পুনেৰ এমচিএ ষ্টেডিয়ামত বিৰাট কোহলীৰ দপদপনি আছে। ভাৰতীয় অধিনায়কজনে পুনেৰ এমচিএ ষ্টেডিয়ামত সৰ্বাধিক ৩১৯ ৰাণ সংগ্ৰহ কৰিছে।
পুনেৰ এমচিএ ষ্টেডিয়ামত বিৰাট কোহলীৰ দপদপনি আছে। ভাৰতীয় অধিনায়কজনে পুনেৰ এমচিএ ষ্টেডিয়ামত সৰ্বাধিক ৩১৯ ৰাণ সংগ্ৰহ কৰিছে।
ভাৰত আৰু ইংলেণ্ডৰ মাজত সদ্যসমাপ্ত টি-২০ শৃংখলাটোৰ ঠিক সাত মাহ পিছত আৰম্ভ হৈছে টি-২০ বিশ্বকাপ। আজি অৰ্থাৎ মঙলবাৰৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত এদিনীয়া শৃংখলা (India vs England, 1st ODI)। এদিনীয়া শৃংখলাৰ তিনিওখন খেল পুনেৰ এমচিএ ষ্টেডিয়াম (MCA Stadium)ত খেলা হ’ব য'ত বেটছমেন আৰু বলাৰ দুয়োজনে আধিপত্য দেখা যাব। ভাৰতে টেষ্ট আৰু টি-২০ শৃংখলাত ইংলেণ্ডক পৰাজিত কৰিছে আৰু ইয়াক এদিনীয়া শৃংখলাত জয় লাভৰ আশা কৰা হৈছে। এমচিএ ষ্টেডিয়াম আৰু ভাৰতীয় ক্ৰিকেট দল (Team India)ৰ ৰেকৰ্ডৰ কিছুমান গুৰুত্বপূৰ্ণ কথা জানো আহক।
২০১৭ চনত একেখন খেলপথাৰত ভাৰতে ইংলেণ্ডক ৩ উইকেটত পৰাজিত কৰিছিল। সেই সময়ত ইংলেণ্ডৰ অধিনায়ক জো ৰুট (Joe Root) আছিল। অৱশ্যে, এমচিএ ষ্টেডিয়ামত ভাৰতৰ জয়ৰ শতাংশ মাত্ৰ ৫০ শতাংশ। ভাৰতীয় ক্ৰিকেট দলে ইয়াত খেলা ৪ খন খেলৰ ভিতৰত ২ খন খেল জিকিছে। এমচিএ ষ্টেডিয়ামত প্ৰথম ইনিংছত গড় ৰাণ ২৯১ আৰু দ্বিতীয় ইনিংছত ২৬৫ ৰাণ কৰা হয়। অৱশ্যে, ৪ খন খেলৰ ভিতৰত ২-২ ত, প্ৰথমে বেটিং কৰা আৰু ফিল্ডিং কৰা দলবোৰে জয় লাভ কৰিছে। এমচিএ খেলপথাৰত আটাইতকৈ বৃহৎ স্ক’ৰ হৈছে ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে কৰা ৩৫৬ ৰাণ। ভাৰতে এই খেলপথাৰত ২৩২ ৰাণৰ আটাইতকৈ কম স্ক’ৰ কৰিছে।
পুনেৰ এমচিএ ষ্টেডিয়ামত বিৰাট কোহলীৰ দপদপনি আছে। ভাৰতীয় অধিনায়কজনে পুনেৰ এমচিএ ষ্টেডিয়ামত সৰ্বাধিক ৩১৯ ৰাণ সংগ্ৰহ কৰিছে। বিৰাট কোহলীয়ে পুনেত দুটা শতক আৰু অৰ্ধশতক অৰ্জন কৰিছে। বিৰাট কোহলীৰ বেটিং গড় প্ৰায় ৮০।
বলিঙত ভুবনেশ্বৰ কুমাৰে এমচিএত ৪টা উইকেট লৈছে। এই তালিকাত ৮টা উইকেট দখলৰ সৈতে যশপ্ৰীত বুমৰাহ শীৰ্ষত আছে অৱশ্যে তেওঁ এই শৃংখলাটোত খেলা নাই। পিটছ প্ৰতিবেদনৰ মতে, এমচিএ পিটচ বেটিঙৰ বাবে ভাল কিন্তু খেল আগবাঢ়ি থকাৰ লগে লগে স্পীনাৰসকলে ইয়াত সহায় পোৱা আৰম্ভ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|