• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Lords Test: দ্বিতীয় টেষ্টৰ পূৰ্বে ভাৰতৰ মোক্ষম আঘাত ! শাৰ্দুল ঠাকুৰে নেখেল পৰৱৰ্তী টেষ্টত, উমেশ-ঈশান্তৰ যিকোনো এজনে খেলিব !

Lords Test: দ্বিতীয় টেষ্টৰ পূৰ্বে ভাৰতৰ মোক্ষম আঘাত ! শাৰ্দুল ঠাকুৰে নেখেল পৰৱৰ্তী টেষ্টত, উমেশ-ঈশান্তৰ যিকোনো এজনে খেলিব !

IND VS ENG, 2nd Test: হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে শাৰ্দুল ঠাকুৰ লৰ্ডছ টেষ্টৰ পৰা বাহিৰ হৈছে। ইয়াৰ অৰ্থ হৈছে ঈশান্ত শৰ্মা বা উমেশ যাদৱে শাৰ্দুল ঠাকুৰৰ স্থান লোৱাৰ সুযোগ পাব পাৰে।

  • Share this:
টীম ইণ্ডিয়াৰ পেচাৰ শাৰ্দুল ঠাকুৰক (Shardul Thakur) লৰ্ডছ টেষ্টৰ (IND VS ENG, 2nd Test) পৰা বাদ দিয়া হৈছে। ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয় খন টেষ্ট বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ'ব। নটিংহামত প্ৰথম খন টেষ্ট ড্ৰ আছিল য'ত শাৰ্দুল ঠাকুৰে ভাল বলিং কৰিছিল। শাৰ্দুলে প্ৰথম ইনিংছ আৰু দ্বিতীয় ইনিংছত ২ টাকৈ উইকেট দখল কৰিছিল। ঠাকুৰে নটিংহামত জো ৰুট, জছ বাটলাৰৰ দৰে বেটছমেনৰ উইকেট দখল কৰিছিল। কিন্তু এতিয়া হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে তেওঁ লৰ্ডছ টেষ্টৰ পৰা বাহিৰ হৈছে।

লৰ্ডছ টেষ্টৰ পূৰ্বে এখন সংবাদমেলত বিৰাট কোহলীয়ে কয়, 'শাৰ্দুল ঠাকুৰৰ বাওঁ ভৰিত পেশীৰ চাপ আছে যিয়ে তেওঁক দ্বিতীয় টেষ্ট খেলিবলৈ বাধা দিব। অৱশ্যে, তেওঁ তৃতীয় টেষ্টত উভতি আহিব।' বিৰাট কোহলীয়ে কৈছে যে তেওঁ দ্বিতীয় টেষ্টতো চাৰিজন দ্ৰুত বলাৰক খেলিবলৈ সাজু হৈছে। বিৰাট কোহলীয়ে কৈছিল, 'আমি আমাৰ প্লেয়িং ইলেভেনত চাৰিজন দ্ৰুত বলাৰ ৰাখিব বিচাৰিম কাৰণ ইয়াত এনেদৰেই পৰিস্থিতি আছে।' ইয়াৰ অৰ্থ হৈছে ঈশান্ত শৰ্মা বা উমেশ যাদৱে শাৰ্দুল ঠাকুৰৰ স্থান লোৱাৰ সুযোগ পাব পাৰে।
Published by:Kokil Sarma
First published: