মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Sikhar Dhavan-Ayesha Mukherjee: শিখৰ ধাৱানক বিবাহ বিচ্ছেদ দিলে নেকি আয়েশা মুখাৰ্জীয়ে ! আয়েশাৰ ইনষ্টাগ্ৰাম পোষ্টৰ পিছতে তুমুল চৰ্চা।

Sikhar Dhavan-Ayesha Mukherjee: শিখৰ ধাৱানক বিবাহ বিচ্ছেদ দিলে নেকি আয়েশা মুখাৰ্জীয়ে ! আয়েশাৰ ইনষ্টাগ্ৰাম পোষ্টৰ পিছতে তুমুল চৰ্চা।

file image

টীম ইণ্ডিয়া (Team India)ৰ তাৰকা অপেনাৰ শিখৰ ধাৱান (Sikhar Dhavan) আৰু আয়েশা মুখাৰ্জী (Ayesha Mukherjee)য়ে ২০১২ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। আয়েশাই তেওঁৰ প্ৰথম স্বামীকো বিবাহ বিচ্ছেদ দিছিল। ২০১৪ চনত শিখৰ আৰু আয়েশাৰ জোৰাৱৰ নামৰ এটা পুত্ৰ আছে।

  • Share this:
টীম ইণ্ডিয়াৰ অপেনাৰ শিখৰ ধাৱান (Shikhar Dhawan)ৰ সৈতে সম্পৰ্কে এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। তেওঁৰ পত্নী আয়েশা মুখাৰ্জীয়ে (Ayesha Mukherjee) ইনষ্টাগ্ৰামত এটা দীঘলীয়া পোষ্ট লিখিছিল। এই পোষ্টটোত, আয়েশাই বিবাহ বিচ্ছেদৰ ওপৰত তেওঁৰ মতামত প্ৰকাশ কৰিছে আৰু লগতে লিখিছে  দুবাৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছত তেওঁ কেনে অনুভৱ। ধাৱান আৰু আয়েশাৰ ২০০৯ চনত এংগেজমেণ্ট হৈছিল  আৰু তিনি বছৰ পিছত বিবাহপাশত আৱদ্ধ হৈছিল। আয়েশাই তেওঁৰ প্ৰথম স্বামীকো বিবাহ বিচ্ছেদ দিছিল আৰু প্ৰথম স্বামীৰ ফালৰ পৰা তেওঁৰ ২ জনী কন্যা সন্তান আছে ।

ধাৱানে  বয়সত ১০ বছৰ ডাঙৰ আয়েশাক যেতিয়া বিয়া কৰাইছিল তেতিয়াই তেওঁ যথেষ্ট তাচ্ছিল্য কৰা হৈছিল। অৱশ্যে ধাৱানৰ পৰিয়ালে তেওঁলোকৰ বিবাহক সমৰ্থন কৰিছিল। ২০১৪ চনত আয়েশাই জোৰাৱৰ ধাৱান নামৰ এটি পুত্ৰৰ জন্ম দিয়ে। ধাৱানে আয়েশাৰ সৈতে বিবাহৰ পিছত তেওঁৰ জীৱন কেনেদৰে সলনি হৈছিল সেই বিষয়ে কেইবাবাৰো কৈছিল। তেওঁ বহুবাৰ কৈছে যে কেনেকৈ তেওঁ আয়েশাক লগ পোৱাৰ পিছৰে পৰা তেওঁৰ জীৱন এজন ব্যক্তি আৰু ক্ৰিকেটাৰ হিচাপে সলনি হৈছিল।

এতিয়ালৈকে ধাৱানে তেওঁলোকৰ বিবাহ বিচ্ছেদ সম্পৰ্কে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই। তেওঁ কোনো বিবৃতিও জাৰি কৰা নাই বা সামাজিক মাধ্যমতো কোনোধৰণৰ পোষ্ট শ্বেয়াৰ কৰা নাই। আগতে, খবৰ পোৱা গৈছিল যে শিখৰ আৰু আয়েশাই ছ'চিয়েল মিডিয়া প্লেটফৰ্ম  ইনষ্টাগ্ৰামত ইজনে সিজনক আনফলো কৰিছে। কেৱল সেয়াই নহয়, আয়েশাই শিখৰৰ সকলো ছবি তেওঁৰ ফীডৰ পৰা বিলোপ কৰিছে।

আয়েশা মুখাৰ্জীয়ে ইনষ্টাগ্ৰামত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰিছিল য'ত বিবাহ বিচ্ছেদৰ বিষয়ে বহু কথাই লিখিছে। (ইনষ্টাগ্ৰাম)
পশ্চিম বংগৰে সম্পৰ্ক থকা আয়েশাই তেওঁৰ পোষ্টত লিখিছিল, 'এবাৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছত, এনে লাগিছিল যেন দ্বিতীয়বাৰ বহুত কিবা-কিবি বাজীত লাগি আছে। প্ৰমাণ কৰিব লগা বহুত আছে। সেয়েহে, যেতিয়া মোৰ দ্বিতীয় বিবাহো ভাঙিছিল, সেয়া যথেষ্ট ভয়ানক আছিল। মই ভাবিছিলো বিবাহ বিচ্ছেদ (Divorce) এটা লেতেৰা শব্দ, তথাপি  মোৰ দুবাৰ বিবাহ বিচ্ছেদ হ'ল। যেতিয়া মোৰ প্ৰথম বিবাহ বিচ্ছেদ হৈছিল তেতিয়া মই বহুত ভয় খাইছিলোঁ। এনে লাগিছিল যেন মই জীৱনত সম্পূৰ্ণ ব্যৰ্থ হ'লোঁ।’

আয়েশাই আৰু লিখিছিল, 'মই এনে অনুভৱ কৰিছিলোঁ যেন মই সকলোকে অপমান কৰিছোঁ আৰু স্বাৰ্থপৰ অনুভৱ কৰিছোঁ। মই ভাবিছিলো যে মই মোৰ মা-দেউতাক নিৰাশ কৰিছোঁ, মোৰ সন্তানক অৱমাননা কৰিছোঁ আৰু কিছু পৰিমাণে মই অনুভৱ কৰিছিলোঁ যে মই ঈশ্বৰকো অপমান কৰিছোঁ। ডিভোৰ্ছ বেছ লেতেৰা শব্দ।’

শিখৰ ধাৱনৰ পত্নী আয়েশা মুখাৰ্জীৰ ইনষ্টাগ্ৰাম পোষ্ট


মানুহে ছচিয়েল মিডিয়াত শিখৰ ধাৱানক লৈ প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিছে। ধাৱনক টেগ কৰা হৈছে বহু পোষ্টত কিন্তু তেওঁ কোনো মন্তব্য কৰা নাই। শিখৰ ধাৱানে এই মাহত UAEত আই পিএল-২০২১ (IPL02021)ৰ দ্বিতীয় পৰ্যায়ৰ খেলত অংশ ল'ব। তেওঁ দিল্লী কেপিটেলছ (Delhi Capitals)ৰ হৈ খেলিব। ধাৱানে তেওঁৰ কেৰিয়াৰত ৩৪ খন টেষ্ট, ১৪৫ খন এদিনীয়া আৰু ৬৮ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলিছে। তেওঁ শেহতীয়াকৈ শ্ৰীলংকাৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলাত টীম ইণ্ডিয়াৰ অধিনায়কত্ব কৰিছিল।

শেহতীয়া বাতৰি