• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Liquor Home Delivery : কাৰ্ফিউ হওক লকডাউনেই হওক, এতিয়াৰ পৰা ঘৰতে পাব সুৰা। সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি এইখন চৰকাৰৰ।

Liquor Home Delivery : কাৰ্ফিউ হওক লকডাউনেই হওক, এতিয়াৰ পৰা ঘৰতে পাব সুৰা। সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি এইখন চৰকাৰৰ।

Source-Google

Source-Google

এতিয়াৰ পৰা মোবাইল এপ আৰু ৱেবচাইটৰ যোগেদি দিল্লীত হোম ডেলিভাৰী যোগে পাব দেশী-বিদেশী সুৰা।

  • Share this:
দিল্লী চৰকাৰে ১জুনৰ পৰা মদৰ হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰিছে । এতিয়াৰ পৰা মোবাইল এপ আৰু ৱেবচাইটৰ যোগেদি দিল্লীত হোম ডেলিভাৰী যোগে পোৱা যাব দেশী-বিদেশী সুৰা । দিল্লী চৰকাৰে আবকাৰী আইনৰ সংশোধনী ঘটাই এখন ৰাজপত্ৰিত জাননীৰ যোগেদি এই পদ্ধতি কাৰ্যকৰী কৰিছে ।

জাননী খনত উল্লেখ কৰা মতে দিল্লী আবকাৰী (সংশোধনী) নিয়ম ২০২১ৰ অধীনত জুনৰ ১ তাৰিখৰ পৰা L-13 অনুজ্ঞাপত্ৰ থকা সুৰা বিক্রেতা সকলক মোবাইল এপ বা ৱেবচাইটৰ যোগেদি সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰা হৈছে । অৱশ্যে হোষ্টেল, কাৰ্যালয় আৰু প্ৰতিষ্ঠান সমূহত এই সুবিধা উপলব্ধ নহ’ব ।

২০২০চনৰ মে' মাহত প্ৰথমবাৰৰ কাৰণে মদৰ দোকানৰ বাহিৰত ভিৰ পৰিলক্ষিত হোৱাত তেতিয়া উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰ সমূহক এই পদ্ধতি প্ৰৱৰ্তন কৰাৰ কিমান অৱকাশ আছিল সেই প্ৰশ্ন উত্থাপন কৰিছিল । moneycontrol.comত প্ৰকাশ পোৱা মতে বিশেষ অনুজ্ঞাপত্ৰ থকা সুৰা বিক্রেতাৰ কাৰণেএই নিয়ম প্ৰযোজ্য আছিল কিন্তু সুৰাপায়ীয়ে ইমেইল বা ফেক্স যোগে অৰ্ডাৰ দিয়াৰ ব্যৱস্থা আছিল ।
Published by:Manjumoni Borah
First published: