JNUৰ হিংসাত চকুপানী টুকিলে শ্বাৰা ভাস্কৰে, ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰকাশ কৰিছে ঘটনাৰ প্ৰকৃত ৰহস্য!

News18 Assam | News18-Assam
Updated:January 6, 2020, 1:09 PM IST
JNUৰ হিংসাত চকুপানী টুকিলে শ্বাৰা ভাস্কৰে, ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰকাশ কৰিছে ঘটনাৰ প্ৰকৃত ৰহস্য!
শ্বাৰাই কংগ্ৰেছ নেতা ৰাহুল গান্ধী,দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ টুইটত ৰিপ্লাই দি তেওঁলোকক JNUলৈ যাবলৈ অনুৰোধ জনায়

শ্বাৰাই কংগ্ৰেছ নেতা ৰাহুল গান্ধী,দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ টুইটত ৰিপ্লাই দি তেওঁলোকক JNUলৈ যাবলৈ অনুৰোধ জনায়

  • Share this:
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত দেওবাৰে সন্ধিয়া সংঘটিত হয় ব্যাপক হিংসাত্মক ঘটনা। মুখত ক’লা কাপোৰ বান্ধি হাতে হাতে লাঠি লৈ গুণ্ডা বাহিনীৰ দল প্ৰৱেশ কৰি প্ৰহাৰ কৰে ছাত্ৰ–ছাত্ৰীক। সাবৰমতী হোষ্টেলৰ লগতে কেইবাটাও বিল্ডিঙত উদ্ভণ্ডালি চলায় গুণ্ডাবাহিনীৰ দলটোৱে। লোহাৰ ৰডেৰে ছাত্ৰ–ছাত্ৰীৰ লগতে শিক্ষককো প্ৰহাৰ কৰে। এই ঘটনাত আহত হৈছে ২০জনৰো অধিক। আটাইকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে বলীউদৰ অভিনেত্ৰী শ্বাৰা ভাস্কৰ টুইটাৰত সক্ৰিয় হৈ পৰিছে।

বলীউদৰ অভিনেত্ৰী শ্বাৰা ভাস্কৰে সমগ্ৰ ঘটনা সন্দৰ্ভত এটা ভিডিঅ’ শ্বেয়াৰ কৰে। দৰাচলতে শ্বাৰাৰ পিতৃ–মাতৃ থাকে JNUৰ চৌহদতে। ভিডিঅ’ শ্বেয়াৰ কৰি শ্বেৰাই ঘটনাত ABVPৰ সদস্য জড়িত থকাৰ সন্দেহ ব্যক্ত কৰে।

শ্বাৰাই টুইটাৰত কয় যে, ‘সকলো দিল্লীবাসী, বাবা গংগানাথ মাৰ্গত থকা JNU কেম্পাছলৈ আহক যাতে, চৰকাৰ আৰু দিল্লী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উচিত বিচাৰ কৰিবলৈ বাধ্য হয়। আৰু ABVPৰ মাস্ক পৰিধান কৰা গুন্দাক বিশ্ববিদ্যালয়ৰ চৌহদত আতংক সৃষ্টি কৰাত বাধা দিব পাৰে।’


আৰু চাওক
পৰৱৰ্তী বাতৰি