• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • #BoycottChhapaakৰ কাৰণে লাভ হ’ল দীপিকা পাডুকনৰ, টুইটাৰত দ্ৰুত গতিত বাঢ়িল ফল’ৱাৰ

#BoycottChhapaakৰ কাৰণে লাভ হ’ল দীপিকা পাডুকনৰ, টুইটাৰত দ্ৰুত গতিত বাঢ়িল ফল’ৱাৰ

  • Share this:
দীপিকা পাডুকন ‘দেশদ্ৰোহী’, তেওঁৰ চিনেমা ‘ছপাক’ বৰ্জন কৰক। এনে ধৰণৰ আহ্বানেৰে বলিউড তাৰকাগৰাকীক ব্লক কৰিবলৈ আহ্বান জনোৱা লোকৰ সংখ্য টুইটাৰত যিমানে বাঢ়িল সিমানে লাভহে হ’ল দীপিকা পাডুকনৰ। জেএনইউৰ হিংসাত্মক আক্ৰমণৰ বলি শিক্ষাৰ্থীৰ কাষত থিয় দিয়া দীপিকা পাডুকনক লৈ ছচিয়েল মিডিয়াত শাসনাধিষ্ঠিত বিজেপি আৰু বিজেপি সমৰ্থিত সংগঠনসমূহে সাংঘাতিক ট্ৰ’ল কৰি টুইটাৰত ট্ৰেণ্ড কৰোৱাইছিল #boycottChhapaak, কিন্তু এই কাৰ্যৰ ফলত ডিজিটেল মিডিয়াত লাভ হ’ল দীপিকাৰ। হোৰাহোৰে ফল’ৱাৰ বাঢ়িল দীপিকাৰ। ছচিয়েল মিডিয়াৰ এনালাইটিক্স ট্ৰেক কৰা ৱেবছাইট ‘ছচিয়েলব্লেড’ৰ মতে, বিগত এটা সপ্তাহত টুইটাৰত দীপিকা পাডুকনৰ ফল’ৱাৰ বাঢ়িছে। জেএনইউৰ প্ৰতিবাদত অংশ লোৱাৰ পিছত দীপিকা পাডুকনক যিমানোৰ মানুহে আনফল’ বা ব্লক কৰিলে তাতোকৈ বহুত বেছি মানুহে দীপিকাক ফল’ কৰিলে। বৰ্তমান তেওঁৰ ফল’ৱাৰ টুইটাৰত ২৯মিলিয়ন হৈছেগৈ।

একেদিনাই দীপিকা পাডুকনৰ টুইটাৰত বাঢ়িল বহু ফল’ৱাৰ।


দীপিকা পাডুকনৰ বিৰুদ্ধে বিভিন্নজনে টুইট কৰাৰ বিপৰীতে দীপিকা পাডুকনৰ সমৰ্থনতো টুইটাৰত চলিল কেম্পেইন। ছচিয়েল মিডিয়াত এটা বৃহৎ অংশই দীপিকা পাডুকনক সমৰ্থন কৰি #boycottChhapaak আৰু #boycottdeepikaৰ বিৰুদ্ধে  #IStandWithDeepika ট্ৰেণ্ড কৰোৱায়। বলিউডৰো বহুসংখ্যকে দীপিকাক সমৰ্থন জনায়।









Published by:Tulika Devi
First published: