২০২২ চনত ৩১ মাৰ্চৰ ভিতৰত এই ৭টা কাম কৰি লওক, নকৰিলে দিব লাগিব জৰিমনা। চাওক আহক কি এই ৭টা কাম।
১. বিত্তীয় বৰ্ষ ২০১৯–২০ৰ ইনকাম টেক্স ৰিটাৰ্ণ ভেৰিফাইআয়কৰ বিভাগৰ খবৰ অনুসৰি, যিসকলে এতিয়ালৈ আৰ্থিক বৰ্ষ ২০১৯–২০ৰ নিজৰ ইনকাম টেক্স ৰিটাৰ্ণ ভেৰিফিকেচন কৰা নাই, তেওঁলোকে শীঘ্ৰে এই কাম কৰিব লাগিব। আয়কৰ বিভাগে জনাইছে যে ২০২২ চনৰ ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত সকলো কৰদায়াই নিজৰ ইনকাম টেক্স ৰিটাৰ্ণ ভেৰিফিকেচন কৰাব লাগিব।
২. জমা কৰিব লাগিব লাইফ চাৰ্টিফিকেটচৰকাৰে পেঞ্চনভোগীসকলৰ বাবে জীৱন প্ৰমাণ পত্ৰ জমা কৰাৰ শেষ তাৰিখ ২০২১ চনৰ ৩১ ডিচেম্বৰৰ পৰা বৃদ্ধি কৰি ২০২২ চনৰ ২৮ ফেব্ৰুৱাৰী কৰিছে। সমগ্ৰ দেশজুৰি সকলো পেঞ্চনভোগীৰ বাবে জীৱন প্ৰমাণ পত্ৰ হ’ল এক মূল্যৱান নথি। ইয়াৰ জৰিয়তে সকলো পেঞ্চনভোগীয়ে প্ৰতিমাহে পেঞ্চন লাভ কৰে।
৩. বিত্তীয় বৰ্ষ ২০২১–২২ৰ বাবে অগ্ৰিম কৰ জমা দিয়াৰ শেষ তাৰিখবিত্তীয় বৰ্ষ ২০২১–২২ৰ বাবে অগ্ৰিম কৰ জমা দিয়াৰ শেষ তাৰিখ হ’ল ১৫ মাৰ্চ ২০২২। যিসকলে আয়কৰ জমা দিয়ে, তেওঁলোকে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত সেই কৰ জমা দিব লাগে। কোনোৱে যদি সেই তাৰিখৰ ভিতৰত অগ্ৰিম আয়কৰ জমা নকৰে তেন্তে ধাৰা ২৩৪এ/২৩৪বি অনুসৰি সুদ কাৰ্যকৰী হয়।
৪. পেন কাৰ্ডৰ সৈতে আধাৰৰ লিংকযিসকলে এতিয়াও নিজৰ পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰা নাই, তেওঁলোকে ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত সেই কাম কৰি লওক। ২০২২ চনত ৩১ মাৰ্চৰ ভিতৰত পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক নকৰিলে নিজৰ পেন কাৰ্ড নিষ্ক্ৰিয় হৈ যাব আৰু ১০০০ টকা পৰ্যন্ত জৰিমনা দিব লাগিব পাৰে।
৫. আয়কৰ ৰিটাৰ্ণ ফাইলবিত্তীয় বৰ্ষ ২০২০–২১ৰ আয়কৰ ৰিটাৰ্ণ ফাইল ২০২১ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত কৰা নাই যদি এতিয়াও সেই সুযোগ আছে। ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত কৰিব লাগিব আয়কৰ ৰিটাৰ্ণ ফাইল। পলমকৈ আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ বাবে ৫০০০ টকাৰ জৰিমনা দিব লাগিব।
৬. ২০২১–২২ বিত্তীয় বৰ্ষৰ বাবে টেক্স ছেভিংছযিসকলে বিত্তীয় বৰ্ষ ২০২১–২২ৰ বাবে পুৰণি কৰ ব্যৱস্থাৰ বিকল্প পছন্দ কৰিছে তেওঁলোকে ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত নিজৰ টেক্স ছেভিংছ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।
৭. বেংক কেৱাইচিৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই কেৱাইচি পূৰ্ণ কৰাৰ সময়সীমা ২০২১ চনৰ ৩১ ডিচেম্বৰৰ পৰা বৃদ্ধি কৰা ২০২২ চনৰ ৩১ মাৰ্চ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|