নম্বৰ ১ দিল্লী কেপিটেলছ (Delhi Capitals) IPL 2021 ৰ অন্তিম লীগ মেচত আৰচিবি (RCB)ৰ হাতত ৭ উইকেটত পৰাজিত হৈছে। এইটো আৰচিবিৰ ছিজনৰ নৱম জয়। দিল্লীয়ে এতিয়া ১০ অক্টোবৰত কোৱালিফায়াৰ-১ত এম এছ ধোনীৰ অধিনায়কত্বত CSKৰ বিৰুদ্ধে খেলিব। RCBয়ে ১১ অক্টোবৰত এলিমিনেটৰত মৰ্গানৰ নেতৃত্বত KKRৰ সৈতে খেলিব। দিল্লীয়ে তেওঁলোকৰ প্ৰথম ইনিংছত ৫ উইকেটত ১৬৪ ৰাণ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত আৰচিবিয়ে ২০ অভাৰত ৩ টা উইকেট হেৰুৱাই লক্ষ্য প্ৰাপ্ত কৰে। আৰচিবি আৰু দিল্লীয়ে প্ৰথম আই পি এল খিতাপৰ ওপৰত দৃষ্টি ৰাখিব।
তালিকাৰ তিনি নম্বৰ দলটোৱে ৯ খন খেল জয়লাভ কৰিছে
চলিত ছিজনত আৰচিবিৰ নৱম জয়। দলটো ১৮ পইণ্টৰ সৈতে তৃতীয় স্থানত আছে। চিএছকেৰো ১৮ পইণ্ট আছে। কিন্তু ভাল ৰাণগড়ৰ বাবে তেওঁলোকে দ্বিতীয় স্থান দখল কৰিছে। দিল্লী ২০ পইণ্টৰ সৈতে প্ৰথম আৰু কেকেআৰ ১৪ পইণ্টৰ সৈতে চতুৰ্থ স্থানত আছে। কোৱালিফায়াৰ-২ ১৩ অক্টোবৰত আৰু ১৫ অক্টোবৰত ফাইনেল হ'ব। কোৱালিফায়াৰ-২-ত, কোৱালিফায়াৰ-১-ৰ পৰাজিত দল আৰু এলিমিনেটৰৰ বিজয়ীৰ মাজত যুঁজ হ'ব। মুম্বাই দলটোৱে প্ৰতিযোগিতাৰ পৰা বিদায় মাগিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|