শ্বাৰজাহৰ খেলপথাৰত দেওবাৰে ৰাজস্থান ৰয়েলছ আৰু কিংছ ইলেভেন পাঞ্জাৱৰ (RR vs KXIP ) খেলখনে আইপিএলৰ চলিত চিৰিজৰ অন্যতম আকৰ্ষণ (IPL 2020) হৈ পৰে। পৰাজয়ৰ মুখৰ পৰা ৰাজস্থান ৰয়েলছৰ জয় আৰু এক অভাৰত পাঁচটা ছয় কোবাই ৰাণৰ ছুনামী অনা বেটছমেন ৰাহুল তেৱতিয়াক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা। ২৭বছৰীয়া ক্ৰিকেটাৰজনৰ বিষয়ে এতিয়ালৈকে ক্ৰিকেট অনুৰাগীসকলে বিশেষ নাজানিছিল যদিও এই খেলখনৰ পিছত ৰাহুল তেৱতিয়াক লৈ (Rahul Tewatia) সকলো উৎকণ্ঠিত হৈ পৰিছে। এইজনেই তেৱাতিয়া যি নিজৰ প্ৰথম ৮ৰাণ ১৯টা বলত কৰিব পাৰিছিল। আহক ৰাহুল তেৱতিয়াৰ বিষয়ে জানক।
৩কোটি টকাৰ খেলুৱৈৰাহুল তেৱতিয়া সৰ্বপ্ৰথম ২০১৮চনত খবৰৰ শিৰোনামলৈ আহিছিল। সেই সময়ত ২৪বছৰৰ তেৱতিয়াক ক্ৰয় কৰিবলৈ আইপিএলৰ নীলামত অংশ লোৱা দলসমূহৰ মাজত প্ৰতিযোগিতা হৈছিল। সেইসময়ত তেওঁৰ বেচ প্ৰাইচ আছিল মাত্ৰ ১০লাখ টকা। কিন্তু মাত্ৰ কেইমিনিটমানৰ ভিতৰতে তেওঁৰ দাম ২.৫কোটি টকালৈকে উঠিছিল। কিংছ ইলেভেন পাঞ্জাৱৰ কাৰণে প্ৰথম তেওঁ খেলিছিল। কিন্তু দিল্লী ডেয়াৰডেভিলছে তেওঁক ক্ৰয় কৰে ৩কোটি টকাত। কিন্তু দুটা চিজনৰ পিছত অৰ্থাৎ যোৱাবছৰ ৰাজস্থানে তেওঁক নিজৰ দলত ট্ৰেডিং কৰে।
হাৰিয়ানাৰ কাৰণে ৰঞ্জী ট্ৰফী খেলিছিল১৯৯৩চনত হাৰিয়ানাত জন্মগ্ৰহণ কৰা তেৱতিয়াই ২০১৩চনত ৰঞ্জী খেলৰ জৰিয়তে ক্ৰিকেটত প্ৰৱেশ কৰে। তেওঁৰ খেলৰ শৈলী পুৰণি ষ্টাইলৰ লেগ স্পীনাৰ যি বতাহত বল উৰাই ভাল পায়। মাত্ৰ সাতখন ফাৰ্ষ্ট ক্লাছ খেলত তেওঁ খেলাৰ সুযোগ পাইছে য’ত তেওঁ ১৯০ ৰাণ কৰিছিল। এই খেল কেইখনত তেওঁ ১৭টা উইকেট লৈছে। তেৱাতিয়াই বেছিভাগ টি–২০ আৰু লিষ্ট এ খেল খেলিছে। এইপৰ্যন্ত তেওঁ ৫০খন টি–২০ মেচ খেলিছিল। লিষ্ট এত তেওঁৰ সৰ্বাধিক ৯১ৰাণৰ স্ক’ৰ কৰিছে।
আইপিএলত প্ৰদৰ্শন
ৰাহুল তেৱতিয়াই প্ৰথম ২০১৪চনত ৰাজস্থান ৰয়েলছৰ কাৰণে আইপিএলত খেলাৰ সুযোগ পাইছিল। ইয়াৰ পিছত তেওঁ পঞ্জাৱৰ কাৰণে ডেব্যু মেচত ১৮ৰাণত দুটা উইকেট লৈছিল। ইয়াৰ বাহিৰে সেই খেলত তেওঁ ৮টা বলত ১৫ৰাণৰ ইনিংছ খেলিছিল। কিন্তু ২০১৮চনত দিল্লী টীমত অহাৰ পিছত তেওঁ অধিক মেচত খেলিবলৈ লয়। কিন্তু প্ৰদৰ্শন সিমান সাংঘাতিক হোৱা নাছিল।
ছিক্সাৰ কিং ৰাহুল তেৱাতিয়াটি–২০ত তেৱতিয়াৰ ষ্ট্ৰাইক ৰেট ১৫৩ৰাণৰ। হয়তো এই কাৰণে ৰাজস্থান ৰয়েলছৰ মেনেজমেণ্টে তেওঁক চতুৰ্থ স্থানত বেটিং কৰিবলৈ পঠিয়ায়। মেচৰ পিছত সঞ্জু চেমনে কয় যে তেৱতিয়া এনে এজন বেটছমেন যি নেটছত যথেষ্ট ছয় কোবায় আৰু হয়তো এই কাৰণতে টীম মেনেজমেণ্টে ধাৰণা কৰিছিল যে পিচত তেওঁ যদি টিকি যায় তেনেহ’লে ছয় কোবাবই। আৰু আশা কৰা ধৰণেই তেওঁ ৫টা ছয় কোবাই ৰাজস্থানত ঐতিহাসিক জয় দিয়ায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|