ৰোহিত শৰ্মাক (Rohit Sharma) নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় টি-২০ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতীয় টি-২০ দলৰ অধিনায়কত্ব ত্যাগ কৰা কোহলীক জয়পুৰত ১৭ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব পৰা শৃংখলাটোৰ বাবে বিশ্ৰাম দিয়া হৈছে।
ৰোহিত শৰ্মাক (Rohit Sharma) নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় টি-২০ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতীয় টি-২০ দলৰ অধিনায়কত্ব ত্যাগ কৰা কোহলীক জয়পুৰত ১৭ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব পৰা শৃংখলাটোৰ বাবে বিশ্ৰাম দিয়া হৈছে। ভাৰতৰ ১৬ জনীয়া দলটোত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২১ (IPL)ত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ঋতুৰাজ গায়কৱাড় আৰু সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হৰ্ষল পেটেল অন্তৰ্ভুক্ত আছে। আঘাতত ভুগি থকা হাৰ্ডিক পাণ্ডিয়াৰ সম্ভাৱ্য বিকল্প হিচাপে দেখা অলৰাউণ্ডাৰ ভেঙ্কটেশ আয়াৰেও দলটোত স্থান পাইছে।
টি-২০ বিশ্বকাপত প্ৰভাৱ পেলাবলৈ ব্যৰ্থ হোৱাৰ পিছত হাৰ্ডিক পাণ্ডিয়াক দলৰ পৰা বাদ দিয়া হৈছে। শ্ৰীলংকা শৃংখলাৰ সময়ত ঋতুৰাজে ভাৰতৰ হৈ আত্মপ্ৰকাশ কৰিছে। জ্যেষ্ঠ লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহাল আৰু পেচাৰ মহম্মদ চিৰাজ দললৈ উভতি আহিছে। টি-২০ বিশ্বকাপৰ ৰিজাৰ্ভ খেলুৱৈসকলৰ ভিতৰত থকা শ্ৰেয়াছ আয়াৰ, অক্ষৰ পেটেল আৰু দীপক চাহাৰকো দলত অন্তৰ্ভুক্ত কৰা হৈছে। ৰোহিতৰ নিযুক্তি কেৱল আনুষ্ঠানিকতা আছিল আনহাতে লোকেশ ৰাহুল খেলৰ আটাইতকৈ চুটি ফৰ্মেটত উপ-অধিনায়ক হ'ব। দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাকো শৃংখলাটোৰ পৰা বিশ্ৰাম দিয়া হৈছে।
ভাৰতৰ টি-২০ দলঃ ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (উপ-অধিনায়ক), ঋতুৰাজ গায়কৱাড়, শ্ৰেয়াছ আয়াৰ, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত (উইকেটকিপাৰ), ঈশান কিষাণ (উইকেটকিপাৰ), ভেঙ্কটেশ আয়াৰ, যুজবেন্দ্ৰ চাহল, আৰ অশ্বিন, অক্ষৰ পেটেল, আবেশ খান, ভুৱনেশ্বৰ কুমাৰ, দীপক চাহাৰ, হৰ্ষল পেটেল, মহম্মদ চিৰাজ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|