চাহালে চলিত IPLত প্ৰথমটো উইকেট লোৱাৰ লগে লগে পত্নী ধনশ্ৰীৰ দুচকুৰে নিগৰিল অশ্ৰু!
KKRৰ বিৰুদ্ধে খেলত চাহালে প্ৰথমটো উইকেট লোৱাৰ লগে লগে তেওঁৰ পত্নী ধনশ্ৰী বাৰ্মাৰ দুচকুৰে আনন্দৰ চকুপানী ওলোৱা পৰিলক্ষিত হয়।
KKRৰ বিৰুদ্ধে খেলত চাহালে প্ৰথমটো উইকেট লোৱাৰ লগে লগে তেওঁৰ পত্নী ধনশ্ৰী বাৰ্মাৰ দুচকুৰে আনন্দৰ চকুপানী ওলোৱা পৰিলক্ষিত হয়।
- News18 Assam
- Last Updated: April 19, 2021, 9:25 AM IST
প্ৰতিযোগিতাখনৰ এই ছিজনত আৰচিবিৰ প্লেয়িং ইলেভেনৰ অংশ হোৱা স্পীনাৰ চাহালে এই খেলখনৰ পূৰ্বে দুয়োখন মেচতে উইকেট লাভ কৰিবলৈ ব্যৰ্থ হৈছিল। কিন্তু চাহালে কেকেআৰৰ বিৰুদ্ধে ছিজনৰ তৃতীয়খন মেচত দুটা উইকেট দখল কৰে। খেলখনৰ সময়ত চাহালে প্ৰথমটো উইকেট লোৱাৰ লগে লগে তেওঁৰ পত্নী ধনশ্ৰী বাৰ্মাৰ দুচকুৰে আনন্দৰ চকুপানী ওলোৱা পৰিলক্ষিত হয়।
মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলা মেচবোৰত যুজবেন্দ্ৰ চাহালে এটাও উইকেট লাভ কৰা নাছিল আৰু এই দুয়োখন খেলতে তেওঁ বলিঙেৰে বিশেষ প্ৰভাৱ দেখুৱাবলৈ সক্ষম হোৱা নাছিল । চাহালে দেওবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰে। তেওঁৰ চাৰি অভাৰৰ স্পেলত, তেওঁ নীতিশ ৰাণা আৰু দিনেশ কাৰ্তিকৰ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। তেওঁ প্ৰতি অভাৰত ৮.৫০ ৰান গড়ে ৩৪ ৰাণ দিছিল।












