এজনে নোৱাৰা কাম লগেভাগে কৰিলে গধুৰ বোজাও বলে পাৰি ৷ কেইজনমান বন্ধুৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এখন লেয়াৰ ফাৰ্মে হাহি বিৰিঙাইছে ধেমাজিৰ কেইজনমান উদ্যমী যুৱকৰ মুখত। মৃদুপৱন, মনোজ, সুৰজিত, নয়নজিতকে ধৰি আন তিনি বন্ধুৰ মুখত ৷ মিনি লকডাউনে প্ৰভাৱিত কৰিব পৰা নাই যুৱক কেইজনৰ প্ৰচেষ্টাত ৷
বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ধেমাজি সদৰৰ সমীপৰ গোহাঁই গাঁৱ পঞ্চায়তৰ গোসাঁইবাৰী গাঁৱত ড’কচেফ নামেৰে ধেমাজি জৈৱিক কৃষি আৰু আৰ্থ-সামাজিক বিকাশ মঞ্চৰ জৰিয়তে লেয়াৰ ফাৰ্মৰ আৰম্ভণি কৰিছিল ৷ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা দুই হাজাৰ লেয়াৰ থকা ফাৰ্মখনত দৈনিক এতিয়া উৎপাদন হৈছে ১৭০০ৰ পৰা ১৮০০লৈ কণী ৷
ড’কচেফত উৎপাদিত কণীয়ে ধেমাজিৰ বজাৰত গ্ৰাহকৰ মাজত কম দিনৰ ভিতৰতে সমাদৃত হৈ পৰিছে ৷ উল্লেখ্য যে প্ৰতি সপ্তাহত তিনি লাখ কণী তথা একমাহত বাৰ লক্ষাধিক কণীৰ চাহিদা থকা জিলাখনত ঘৰুৱাভাৱে উৎপাদন কৰি ধেমাজি ৰাইজক কণী যোগান ধৰিবলৈ সক্ষম হৈছে ড’কচেফে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|