মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ ঘোষণা!

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ ঘোষণা!

News18 Assam | News18-Assam
Updated:May 25, 2021, 10:14 AM IST
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ ঘোষণা!
১ এপ্ৰিল ২০২১ৰ পৰা এয়া কাৰ্যকৰী হ’ব।

১ এপ্ৰিল ২০২১ৰ পৰা এয়া কাৰ্যকৰী হ’ব।

  • Share this:


কেন্দ্ৰীয় চৰকাৰে কোৰোণা সংকটৰ সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কৰিলে ডাঙৰ ঘোষণা। ভেৰিয়েবল ডিয়াৰনেছ এলাউঞ্চ বৃদ্ধি কৰি দুগুণ কৰিছে। ১০৫ টকাৰ পৰা বৃদ্ধি কৰি প্ৰতিমাহত ২১০ টকা কৰা হৈছে ভেৰিয়েবল ডিয়াৰনেছ এলাউঞ্চ। ১ এপ্ৰিল ২০২১ৰ পৰা এয়া কাৰ্যকৰী হ’ব। ইয়াৰ দ্বাৰা ১.৫ কোটি কৰ্মচাৰী লাভান্বিত হ’ব। লগতে কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ড আৰু গ্ৰেচুইটী বৃদ্ধি পাব। তদুপৰি কেন্দ্ৰীয় কৰ্মচাৰীৰ ন্যূনতম শ্ৰম মূল্যও বৃদ্ধি কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ভেৰিয়েবল ডি এ সেই ১.৫ কোটি লোকক প্ৰদান কৰা হ’ব যিসকল কেন্দ্ৰীয় চৰকাৰৰ অধীনত কাম কৰা চেন্ট্ৰেল স্ফিয়াৰ ছেডিউলড এমপ্লয়মেণ্টৰ অন্তৰ্গত। শ্ৰম মন্ত্ৰণালয়ৰ এই সিদ্ধান্তত লাভান্বিত হ’ব কেন্দ্ৰীয় কৰ্মচাৰী, ৰে’লৱে কৰ্মচাৰী, খনি কৰ্মচাৰী, অইল ফিল্ডত কৰ্মৰত লোক আৰু বন্দৰৰ কৰ্মীসকল। ইয়াৰ লগতে কনট্ৰেক্টত থকা বা কেজুৱেল কৰ্মীসকলেও এই সুবিধা লাভ কৰিব।

Published by: Sanjay Kumar Das
First published: May 25, 2021, 10:14 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি