এতিয়াৰ পৰা স্বামীৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব নালাগে পত্নী! স্বামীৰ উপাৰ্জনৰ এটা অংশ নিজৰ ব্যক্তিগত খৰছৰ বাবে লাভ কৰিব পত্নীয়ে।এই সম্পৰ্কে দিল্লী উচ্চতম ন্যায়ালয়ে দিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। স্বামীৰ দৰমহাৰ ৩০ শতাংশ ভাট্টা ৰূপে লাভ কৰিব পত্নীয়ে। এগৰকী মহিলাৰ আবেদনৰ ওপৰত ভিত্তি কৰি ন্যায়লয়ে দিছে এই নিৰ্দেশনা।
আবেদন কৰা মহিলাগৰাকীৰ বিবাহ ২০০৬ চনৰ ৭ মে’ত এগৰকী CISF ইঞ্চপেক্টৰৰ লগত হৈছিল। কিন্তু সেই বৰ্ষৰে ১৫ অক্টোবৰ তাৰিখে দুয়োৰে মাজত বিবাহ বিচ্ছেদ হয়, পিছত মহিলাগৰকীয়ে নিজৰ ভৰণ পোষণৰ বাবে নিজৰ স্বামীৰ উপাৰ্জনৰ অংশ বিচাৰি আদালতত আবেদন কৰিছিল। আবেদনৰ ভিত্তিত অদালতে মহিলাগৰাকীৰ স্বামীক নিজৰ উপাৰ্জনৰ ৩০ শতাংশ ভাত্তা ৰূপে মহিলাগৰকীক দিবলৈ নিৰ্দেশ দিয়ে।
![]()
কিন্তু পিছত আদালতৰ এই সিদ্ধান্তত আপত্তি দৰ্শাই মহিলাগৰকীৰ স্বামীয়ে। পিছত আদালতে নিজৰ সিদ্ধান্ত সলনি কৰি ৩০ শতাংশৰ ঠাইত মহিলাগৰকীক দিবলগীয়া ভাত্তা ১৫ শতাংশলৈ হ্ৰাস কৰে। কিন্তু আদালতৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই মহিলাগৰকীয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয়। দিল্লী উচ্চতম ন্যায়ালয়ে মহিলাগৰকীৰ আবেদনৰ ভিত্তিত পুনৰ এই ভাত্তা ৩০ শতাংশলৈ বৃদ্ধি কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|