অনিশ্চয়তাত IPL! এইবাৰ IPLত Coronaৰ ত্ৰাস ! দিল্লী কেপিটেলছক quarantine হ'বলৈ নিৰ্দেশ BCCIৰ ...

News18 Assam | News18-Assam
Updated:May 4, 2021, 1:32 PM IST
অনিশ্চয়তাত IPL! এইবাৰ IPLত Coronaৰ ত্ৰাস ! দিল্লী কেপিটেলছক quarantine হ'বলৈ নিৰ্দেশ BCCIৰ ...
ক'ৰোণাৰ ত্ৰাসে স্ত্ৰস্তমান কৰিছে এইবাৰ IPLক । কলকাতা নাইট ৰাইডাৰ্ছ (KKR) আৰু চেন্নাই চুপাৰ কিংছ (CSK) শিবিৰত ক'ৰোণাৰ প্ৰৱেশৰ পিছতে এতিয়া অথন্তৰ লাগিছে IPLত ।

ক'ৰোণাৰ ত্ৰাসে স্ত্ৰস্তমান কৰিছে এইবাৰ IPLক । কলকাতা নাইট ৰাইডাৰ্ছ (KKR) আৰু চেন্নাই চুপাৰ কিংছ (CSK) শিবিৰত ক'ৰোণাৰ প্ৰৱেশৰ পিছতে এতিয়া অথন্তৰ লাগিছে IPLত ।

  • Share this:
দেশত কোৰোণাৰ সংহাৰৰ মাজতে এতিয়া IPLৰ চতুৰ্দশ চিজনৰ খেলত লাগিছে অথন্তৰ । কলকাতা নাইট ৰাইডাৰ্ছ (KKR) আৰু চেন্নাই চুপাৰ কিংছ (CSK) শিবিৰত কোৰোণাৰ প্ৰৱেশৰ লগে লগে এতিয়া চিন্তিত হৈ পৰিছে সকলো ।

কলকাতা নাইট ৰাইডাৰ্ছ (KKR)ৰ ক্ৰিকেটাৰ বৰুণ চক্ৰৱৰ্তী আৰু সন্দীপ ৱাৰিয়াৰ সোমবাৰে কোভিড পজিটিভৰূপে চিনাক্ত হোৱাৰ পিচতেই পিছুৱাই দিয়া হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে থকা তেওঁলোকৰ খেল । ইপিনে KKR শিবিৰত কোৰোণাৰ সংক্ৰমণ খবৰ লাভৰ কিছু সময় পিছতেই চেন্নাই চুপাৰ কিংছৰ বলিং প্ৰশিক্ষক লক্ষ্মীপতি বালাজী আৰু এজন বাছ চাফাই কৰ্মীও কোৰোণাত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰিছিল ।

এই খবৰৰ পিছতেই শেহতীয়াকৈ বিচিচিআইয়ে দিল্লী কেপিটেলছৰ খেলুৱৈ আৰু সমৰ্থনকাৰীসকলক পৰৱৰ্তী জাননী লাভ নকৰা পৰ্যন্ত নিজকে কোৱাৰেন্টিন কৰি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । যিহেতু KKRয়ে ২৯ এপ্ৰিলত দিল্লীৰ বিৰুদ্ধে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অন্তিমখন খেল খেলিছিল, তেনেস্থলত KKRৰ বৰুণ আৰু সন্দীপ কোভিডত আক্ৰান্ত হোৱাৰ পিছতেই বিচিচিআই গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।

ক্ৰিকবাজৰ মতে, দিল্লী কেপিটেলছৰ এগৰাকী বিষয়াই জনায় যে KKRৰ বিৰুদ্ধে অন্তিমখন মেচ খেলাৰ বাবে তেওঁলোকক কোৱাৰেণ্টিন হ'বলৈ কোৱা হৈছে । আমাৰ সকলোৱে নিজৰ কোঠাত কোৱাৰেন্টিন হৈ আছে । বিষয়াগৰাকীয়ে লগতে জনায় যে এই কোৱাৰেণ্টিন কিমান দিনৰ বাবে সেয়া এতিয়াও জানিব পৰা হোৱা নাই । ইয়াৰ পিছতে আজিৰ দিনটোত দিল্লীৰ দলটোৰ বাবে মোটেৰাত নিৰ্ধাৰিত অনুশীলন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰো কোনোধৰণৰ সম্ভাৱনা নাই ।

আনফালে কোৰোণাৰ ভয়াৱহ পৰিস্থিতিলৈ লক্ষ্য ৰাখি তত্কালে IPL2021ৰ খেল বাতিল কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে দুগৰাকীকৈ অধিবক্তাই । অধিবক্তা কৰণ সিং ঠটকৰাল আৰু সমাজ কৰ্মী ইন্দদৰ মোহন সিঙে দাখিল কৰিছে এই আবেদন । লগতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ কীৰ্তি আজাদেও এই খেল অতি শীঘ্ৰেই বাতিল কৰাৰ পৰামৰ্শ দিছে । তেওঁৰ মতে খেলুৱৈসকলৰ সুৰক্ষাৰ দিশটোলৈ লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰাটো উচিত ।

উল্লেখ্য যে, IPL2021ৰ প্ৰথম পৰ্যায় সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছতে দেশত কোৰোণাৰ সংহাৰৰ বাবে এতিয়া বিপদত পৰিছে সকলো ।
এনে পৰিস্থিতিত পৰৱৰ্তী খেলসমূহো অনুষ্ঠিত কৰা হ'ব নে নাই সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হৈ পৰিব ।
Published by: Kokil Sarma
First published: May 4, 2021, 1:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি