মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Tokyo Olympics: নীৰজ চোপ্ৰালৈ BCCI ৰ এক কোটি, লাভলীনালৈও ২৫ লাখ টকাৰ পুৰস্কাৰ...

Tokyo Olympics: নীৰজ চোপ্ৰালৈ BCCI ৰ এক কোটি, লাভলীনালৈও ২৫ লাখ টকাৰ পুৰস্কাৰ...

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) শনিবাৰে টকিঅ' অলিম্পিকৰ(Tokyo Olympics) পদক বিজয়ীসকলৰ বাবে নগদ পুৰস্কাৰ ঘোষণা কৰে, নীৰজ চোপ্ৰাক (Neeraj Chopra) ১ কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

  • Share this:
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) শনিবাৰে টকিঅ' অলিম্পিকৰ(Tokyo Olympics) পদক বিজয়ীসকলৰ বাবে নগদ পুৰস্কাৰ ঘোষণা কৰে, নীৰজ চোপ্ৰাক (Neeraj Chopra) ১ কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে, যি দেশৰ প্ৰথম ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে সোণৰ পদক জিকিছে। জেভেলিন থ্ৰো এথলীট চোপ্ৰাই অলিম্পিক ইতিহাসত ভাৰতক সুন্দৰ প্ৰদৰ্শনেৰে দ্বিতীয়টো ব্যক্তিগত স্বৰ্ণ পদক উপহাৰ দিছে। এক টুইটযোগে বিচিচিআইৰ সচিব জয় শ্বাহে ৰূপৰ পদক বিজয়ী - ভাৰোত্তোলক মীৰাবাই চানু আৰু মল্লযোদ্ধা ৰবি দাহিয়াৰ বাবে ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে৷ মল্লযোদ্ধা বজৰং পুনিয়া, বক্সাৰ লাভলীনা বৰগোহাঁই আৰু বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে প্ৰত্যেকে ২৫ লাখ টকাকৈ লাভ কৰিব৷ পুৰুষ হকী দলে ৪১ বছৰৰ পিছত প্ৰথম অলিম্পিক পদক জিকি ১.২৫ কোটি টকা লাভ কৰিব।

হাৰিয়ানা চৰকাৰে নীৰজ চোপ্ৰাক (Neeraj chopra in Olympics) নগদ ৬ কোটি টকা দিব বুলি ঘোষণা কৰিছে। তেওঁক প্ৰথম শ্ৰেণীৰ চাকৰিও দিয়া হ'ব। ইয়াৰ উপৰিও, পঞ্চকুলাত চেণ্টাৰ অফ এথলেটিকছ স্থাপন কৰা হ'ব, যাক নীৰজ চোপ্ৰাই নেতৃত্ব দিয়াৰ কথা ঘোষণা কৰা হৈছে।

শেহতীয়া বাতৰি