Skincare Myth: বজাৰত নতুন সামগ্ৰী এটাই আমাক প্ৰায়ে উত্তেজিত কৰি তোলে আৰু বিজ্ঞাপনবোৰে আমাক বিশ্বাস কৰিবলৈ বাধ্য কৰায় যে সেই সামগ্ৰীবিধৰ আমাৰ নিশ্চয় প্ৰয়োজনীয়তা আছে। ইয়াৰ ফলত প্ৰায়ে পকেট ফুটা হয়।
Skincare Myth: বজাৰত নতুন সামগ্ৰী এটাই আমাক প্ৰায়ে উত্তেজিত কৰি তোলে আৰু বিজ্ঞাপনবোৰে আমাক বিশ্বাস কৰিবলৈ বাধ্য কৰায় যে সেই সামগ্ৰীবিধৰ আমাৰ নিশ্চয় প্ৰয়োজনীয়তা আছে। ইয়াৰ ফলত প্ৰায়ে পকেট ফুটা হয়।
আমি সকলোৱে উজ্জ্বল, মসৃণ, স্পষ্ট, আৰু শিশুৰ দৰে কোমল ছালখন লাভ কৰিব বিচাৰোঁ। আৰু তাকেই লাভ কৰাৰ প্ৰয়াসত আমি যিকোনো কথা বা সকলো কথা বিশ্বাস কৰি পেলাওঁ। বজাৰত নতুন সামগ্ৰী এটাই আমাক প্ৰায়ে উত্তেজিত কৰি তোলে আৰু বিজ্ঞাপনবোৰে আমাক বিশ্বাস কৰিবলৈ বাধ্য কৰায় যে সেই সামগ্ৰীবিধৰ আমাৰ নিশ্চয় প্ৰয়োজনীয়তা আছে। ইয়াৰ ফলত প্ৰায়ে পকেট ফুটা হয়। যদিও নিয়মীয়াকৈ নতুন ট্ৰেণ্ড আহিব, তথাপিও সময়ৰ প্ৰয়োজনীয়তা হ’ল সামগ্ৰীৰ সজাগ আৰু জ্ঞাত গ্ৰাহক হোৱা। গতিকে আমি ছালৰ যত্নৰ বিষয়ে চলি থকা কেইটামান মিথ্যা জানি লও আহক:
শীতকালত ছানস্ক্ৰীনৰ প্ৰয়োজন নাই
দিনটো ৰ’দ নথকাৰ পিছতো ছানস্ক্ৰীন প্ৰয়োগ কৰাটো পানী খোৱাৰ দৰেই গুৰুত্বপূৰ্ণ। কাৰণ আল্ট্ৰাভায়োলেট (UV) ৰশ্মি বছৰজুৰি সদায় থাকে। বাহিৰত ডাৱৰীয়া হ’লেও আপুনি নিশ্চয় জানিব যে UV ৰশ্মি ডাৱৰত সোমাই যাব পাৰে, আৰু ৰ’দত পোৰা, মিহি ৰেখা, বলিৰেখা, আৰু ছালৰ হাইপাৰপিগমেণ্টেচনৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে।
শৰীৰৰ বিভিন্ন অংগৰ বাবে বিভিন্ন প্ৰডাক্টৰ প্ৰয়োজন
আমি কৰা এটা ডাঙৰ ভুল হ’ল বিভিন্ন সামগ্ৰীৰ বাবে হাজাৰ হাজাৰ টকা খৰচ কৰা। আমাক কেৱল এইটোৱেই কোৱা হৈছে যে বিভিন্ন অংশক বিভিন্ন সামগ্ৰীৰ প্ৰয়োজন। আপুনি বুজিব লাগিব যে যদি এটা লোচন আপোনাৰ ভৰিৰ বাবে উপযুক্ত হয়, তেন্তে ই আপোনাৰ হাত দুখন নিখুঁতভাৱে মইশ্ব’ৰাইজ কৰি ৰাখিব আৰু আপুনি আপোনাৰ হাতৰ বাবে বেলেগ হেণ্ড ক্ৰীমৰ বাবে খৰচ কৰাৰ প্ৰয়োজন নাই।
এণ্টিবেক্টেৰিয়েল চাবোনে ছাল পৰিষ্কাৰ কৰে
আপুনি নিশ্চয় বহু ব্ৰেণ্ডৰ সামগ্ৰী পাইছে যিয়ে দাবী কৰে যে তেওঁলোকৰ এণ্টিবেক্টেৰিয়েল হেণ্ড চাবোনে ৯৯ শতাংশ বীজাণু মাৰি পেলায়। সঁচা কথা ক’বলৈ গ’লে ছালখন বেক্টেৰিয়াৰ পৰা মুক্ত কৰি ৰখাটো অসম্ভৱ। কেৱল এয়াই নহয়, আচৰিত ধৰণে অসংখ্য বেক্টেৰিয়া আমাৰ জিভাত বাস কৰে, আমি ইমান ভাল দাঁতৰ যত্ন লোৱাৰ পিছতো। সেয়ে এই এণ্টিবেক্টেৰিয়েল চাবোনে সংক্ৰমণ বিয়পি পৰাৰ পৰা আঁতৰাই ৰাখিব পাৰে।
লেয়াৰিং কৰাটো গুৰুত্বপূৰ্ণ (Layering )
ইণ্টাৰনেটে আমাক এনেদৰে ভাবিবলৈ বাধ্য কৰাইছে যে ছালৰ যত্নৰ বাবে একেলগে বিভিন্ন ষ্টেপত প্ৰসাধন কৰিব লাগে। বাস্তৱত ইমানবোৰ ষ্টেপত কৰাৰ দৰকাৰ নাই- যেনে টোনাৰ, ছিৰাম, মইশ্ব’ৰাইজাৰ আদিৰ বাবে বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় নহয়। যদি আপুনি অনুভৱ কৰে যে এটা মইশ্ব’ৰাইজাৰে সকলো সমস্যা সমাধান কৰি আছে তেন্তে আপুনি আন কোনো সামগ্ৰীত ধন অপচয় কৰাৰ প্ৰয়োজন নাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|