আপুনি তেওঁলোকক বহু সময়ত টীম ইণ্ডিয়াৰ বাবে ড্ৰেছিং ৰুম শ্বেয়াৰ কৰা দেখিছে। কিন্তু আইপিএল ২০২১ (IPL 2021)ত ইজনে সিজনৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত বিৰাট কোহলী (Virat Kohli)ৰ সৈতে একেটা ফ্ৰেমত মহেন্দ্ৰ সিং ধোনী (Mahendra Singh Dhoni)ক দেখাটোৱে ভাৰতৰ অনুগত ক্ৰিকেট অনুৰাগীসকলৰ মুখত আটাইতকৈ ডাঙৰ হাঁহি আনিছিল। দেওবাৰে টেবুল-টপাৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে বহু প্ৰতীক্ষিত যুঁজৰ বাবে শক্তিশালী চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হয়। খেলখনৰ দুই কিংবদন্তি ধোনী আৰু কোহলীক টছৰ সময়ত একেলগে ফটো তোলা হৈছিল যিটো মাহীয়ে জিকিছিল আৰু প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰিত হৈছিল। অনুৰাগীসকলৰ দ্বাৰা "পুনৰ্মিলন" বুলি অভিহিত কৰা, আই পি এলৰ অধিনায়কসকলে ইজনে সিজনৰ সৈতে কেইটামান শব্দ বিনিময় কৰাৰ ফটো টুইটাৰত ভাইৰেল হৈ পৰিছিল।
ইফালে, অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ দুৰ্দান্ত খেল প্ৰদৰ্শনে চেন্নাই ছুপাৰ কিংছক টেবুল-টপাৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। জাদেজাৰ প্ৰশংসনীয় খেলৰ বাবে আৰচিবিয়ে ছিজনৰ প্ৰথমটো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। চেন্নাই ছুপাৰ কিংছে খেলখন ৬৯ ৰাণত জিকিছিল।
নিৰ্ধাৰিত ১৯২ ৰাণৰ লক্ষত উপনীত হ’বলৈ অক্ষম হোৱা বিৰাট কোহলীৰ আৰচিবিয়ে ৯টা উইকেট হেৰুৱাই মাত্ৰ ১২২ ৰান সংগ্ৰহ কৰে। ৰবীন্দ্ৰ জাদেজাৰ নেতৃত্বত CSKৰ বলাৰসকলে RCBৰ বেটিং লাইন-আপ দুৰ্বল কৰি তোলে। জাদেজা বলাৰসকলৰ শীৰ্ষত আছিল কিয়নো তেওঁ তেওঁৰ নিৰ্ধাৰিত চাৰি অভাৰত মাত্ৰ ১৩ ৰানৰ বিনিময়ত তিনিটা উইকেট দখল কৰিছিল। তেওঁ এটা ৰান আউটৰ সৈতেও জড়িত আছিল যিয়ে ডেন ক্ৰিষ্টিয়ানক পেভিলিয়নলৈ ঘূৰাই পঠিয়ায়। অপেনাৰ ঋতুৰাজ গায়কোৱাডৰ ৩৩ ৰান আৰু ফাফ ডুপ্লেচিৰ ৫০ ৰানৰ সহায়ত চেন্নাই ছুপাৰ কিংছে এক দৃঢ় আৰম্ভণি লাভ কৰিছিল আৰু অপেনিং যুটীটোৱে ৭৪ ৰানৰ অৱদান আগবঢ়ায়। জাদেজাই চেন্নাই ছুপাৰ কিংছৰ (CSK) ইনিংছৰ অন্তিম অভাৰত ৩৭ ৰান সংগ্ৰহ কৰি দেওবাৰে ৱানখেৰে ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (IPL) ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ (RCB) বিৰুদ্ধে ১৯১/৪ ৰানলৈ লৈ যায়। RCBৰ ফিল্ডাৰসকলে জাদেজাৰ উন্নত খেল প্ৰদৰ্শনৰ কেৱল দৰ্শক হ’বলগীয়া হয় কিয়নো বাওঁহতীয়া খেলুৱৈজনে দলৰ হৈ ২৮ টা বলত অপৰাজিত ৬২ ৰাণ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|