• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Decoding Long Covid : দাঁতৰ বা আলুৰ বিষ হোৱাটোও হ'ব পাৰে Black Fungusৰ লক্ষণ! সুস্থ হৈ উঠা কোভিড ৰোগীসকলে ল'ব লাগে দাঁতৰ যতন

Decoding Long Covid : দাঁতৰ বা আলুৰ বিষ হোৱাটোও হ'ব পাৰে Black Fungusৰ লক্ষণ! সুস্থ হৈ উঠা কোভিড ৰোগীসকলে ল'ব লাগে দাঁতৰ যতন

বিশেষজ্ঞ চিকিৎসকে জনায় যে কোভিড আৰোগ্য হোৱাৰ পিছত দাঁতৰ সমস্যা সমাধানৰ প্ৰথম পদক্ষেপটো হ'ল দাঁতৰ পৰিচ্ছন্নতা বজাই ৰখা।

বিশেষজ্ঞ চিকিৎসকে জনায় যে কোভিড আৰোগ্য হোৱাৰ পিছত দাঁতৰ সমস্যা সমাধানৰ প্ৰথম পদক্ষেপটো হ'ল দাঁতৰ পৰিচ্ছন্নতা বজাই ৰখা।

বিশেষজ্ঞ চিকিৎসকে জনায় যে কোভিড আৰোগ্য হোৱাৰ পিছত দাঁতৰ সমস্যা সমাধানৰ প্ৰথম পদক্ষেপটো হ'ল দাঁতৰ পৰিচ্ছন্নতা বজাই ৰখা।

  • Share this:
কোৰোণাৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ লাহে লাহে হ্ৰাস পাবলৈ লৈছে। বিগত মাহত প্ৰতিদিনে প্ৰায় ৪ লাখ নতুন ঘটনা পোহৰলৈ অহা পৰিলক্ষিত হৈছিল যদিও সম্প্ৰতি এই সংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ লৈছে। কিন্তু এতিয়া চিন্তাৰ অন্য এক বিষয় হৈ পৰিছে কোৰোণাৰ পৰা সুস্থ হৈ উঠা ৰোগীৰ মাজত দেখা দিয়া ভিন্ন অসুবিধা। যাক চিকিৎসকে 'Long Covid' বুলি অভিহিত কৰিছে। আৰু এই সমস্যাবোৰৰ বিষয়ে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শৰ সৈতে নিউজ১৮–এ হাতত লৈছে Decoding Long Covid অভিযানৰ।

কোভিডৰ এই দীঘলীয়া সমস্যাত অন্তৰ্ভুক্ত হৈছে দাঁতৰ সমস্যাও। ৰাজন ডেণ্টেল ইনষ্টিটিউটৰ চিকিৎসা সঞ্চালক আৰু চেন্নাই ডেণ্টেল ৰিচাৰ্চ ফাউণ্ডেচনৰ সভাপতি ডাঃ গুণচিলান ৰাজনে এই সম্পৰ্কে বৰ্ণনা কৰিছে যে কিদৰে আৰোগ্য হোৱাৰ পিছত কোভিড ৰোগীয়ে দাঁতৰ পৰিচ্ছন্নতাক উপেক্ষা কৰিলে মুখৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে।

নিউজ১৮-ৰ সৈতে হোৱা সাক্ষাৎকাৰত ড০ ৰাজনে অৱগত কৰে যে কোভিড১৯ মহামাৰীয়ে মানুহৰ মাজত দাঁতৰ চিকিৎসাৰ প্ৰতি ভয় সৃষ্টি কৰিছিল, কিয়নো বেছিভাগ দাঁতৰ প্ৰক্ৰিয়া উচ্চ বিপদাশংকাৰ প্ৰক্ৰিয়া।

সেয়েহে, কোভিড আৰোগ্য হোৱাৰ পিছত দাঁতৰ সমস্যাৰ সন্মুখীন হোৱা বহু ৰোগীয়ে দন্ত চিকিৎসকৰ ওচৰলৈ যোৱাটো বন্ধ কৰি দিছে। যদি ৰোগীসকলে এনেদৰে অপেক্ষা কৰি থাকে, তেন্তে সাধাৰণ আলচাৰ বা পিণ্ডবোৰো মাহধৰি উপেক্ষা কৰাৰ ফলত কৰ্কট ৰোগত পৰিণত হ'ব পাৰে। তদুপৰি কোভিডৰ আটাইতকৈ মাৰাত্মক পৰৱৰ্তী প্ৰভাৱবোৰৰ ভিতৰত এটা - মিউকৰ্মাইকোচিছ (ক'লা ভেঁকুৰ)ক প্ৰাৰম্ভিক পৰ্যায়ত চিকিৎসা নকৰিলে ই মাৰাত্মক হিচাপে প্ৰমাণিত হ'ব পাৰে। মই ব্যক্তিগতভাৱে দুটা ঘটনা দেখিছো য'ত ৰোগীসকলে ক'লা ভেঁকুৰৰ প্ৰাৰম্ভিক লক্ষণবোৰ উপেক্ষা কৰিছিল যাৰ বাবে তেওঁলোক আৰোগ্য হৈ উঠাটো কঠিন হৈ পৰিছিল বুলি উল্লেখ কৰে।

চিকিৎসকগৰাকীয়ে আঙুলিয়াই দিয়ে যে আৰোগ্য হোৱাৰ পিছত ক'লা ভেঁকুৰ দাঁতত প্ৰকাশ হয়, ই বিভিন্ন হ'ব পাৰে। ৰোগীসকলে ঢিলা দাঁত আলচাৰৰ পৰা হনুৰ হাড়ৰ সংস্পৰ্শলৈ আৰু আলুৰ পৰা ৰক্তক্ষৰণ লৈকে যিকোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে।

তেনেস্থলত কোভিড আৰোগ্য হোৱাৰ পিছত দাঁতৰ সমস্যা সমাধানৰ প্ৰথম পদক্ষেপটো হ'ল দাঁতৰ পৰিচ্ছন্নতা বজাই ৰখা। উদাহৰণ স্বৰূপে, ৰাতি শুবলৈ যোৱাৰ আগতে দাঁত ব্ৰাছ কৰা, ফ্লছিং ইত্যাদি। কোভিড ৰোগৰ সময়ত এদিনত তিনিবাৰকৈ ১ শতাংশ পোভিডন-আয়ডিন মাউথৱাছ ব্যৱহাৰ কৰা আৰু এমাহলৈকে অব্যাহত ৰখাটোও গুৰুত্বপূৰ্ণ।

লগতে দাঁতৰ আলুৰ স্বাস্থ্য বজাই ৰখাটোও গুৰুত্বপূৰ্ণ। আলুৰ স্বাস্থ্যক সৰ্বোত্তম স্তৰত ৰাখিব লাগে, কিয়নো দুৰ্বল আলুৰ ফলত ডায়েবেটিচ যথেষ্ট অৱনতি হয়। সেয়েহে, দন্ত চিকিৎসকৰ সৈতে নিয়মীয়া পৰীক্ষা আৰু নিৰন্তৰ আল্টাস্বনিক স্কেলিং অত্যাৱশ্যকীয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আলুৰ বিষ বা দাঁতৰ বিষ আদিৰ দৰে লক্ষণ আৰম্ভ হোৱাটো উপেক্ষা নকৰিব, কিয়নো সেইবোৰো ক'লা ভেঁকুৰৰ লক্ষণ হ'ব পাৰে।
Published by:Sanjay Kumar Das
First published: