• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • IND vs ENG: হাৰ্দিক পাণ্ডিয়াৰ সন্মুখত অভাৱনীয় প্ৰত্য়াহ্বান! টীম ইণ্ডিয়াৰ নতুন হিৰোৰ ৰূপত আৱিৰ্ভাৱ শাৰ্দুল ঠাকুৰৰ

IND vs ENG: হাৰ্দিক পাণ্ডিয়াৰ সন্মুখত অভাৱনীয় প্ৰত্য়াহ্বান! টীম ইণ্ডিয়াৰ নতুন হিৰোৰ ৰূপত আৱিৰ্ভাৱ শাৰ্দুল ঠাকুৰৰ

India vs England 4th Test: শাৰ্দুল ঠাকুৰে (Shardul Thakur) অলৰাউণ্ড প্ৰদৰ্শনেৰে টীম ইণ্ডীয়াক চতুৰ্থ টেষ্টত (IND vs ENG)  শক্তিশালী স্থিতিলৈ তুলি নিয়ে। শাৰ্দুলে একেৰাহে দুটা ইনিংছত ৫০ৰ অধিক ৰাণ কৰিছে। তেওঁ হাৰ্দিক পাণ্ডিয়া  (Hardik Pandya)ৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই।

  • Share this:
টীম ইণ্ডিয়াৰ নতুন হিৰোৰ ৰূপত আৱিৰ্ভাৱ ঘটিছে শৰ্দুল ঠাকুৰ (Shardul Thakur)ৰ। ইংলেণ্ডৰ টেষ্ট শৃংখলা শাৰ্দুল ঠাকুৰৰ বাবে আশীৰ্বাদ হৈ পৰিছে। চতুৰ্থ টেষ্টৰ প্ৰথম ইনিংছত ৫৭ ৰাণ আৰু দ্বিতীয় ইনিংছত ৬০ কৰিছিল শাৰ্দুল ঠাকুৰে। চলিত টেষ্ট শৃংখলাত এখন টেষ্টৰ দুটা ইনিংছতে অৰ্ধশতক কৰা একমাত্ৰ খেলুৱৈ হৈছে শাৰ্দুল ঠাকুৰ। পাঁচখনীয়া শৃংখলাটো এতিয়ালৈ ১-১ত সমান হৈ আছে।

শাৰ্দুল ঠাকুৰে যেতিয়া প্ৰথম ইনিংছত বেটিং কৰিবলৈ আহিছিল তেতিয়া টীমৰ স্কোৰ আছিল ৬ উইকেটত ১১৭ ৰাণ। তেতিয়া সকোৱে এনে ধাৰণা কৰিছিল যে টীম ইণ্ডিয়াই ১৫০ৰ ঘৰো অতিক্ৰম কৰিব নোৱাৰিব। কিন্তুশাৰ্দুল ঠাকুৰে ৩৬টা বলত আক্ৰমণাত্মকভাৱে ৫৭ ৰাণ কৰি দলক এক আশাব্যঞ্জক স্থিতিলৈ লৈ যায়। ৭টা চাৰি আৰু ৩টা ছিক্সাৰেৰে দলক বিপদৰ পৰা উদ্ধাৰৰ থলৈ তুলি নিয়ে শাৰ্দুল ঠাকুৰে। তাৰ পিছত বলিং আক্ৰমণৰ গুৰি ধৰি শাৰ্দুলে  এটা উইকেট দখল কৰে। ৮১ ৰাণ ৰা ইংলেণ্ডৰ বেটছমেন অলি পোপক আউট কৰে শাৰ্দুলে। এই অলৰাউণ্ড প্ৰদৰ্শনেৰে শাৰ্দুল ঠাকুৰে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া (Hardik Pandya)ৰ অভাৱ অনুভৱ হ'বলৈ দিয়া নাই। কঁকালৰ আঘাটৰ বাবে হাৰ্দিক পাণ্ডিয়াক ইংলেণ্ড ভ্ৰমণৰ পৰা বাদ দিয়া হৈছিল।

আনহাতে দ্বিতীয় ইনিংছতো যেতিয়া শাৰ্দুল ঠাকুৰে বেটিং কৰিবলৈ আহিছিল তেতিয়াও টীম ইণ্ডিয়া বিপদত আছিল। ৬ উইকেটত টীম ইণ্ডিয়াৰ স্কোৰ আছিল ৩১২ ৰাণ আৰু অগ্ৰগতি লৈছিল মাত্ৰ ২১৩ ৰাণৰ। েনে পৰিস্থিতিত শাৰ্দুল ঠাকুৰে পুনৰবাৰ দলৰ ত্ৰাণকৰ্তাৰ ৰূপত আৱিৰ্ভাৱ হৈ ঋষভ পণ্টৰ সৈতে শতকীয় যুটী বান্ধি দলৰ স্কোৰ ৪০০ৰ পাৰ কৰে। ইমানেই নহয় টীমইণ্ডিয়াৰ অগ্ৰগতি ৩০০ৰ অধিক হয়। শাৰ্দুল ঠাকুৰে মাত্ৰ ৭২টা বলত ৬০ ৰাণ কৰি আউট হয়। তেওঁ ৭টা চাৰি আৰু এটা ছিক্সাৰ কোবায়। আনহাতে ঋষভ পণ্ট ৫০ ৰাণ কৰি আউট হয়।

কেৰিয়াৰৰ ৬ নম্বৰখন টেষ্ট খেলা আৰু ৬টা ইনিংছত বেটিং কৰা শাৰ্দুল ঠাকুৰে তিনিটা অৰ্ধশতকীয় ইনিংছ খেলিছে।  ইয়াৰ পূৰ্বে ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে  শাৰ্দুলে ৬৭ ৰাণ কৰিছিল আৰু ৭টা উইকেটো দখল কৰিছিল। এটা ইনিংছত পিছ পৰি থাকিও টীম ইণ্ডিয়াই এই টেষ্টখনত ৩ উইকেটত জয় লাভ কৰিছিল। যাৰ ফলত ২-১ৰ ব্যৱধানত ভাৰতে শৃংখলা দখল কৰিছিল। প্ৰথমশ্ৰেণীৰ ক্ৰিকেটতো শাৰ্দুলে ৬৫খন মেচত ২১৮টা উইকেট আৰু ৭টা অৰ্ধশতকসহ ১৩২৭ ৰাণ কৰিছে।
Published by:Manjumoni Borah
First published: