உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • IND vs ENG: সূৰ্যকুমাৰ যাদৱ হ'ল ছলমান আৰু পৃথ্বী শ্ব হ'ল আমিৰ খান, গাৰ্লফ্ৰেণ্ডে ক'লে-এনে এক্টিং ক'ত শিকিলা

    IND vs ENG: সূৰ্যকুমাৰ যাদৱ হ'ল ছলমান আৰু পৃথ্বী শ্ব হ'ল আমিৰ খান, গাৰ্লফ্ৰেণ্ডে ক'লে-এনে এক্টিং ক'ত শিকিলা

    IND vs ENG: সূৰ্যকুমাৰ যাদৱ (Suryakumar Yadav) যদি ছলমান (Salman Khan)ৰ খানৰ ডায়লগ কৈ আছে তেন্তে পৃথ্বী শ্বই (Prithvi Shaw) আমিৰ খান (Aamir Khan)ৰ অভিনয় কৰি আছে।

    IND vs ENG: সূৰ্যকুমাৰ যাদৱ (Suryakumar Yadav) যদি ছলমান (Salman Khan)ৰ খানৰ ডায়লগ কৈ আছে তেন্তে পৃথ্বী শ্বই (Prithvi Shaw) আমিৰ খান (Aamir Khan)ৰ অভিনয় কৰি আছে।

    IND vs ENG: সূৰ্যকুমাৰ যাদৱ (Suryakumar Yadav) যদি ছলমান (Salman Khan)ৰ খানৰ ডায়লগ কৈ আছে তেন্তে পৃথ্বী শ্বই (Prithvi Shaw) আমিৰ খান (Aamir Khan)ৰ অভিনয় কৰি আছে।

    • Share this:
    ভাৰতীয় ক্ৰিকেট দলৰ ষ্টাৰ বেটছমেন সূৰ্যকুমাৰ যাদৱ (Suryakumar Yadav) আৰু পৃথ্বী শ্ব (Prithvi Shaw) ইংলেণ্ডত আছে, কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে (IND vs ENG) দ্বিতীয় টেষ্টৰ অংশ নহয় দুয়োজন। দুয়োজনেই আচলতে কোৱাৰেণ্টাইনত আছে। এই কোৱাৰেণ্টাইনৰ সময়তে ভৰপুৰ মস্তি কৰিছে দুয়োজনে। দুয়োজনেই শ্ৰীলংকাত সীমিত অভাৰৰ খেলত ব্যস্ত আছিল। তেওঁলোকক ইংলেণ্ড ভ্ৰমণৰ বাবে বাছনি কৰা হোৱা নাছিল। কিন্তু ইংলেণ্ডত টীম ইণ্ডিয়াৰ খেলুৱৈ শুভমন গীল, মায়াংক আগৰৱাল, আৱেশ খান আৰু ৱাশ্বিংটন সুন্দৰ আঘাটপ্ৰাপ্ত হোৱাত অধিনায়ক বিৰাট কোহলি (Virat Kohli)য়ে অন্য খেলুৱৈ প্ৰেৰণৰ বাবে বিচিচিআই (BCCI)ক অনুৰোধ জনাইছিল। বিচিচিআইয়ে সূৰ্যকুমাৰ যাদৱ আৰু পৃথ্বী শ্বক ইংলেণ্ডলৈ প্ৰেৰণ কৰে।

    পিছে ইংলেণ্ডলৈ গৈ কোৱাৰাণ্টাইনত থাকিব লগা হোৱা দুয়োজন খেলুৱৈয়ে সময়বোৰ আনন্দময় কৰিবলৈ বনাইছে ভিডিঅ'। তেওঁলোকে তেনে এটা ভিডিঅ' ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই ভিডিঅ'টোত দুয়োজনে জনপ্ৰিয় কমেডী চিনেমা 'অন্দাজ অপনা অপনা'ৰ ডায়লগ কৈ ৰগৰ কৰাৰ চেষ্টা কৰিছে। সূৰ্যকুমাৰ যাদৱে ছলমান খান (Salman Khan) আৰু পৃথ্বি শ্বই আমিৰ খান (Aamir Khan) ৰ ডায়লগ কৈছে।




    ভিডিঅ'টো সূৰ্যকুমাৰ যাদৱে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে। লগতে এটা ডায়লগ কেপচন হিচাপেও লিখি দিছে-ছাৰ আপুনি পুৰুষেই নহয়, মহাপুৰুষ হয়। ভিডিঅ'টো অতিকৈ সুন্দৰ হৈছে আৰু অনুৰাগীসকলে খুবেই পছন্দ কৰিছে। ক্ৰিকেটাৰসকলেও এই পোষ্টটোত কমেণ্ট কৰিছে।

    ভিডিঅ'টোত পৃথ্বী শ্বৰ চৰ্চিত গাৰ্লফ্ৰেণ্ড প্ৰাচী সিঙেও কমেণ্ট কৰিছে। পৃথ্বি শ্বৰ সৈতে বহু দিনৰে পৰা অভিনেত্ৰী প্ৰাচী সিঙৰ নামটো জোৰা দি থকা হৈছে। বহু সাংবাদিকৰ মতে পৃথ্বি শ্বই প্ৰাচী সিঙৰ সৈতে ডেটিং কৰি আছে। প্ৰাচী সিঙে পৃথ্বি শ্বক উদ্দেশ্যি ভিডিঅ'টোত এই বুলি কমেণ্ট কৰিছে-এনে এক্টিং ক'ত শিকিলা।

    উল্লেখ্য যে সূৰ্যকুমাৰ যাদৱ আৰু পৃথ্বী শ্ব ১০ দিনৰ বাবে কোৱাৰাণ্টাইনত আছে। আজিৰে পৰা আৰম্ভ হোৱা দ্বিতীয় টেষ্টত খেলিব নোৱাৰিলে দুয়োজনে। পিছৰ তিনিখন টেষ্টত দলৰ সৈতে থাকিব দুয়োজন।
    Published by:Manjumoni Borah
    First published: