• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Dhanteras : আহি আছে ধনতেৰাছ, মাত্ৰ ৫ টকাৰে ধনৰ দেৱতাক সন্তুষ্ট কৰাৰ চাৰিটা নিয়ম জানি লওক

Dhanteras : আহি আছে ধনতেৰাছ, মাত্ৰ ৫ টকাৰে ধনৰ দেৱতাক সন্তুষ্ট কৰাৰ চাৰিটা নিয়ম জানি লওক

ধৰ্মীয় বিশ্বাস অনুসৰি ধনতেৰাছৰ দিনটোতে ভগৱান ধনন্তৰীৰ জন্ম হৈছিল। সেয়ে গহনা, বাচন-বৰ্তন, বাহন আদি ক্ৰয় কৰাটো এই দিনটোত শুভ ৰূপে গণ্য হৈ আহিছে।

  • Share this:
দীপাৱলী উৎসৱ দেশৰ প্ৰতিটো কোণতে উদযাপন কৰা হয়। পোহৰেৰে ভৰা এই উৎসৱটো আৰম্ভণিৰে পৰা সনাতন ধৰ্মৰ বাবে বিশেষ আছিল। সনাতন ধৰ্মত এই উৎসৱ আৰম্ভণিৰ পৰাই বিশেষ গুৰুত্বৰে উদযাপন কৰা হয়। দীপাৱলী পাঁচ দিনৰ এক বিশেষ উৎসৱ। ধন ত্ৰয়োদশী বা ধনতেৰাছৰ সৈতে দীপাৱালী আৰম্ভ হয়। সেয়ে ধনতেৰাছ এই উৎসৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন।

ধনতেৰাছৰ এই উৎসৱটো কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীত প্ৰতিটো ঘৰত ধুমধামেৰে উদযাপন কৰা হয়। ধনতেৰাছক সম্পদ, সমৃদ্ধি আৰু গৌৰৱৰ প্ৰতীক বুলি গণ্য কৰা হয়।

ধৰ্মীয় বিশ্বাস অনুসৰি ধনতেৰাছৰ দিনটোতে ভগৱান ধনন্তৰীৰ জন্ম হৈছিল। সেয়ে গহনা, বাচন-বৰ্তন, বাহন আদি ক্ৰয় কৰাটো এই দিনটোত শুভ ৰূপে গণ্য হৈ আহিছে।

অতি কম ধন ব্যয় কৰিও ধনন্তৰীক সন্তুষ্ট কৰাৰ উপায়

ধনিয়া গুটি
ধনতেৰাছৰ দিনা যিকোনো দোকানৰ পৰা মাত্ৰ ৫ টকাত ধনিয়া গুটি কিনি লওক আৰু তাৰ পিছত ইয়াক লক্ষ্মী আৰু ভগৱান ধনন্তৰীৰ সন্মুখত ৰাখক। এনেদৰে আৰাধ্য দেৱতাক স্মৰণ কৰি ধনিয়াখিনি মাটিত পুতি দিয়ক। কেৱল সেয়াই নহয়, ৰঙা কাপোৰত অলপ ধনিয়া বান্ধি আপোনাৰ সুৰক্ষিত স্থানত ৰাখক। এনে কৰিলে জীৱনত সুখী হয় বুলি কোৱা হয়।

চাকি জ্বলাওক
যদি আপুনি কোনো ধৰণৰ আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে আৰু নিজকে ঋণৰ পৰা সকাহ দিব বিচাৰে, ধনতেৰাছৰ দিনা ৫ টকাৰ চাকি এটা কিনি ঘৰৰ বাহিৰত জ্বলাই দিয়ক। এই কামেৰে সকলো আকাংক্ষা পূৰণ হ'ব বুলি ধৰ্মীয় বিশ্বাস আছে।

লক্ষ্মীদেৱীলৈ ভোগ অৰ্পণ
হিন্দু ধৰ্মৰ সকলো শুভ কামত চন্দেশক ভোগ হিচাপে ব্যৱহাৰ কৰা হয়। মিঠা বস্তু লক্ষ্মীৰ এনেই প্ৰিয়। ৫ টকাৰ চন্দেশ ভোগ ৰূপে দি আপু উপাসনা কৰিব পাৰে। এইটোৰপে আপোনালৈ লক্ষ্মীদেৱীৰ কৃপা উপজিব।

চন্দুক বা ধন থোৱা ঠাইত ফেঁচাৰ ছবি ৰাখক
দেৱী লক্ষ্মীৰ বাহন ফেঁচাই নেতিবাচক শক্তি ধ্বংস কৰে। ধনতেৰাছৰ দিনা ফেঁচাৰ এখন ফটো এনে ঠাইত ৰাখক, য'ত আপুনি ঘৰত টকা থয়। ই ধনৰ প্ৰবাহ বৃদ্ধি কৰে আৰু ঘৰলৈ আশীৰ্বাদ আনে।
Published by:Sanjay Kumar Das
First published: