টিকটত জনপ্ৰিয় হৈ পৰা এটা ভিডিও!
টিকটত জনপ্ৰিয় হৈ পৰা এটা ভিডিও!
দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত বলিউডৰ তাৰকা অভিনেত্ৰী কেটৰিণা কেঈফে ঝাড়ু দিয়া এটা ভিডিও ভাইৰেল হৈছে। আম আদমী পাৰ্টীৰ সদস্যসকলে এই ভিডিওটো শ্বেয়াৰ কৰিছে আৰু কৈছে যে, দিল্লী নিৰ্বাচনে কেটৰিণা কেঈফেও ঝাড়ু দিবলৈ বাধ্য হ’ল। এই ভিডিওত বগা সাজ পিন্ধি কেটৰিণাই হাতত ঝাড়ু লৈ সাৰিছে।
প্ৰকৃততে কেটৰিণা আৰু আপক লৈ প্ৰচাৰ কৰা এই ভিডিওটো কিছু পুৰণি। এই ভিডিওটো বলিউড তাৰকা অক্ষয় কুমাৰেও শ্বেয়াৰ কৰিছিল। প্ৰকৃত ভিডিওটোত অক্ষয়ে কেটৰিণাক সুধিছে, কি কৰি আছে কেটৰিণা? উত্তৰত কেটৰিণাই কয়, চাফাই কৰি আছো। ভিডিওটোৰ শেষত কেটৰিণাই অক্ষয়ক সেই ঝাড়ুৰে লাহেকৈ কোব এটা দিয়ে।
এতিয়া সেই ভিডিওটো আপৰ সমৰ্থকে এনেকৈ ব্যৱহাৰ কৰিছে, "আজি দিল্লীত আপৰ বিজয়ৰ আনন্দত কেটৰিণাই শুভেচ্ছা দিছে। আম আদমী পাৰ্টীৰ জয়ৰ আনন্দত তেওঁ ঝাড়ু দিয়ে।"
কেৱল ইমানেই নহয় টিকটকত যি ভিডিও শ্বেয়াৰ কৰা হৈছে তাত বেকগ্ৰাউণ্ডত কেজৰিৱাল জিন্দাবাদৰ শ্লোগানো লগোৱা হৈছে। ভিডিওটো ইমান ভালকৈ সম্পাদনা কৰা হৈছে যে যেতিয়া কেজৰিৱাল জিন্দাবাদ কয় তেতিয়া কেটৰিণাই লাহেকৈ হাঁহি দিয়ে।
টিকটকত শ্বেয়াৰ কৰা ভিডিওঃ
আচল ভিডিওটো অক্ষয়ে শ্বেয়াৰ কৰোতে তেওঁ লিখিছিল, ‘সূৰ্যবংশীৰ ছেটত স্বচ্ছ ভাৰত অভিযানৰ নতুন ব্ৰেণ্ড এম্বেছাদৰ লাভ কৰা হৈছে।’ হয় এয়া অক্ষয় আৰু কেটৰিণাৰ আগন্তুক ছবি ‘সূৰ্যবংশী’ৰ ছেটৰ।
প্ৰকৃত ভিডিওটোঃ
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|