হাৰ্দিক পাণ্ডিয়া (Hardik Pandya) টি-২০ বিশ্বকাপ ২০২১ (T-20 World Cup 2021)ৰ চুপাৰ ১২ ত পাকিস্তানৰ (India Vs Pakistan) বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ খেলত আঘাতপ্ৰাপ্ত হৈছিল। ANIএ জনোৱা অনুসৰি পাণ্ডিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখনৰ বাবে ফিট হৈ উঠিছে ।

ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া (Hardik Pandya) টি-২০ বিশ্বকাপ ২০২১ (T-20 World Cup 2021)ৰ চুপাৰ ১২ ত পাকিস্তানৰ (India Vs Pakistan) বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ খেলত আঘাতপ্ৰাপ্ত হৈছিল। বেটিঙৰ সময়ত তেওঁ সোঁ কান্ধত আঘাত প্ৰাপ্ত হৈছিল, যাৰ ফলত তেওঁ দ্বিতীয় ইনিংছত ফিল্ডিং কৰিব পৰা নাছিল আৰু ঈশান কিষাণে তেওঁৰ স্থান ল'ব লগা হৈছিল। পাণ্ডিয়াক স্কেনৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যাৰ পিছত পাণ্ডিয়াৰ ফিটনেছৰ বিষয়ে নতুন তথ্য পোহৰলৈ আহিছে।
টীম ইণ্ডিয়াকে ধৰি ভাৰতীয় অনুৰাগীসকলেও তেওঁৰ আঘাতক লৈ চিন্তিত আছিল। দৰাচলতে, ভাৰতে তেওঁলোকৰ প্ৰথম চুপাৰ ১২ মেচত পাকিস্তানৰ হাতত ১০ উইকেটত পৰাজিত হৈছিল। তেনে ক্ষেত্ৰত, তেওঁৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী মেচখন জিকাটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰে।
ANIএ জনোৱা অনুসৰি পাণ্ডিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখনৰ বাবে ফিট হৈ উঠিছে । এনে পৰিস্থিতিত, তেওঁৰ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|