সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে Electricity Act সংশোধন কৰাৰ কথা ঘোষণা কৰে
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সমগ্ৰ দেশতে বিদ্যুৎ বিতৰণক লৈ এক বিশেষ মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ মন্তব্যত কয় যে, অতি সোনকালে ‘Electricity Act’ সংশোধন কৰা হ’ব। বৰ্তমান এই বিষয়ত প্ৰাৰম্ভিক কাম–কাজ আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদি কেন্দ্ৰীয় চৰকাৰে এই নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰে তেন্তে দেশৰ সকলো ঠাইতে বিদ্যুৎৰ দাম সমান হ’ব।
ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, Electricity Act ২০০৩ সংশোধন কৰাৰ হ’ব। কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ ওপৰত এতিয়া চিন্তা চৰ্চা কৰিছে যে, সমগ্ৰ দেশতে বিদ্যুৎৰ মূল্য একেই কৰা হ’ব। যদি কেন্দ্ৰীয় চৰকাৰে এই ব্যৱস্থা প্ৰৱৰ্তন কৰে তেন্তে সকলো ৰাজ্যতে একেই হৈ পৰিব বিদ্যুৎৰ দাম।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|