IPL 2021: বিৰাট কোহলীয়ে গঢ়িব পাৰে বিশেষ ৰেকৰ্ড, এতিয়ালৈকে কোনো ভাৰতীয় ক্ৰিকেটাৰে গঢ়া নাই এই ৰেকৰ্ড

News18 Assam | News18-Assam
Updated:April 6, 2021, 12:22 PM IST
IPL 2021: বিৰাট কোহলীয়ে গঢ়িব পাৰে বিশেষ ৰেকৰ্ড, এতিয়ালৈকে কোনো ভাৰতীয় ক্ৰিকেটাৰে গঢ়া নাই এই ৰেকৰ্ড
প্ৰথম খন খেল পূৰ্বৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ (Mumbai Indians) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (Royal Challengers Bengaluru)ৰ মাজত খেলা হ’ব। কোহলী বেংগালুৰু দলৰ অধিনায়ক।

প্ৰথম খন খেল পূৰ্বৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ (Mumbai Indians) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (Royal Challengers Bengaluru)ৰ মাজত খেলা হ’ব। কোহলী বেংগালুৰু দলৰ অধিনায়ক।

  • Share this:
তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে (Virat Kohli) প্ৰদৰ্শনীয় খেলেৰে কেইবাটাও বেটিং অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তেওঁ আই পি এলৰ চলিত ছিজনত (IPL 2021) এক বিশেষ অভিলেখ গঢ়িব পাৰে। এতিয়ালৈকে কোনো ভাৰতীয় ক্ৰিকেটাৰে এনে কৰিবলৈ সক্ষম হোৱা নাই। টি-২০ লীগ (T-20 League) ৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। প্ৰথম খন খেল পূৰ্বৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ (Mumbai Indians) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (Royal Challengers Bengaluru)ৰ মাজত খেলা হ’ব। কোহলী বেংগালুৰু দলৰ অধিনায়ক।
টি-২০ত, এতিয়ালৈকে কোনো ভাৰতীয় খেলুৱৈয়ে ১০,০০০ ৰাণৰ সীমা স্পৰ্শ কৰা নাই। বিৰাট কোহলী ৯৭৩১ ৰাণৰ সৈতে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী। চলিত ছিজনত ২৬৯ ৰাণ সংগ্ৰহ কৰিলে কোহলীয়ে ১০,০০০ ৰাণ সম্পূৰ্ণ কৰিব। এতিয়ালৈকে কোনো ভাৰতীয়ই এনে কৰিবলৈ সক্ষম হোৱা নাই। মুম্বাইৰ অধিনায়ক ৰোহিত শৰ্মা ৯০৬৫ ৰাণৰ সৈতে দ্বিতীয় স্থানত আছে। চলিত ছিজনত তেওঁৰ বাবে ১০,০০০ ৰাণৰ সীমা স্পৰ্শ কৰাটো কঠিন।
টি-২০ ৰেকৰ্ডলৈ লক্ষ্য কৰিলে, বিশ্বৰ তিনিজন খেলুৱৈয়ে ১০,০০০ বা ততোধিক ৰাণ সংগ্ৰহ কৰিছে। এই ক্ষেত্ৰত ৱেষ্ট ৱিণ্ডিজৰ ক্ৰিছ গেইল (Chris Gayle) শীৰ্ষত আছে। তেওঁ ১৩,৭২০ ৰাণ সংগ্ৰহ কৰিছে। দুধৰ্ষ বেটছমেনজনে ২২ টা শতক আৰু ৮৬ টা অৰ্ধশতক অৰ্জন কৰিছে। কাইৰন প'লাৰ্ড (Kieron Pollard) ১০,৬২৯ ৰাণৰ সৈতে দ্বিতীয় স্থানত আছে আৰু পাকিস্তানৰ ছোৱেইব মালিক (Shoaid Malik) ১০,৪৮৮ ৰাণৰ সৈতে তৃতীয় স্থানত আছে। গেইলে আই পি এলত পঞ্জাৱ কিংছ ইলেভেনৰ সৈতে খেলি আছে আনহায়ে প'লাৰ্ডে মুম্বাই ইণ্ডিয়ানছৰ সৈতে খেলি আছে।

আই পি এলত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ ক্ষেত্ৰত বিৰাট কোহলী এক নম্বৰ। তেওঁ ৫৮৭৮ ৰাণ সংগ্ৰহ কৰিছে। ৬,০০০ ৰাণৰ ঘৰ স্পৰ্শ কৰিবলৈ ১২২ ৰাণৰ প্ৰয়োজন। এই ক্ষেত্ৰত, তেওঁ টি-২০ লীগত ৬,০০০ ৰাণৰ সীমা স্পৰ্শ কৰা প্ৰথম জন খেলুৱৈ হ'ব পাৰে। সুৰেশ ৰাইনা (Suresh Raina) ৫৩৬৮ ৰাণৰ সৈতে দ্বিতীয় আৰু ডেভিদ ৱাৰ্ণাৰ (David Warner) ৫২৫৪ ৰাণৰ সৈতে তৃতীয় স্থানত আছে। কেৱল সেয়াই নহয়, বিৰাটৰ দল বেংগালুৰুয়ে এতিয়ালৈকে ১৩ টা ছিজনৰ ভিতৰত এবাৰো খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই। কোহলীয়েও এইবাৰ এই দুঃচিন্তা শেষ কৰিব বিচাৰিব।
First published: April 6, 2021, 12:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি