உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • WTC Final, IND VS NZ: বগা চাহাবৰ দেশত বৰষুণে ধুই পেলালে প্ৰথম দিনাৰ খেল ! বল-বেটৰ যুঁজ পিছৰ কথা টছেই নহ'ল...

    WTC Final, IND VS NZ: বগা চাহাবৰ দেশত বৰষুণে ধুই পেলালে প্ৰথম দিনাৰ খেল ! বল-বেটৰ যুঁজ পিছৰ কথা টছেই নহ'ল...

    চাউদাম্পটনৰ বতৰে ক্ৰিকেট প্ৰেমীসকলক হতাশ কৰিলে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্ৰথম দিনটো বৰষুণে ধুই পেলালে।

    • Share this:
    অৱশেষত যি আশংকা কৰা হৈছিল সেয়া ঘটিল। চাউদাম্পটনৰ বতৰে ক্ৰিকেট প্ৰেমীসকলক হতাশ কৰিলে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্ৰথম দিনটো বৰষুণে ধুই পেলালে। চাউদাম্পটনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত টছ হোৱা নাছিল আৰু অৱশেষত বিষয়াসকলে প্ৰথম দিনাৰ খেল বাতিল কৰিব লগা হয়।

    বাতৰি অনুসৰি, খেলখন এতিয়া শনিবাৰে ৯৮ অভাৰৰ খেলা হ'ব আৰু এতিয়া ৰিজাৰ্ভ দিনটোলৈ যাব। পাঁচ দিনৰ হেৰুওৱা অভাৰবোৰ ৰিজাৰ্ভ দিনত বল কৰা হ'ব। ভাল কথাটো হ'ল চাউদাম্পটনত দ্বিতীয় দিনা বৰষুণৰ সম্ভাৱনা কম। বতৰ বিভাগৰ মতে, পিছদিনা ৰ'দ দিব পাৰে। ক্ৰিকেট অনুৰাগীসকলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত কাইলৈ বল আৰু বেটৰ যুঁজ দেখিব পাৰে।
    Published by:Kokil Sarma
    First published: