মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Ind vs SL, 2nd ODI: নিশ্চিত জয়ৰ দিশে গতি কৰা সিংহলী বাহিনীৰ হাতৰ পৰা মেচ কাঢ়ি আনিলে দীপক-ভূৱনেশ্বৰৰ যুটীয়ে, ভাৰতৰ দখলত এদিনীয়া শৃংখলা...

Ind vs SL, 2nd ODI: নিশ্চিত জয়ৰ দিশে গতি কৰা সিংহলী বাহিনীৰ হাতৰ পৰা মেচ কাঢ়ি আনিলে দীপক-ভূৱনেশ্বৰৰ যুটীয়ে, ভাৰতৰ দখলত এদিনীয়া শৃংখলা...

Kokil Sarma | News18-Assam
Updated:July 20, 2021, 11:53 PM IST
Ind vs SL, 2nd ODI: নিশ্চিত জয়ৰ দিশে গতি কৰা সিংহলী বাহিনীৰ হাতৰ পৰা মেচ কাঢ়ি আনিলে দীপক-ভূৱনেশ্বৰৰ যুটীয়ে, ভাৰতৰ দখলত এদিনীয়া শৃংখলা...
শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় খন এদিনীয়াত টীম ইণ্ডিয়াই (India vs Sri Lanka, 2nd ODI) ৩ উইকেটৰ ৰোমাঞ্চকৰ জয়েৰে শৃংখলা দখল কৰে।

শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় খন এদিনীয়াত টীম ইণ্ডিয়াই (India vs Sri Lanka, 2nd ODI) ৩ উইকেটৰ ৰোমাঞ্চকৰ জয়েৰে শৃংখলা দখল কৰে।

  • Share this:
শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় খন এদিনীয়াত টীম ইণ্ডিয়াই (India vs Sri Lanka, 2nd ODI) ৩ উইকেটৰ ৰোমাঞ্চকৰ জয়েৰে শৃংখলা দখল কৰে। দ্বিতীয় খন খেলত টীম ইণ্ডিয়াই ২৭৬ ৰাণৰ লক্ষ্য লাভ কৰিছিল আৰু শিখৰ ধাৱানৰ দলে ৫ বল আগতে লক্ষ্য প্ৰাপ্ত কৰিছিল। এটা সময়ত, ভাৰতীয় দলটোৱে ১৬০ ৰাণত ৬ টা উইকেট হেৰুৱাইছিল কিন্তু তথাপিও জিকিবলৈ সক্ষম হৈছিল। ভাৰতীয় দলৰ বিজয়ৰ স্ক্ৰিপ্ট সূৰ্যকুমাৰ যাদৱ (Suryakumar Yadav), দীপক চাহাৰ (Deepak Chahar)ৰ দ্বাৰা অৰ্ধ-শতকীয় ইনিংছৰ দ্বাৰা লিখা হৈছিল। সূৰ্যকুমাৰে তেওঁৰ এদিনীয়া কেৰিয়াৰৰ প্ৰথম অৰ্ধশতকত ৫৩ ৰাণ সংগ্ৰহ কৰিছিল। দীপক চাহাৰে প্ৰথমবাৰৰ বাবে এদিনীয়াত অৰ্ধশতক অৰ্জন কৰি টীম ইণ্ডিয়াক এক সুন্দৰ বিজয় প্ৰদান কৰে।

বিশেষকৈ দীপক চাহাৰে ভুৱনেশ্বৰ কুমাৰৰ সৈতে ৮ম উইকেটৰ বাবে অৰ্ধশতকৰ যুটী বান্ধি শ্ৰীলংকাৰ দলৰ পৰা মেচখন কাঢ়ি লয়। দীপক চাহাৰে ৭ টা উইকেট পৰিলেও ভুৱনেশ্বৰ কুমাৰৰ সৈতে ক্ৰীজত থাকি বিজয় সম্ভৱ কৰি তোলে৷ চাহাৰে অত্যন্ত চাপপূৰ্ণ মুহূৰ্তত ৬৪ টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে আৰু টীম ইণ্ডিয়াক বিজয় প্ৰদান কৰে৷
Published by: Kokil Sarma
First published: July 20, 2021, 11:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি