আজি নিশা বন্তি জ্বলাই কৰক এইসমূহ কাম, ধনী হ’ব আপুনিও!

লোকবিশ্বাস অনুসৰি অমাৱস্যাত স্নান কৰি ব্ৰত, শ্ৰাদ্ধ আৰু দান কৰিলে জীৱনত সুখ–শান্তি আৰু সমৃদ্ধি লাভ কৰে।

news18assam
Updated:May 4, 2019, 2:04 PM IST
আজি নিশা বন্তি জ্বলাই কৰক এইসমূহ কাম, ধনী হ’ব আপুনিও!
লোকবিশ্বাস অনুসৰি অমাৱস্যাত স্নান কৰি ব্ৰত, শ্ৰাদ্ধ আৰু দান কৰিলে জীৱনত সুখ–শান্তি আৰু সমৃদ্ধি লাভ কৰে।
news18assam
Updated: May 4, 2019, 2:04 PM IST
Shani Amavasya 2019: ব’হাগ মাহৰ অমাৱস্যাৰ এটা গুৰুত্বপূৰ্ণ মহত্ব আছে। এইবাৰ অমাৱস্যা ৪ মে’ অৰ্থাৎ শনিবাৰ। অমাৱস্যাত চন্দ্ৰ দেখা পোৱা নাযায়। সেইকাৰণে পূৰ্ব–পুৰুষসকলক এই দিনটোত দান কৰাটো আটাইতকৈ মংগলজনক।

হিন্দুশাস্ত্ৰৰ এই কথা উল্লেখ আছে যে, ব’হাগ মাহৰ পৰা আৰম্ভ হৈছিল ত্ৰেতা যুগ। লোকবিশ্বাস অনুসৰি এই দিনটোত স্নান কৰি ব্ৰত, শ্ৰাদ্ধ আৰু দান কৰিলে জীৱনত সুখ–শান্তি আৰু সমৃদ্ধি লাভ কৰাৰ লগতে পিতৃ দোষ আৰু কাল সৰ্প দোষৰ পৰা মুক্তি লাভ কৰে। আপোনাৰ জ্ঞাতাৰ্থে জনাও যে এই তিথিত কি কি শুভ কাম কৰিব পৰা যায়–

ব’হাগী অমাৱস্যাৰ দিনটোত পৱিত্ৰ নদীত ডুব মাৰি সূৰ্যদেৱতাক স্মৰণ কৰি জল অৰ্পণ কৰিব লাগে। পূৰ্ব–পুৰুষসকলৰ মুক্তিৰ বাবে এই দিনটোত তামৰ কলহত পানী লৈ তাত ক’লা তিল লগাই অৰ্পণ কৰক।

আজি অৰ্থাৎ ৪ মে’ শনিশাস্ত্ৰী অমাৱস্যা আৰু শনিজয়ন্তী হিচাপে পালন কৰা হয়। এইবাবে ভক্তসকলে এই দিনটোত শনি ভগবানক সন্তুষ্ট কৰিবলৈ সৰিয়হৰ তেলৰ বন্তি জ্বলাই, ক’লা তিল আৰু ফুল অৰ্পণ কৰে।

সূৰ্য অস্তৰ পিছত সৰিয়হৰ তেলৰ বন্তি জ্বলালে আপোনাৰ ঘৰত ধনৰ অভাৱ দূৰ হয়।

 

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি