায়। RCBৰ ফিল্ডাৰসকলে জাদেজাৰ উন্নত খেল প্ৰদৰ্শনৰ কেৱল দৰ্শক হ’বলগীয়া হয় কিয়নো বাওঁহতীয়া খেলুৱৈজনে দলৰ হৈ ২৮ টা বলত অপৰাজিত ৬২ ৰাণ কৰে।












