Old is gold! ৩৮ বৰ্ষীয় মিশ্ৰই তাকেই প্ৰমাণ কৰি দেখুৱালে দিল্লীক...

News18 Assam | News18-Assam
Updated:April 21, 2021, 9:54 AM IST
Old is gold! ৩৮ বৰ্ষীয় মিশ্ৰই তাকেই প্ৰমাণ কৰি দেখুৱালে দিল্লীক...
৩৮ বছৰীয়া লেগ স্পিনাৰ অমিত মিশ্ৰই চাৰিটা উইকেট দখল কৰি মুম্বাইক ১৩৭ ৰাণত সীমিত ৰাখে।

৩৮ বছৰীয়া লেগ স্পিনাৰ অমিত মিশ্ৰই চাৰিটা উইকেট দখল কৰি মুম্বাইক ১৩৭ ৰাণত সীমিত ৰাখে।

  • Share this:
দিল্লী কেপিটেলছে অৱশেষত আই পি এল ২০২১ত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয়লাভ কৰে। মুম্বাইয়ে যোৱা ছিজনত ইউ.এ.ই.ত দিল্লীৰ বিৰুদ্ধে চাৰিওখন মেচ জিকিছিল। ৩৮ বছৰীয়া লেগ স্পিনাৰ অমিত মিশ্ৰই চাৰিটা উইকেট দখল কৰি মুম্বাইক ১৩৭ ৰাণত সীমিত ৰাখে। দিল্লীয়ে ১৯.১ অভাৰত ৪ টা উইকেট হেৰুৱাই লক্ষ্য প্ৰাপ্ত কৰে।

চলিত ছিজনত এইটো দিল্লীৰ তৃতীয় জয়। আনহাতে, চতুৰ্থ ন খেলত মুম্বাইৰ এয়া দ্বিতীয়টো পৰাজয়। অমিতে ৫মবাৰৰ বাবে ৪ টা উইকেট দখল কৰিবলৈ সক্ষম হয়। এতিয়ালৈকে কোনো ভাৰতীয়ই এনে কৰিবলৈ সক্ষম হোৱা নাই।

অমিত মিশ্ৰই যোৱা ছিজনত মাত্ৰ ৩ খন খেল খেলিবলৈ সুযোগ পাইছিল। কিন্তু এইগৰাকী বলাৰে নিজৰ ছন্দ হেৰুৱাব নোৱাৰিলে। চলিত ছিজনৰ দ্বিতীয়খন মেচ খেলি বলাৰে ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়া, কাইৰন প'লাৰ্ড আৰু ঈশান কিষাণক আউট কৰে। তেওঁ মুম্বাইক একেটা অভাৰত ৰোহিত আৰু হাৰ্দিকক আউট কৰি দিল্লীক উভতি অহাৰ সুযোগ দিয়ে। ১৩৭ ৰাণ চলিত ছিজনত মুম্বাইৰ সৰ্বনিম্ন স্ক'ৰ।
Published by: Kokil Sarma
First published: April 21, 2021, 9:54 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি