টি২০ ৱৰ্ল্ড কাপৰ সময়সূচী মুকলি, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন মেচ

News18-Assam
Updated:July 18, 2019, 10:00 AM IST
টি২০ ৱৰ্ল্ড কাপৰ সময়সূচী মুকলি, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন মেচ
১৮ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া টি২০ ৱৰ্ল্ড কাপত ভাৰত আৰু পাকিস্তানক পৃথক দলত ৰখা হৈছে।

১৮ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া টি২০ ৱৰ্ল্ড কাপত ভাৰত আৰু পাকিস্তানক পৃথক দলত ৰখা হৈছে।

  • Share this:
এদিনীয়া ক্ৰিকেট ৱৰ্ল্ড কাপ সমাপ্ত আৰু এতিয়া দলসমূহৰ দৃষ্টি নিবদ্ধ হৈছে অহা বৰ্ষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি২০ৰ ওপৰত। ১৮ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব এই খেল। টুৰ্ণামেণ্টত ১২টা দলে অংশগ্ৰহণ কৰিব, তেওঁলোকক ছুপাৰ ১২ বুলি কোৱা হ’ব। অষ্ট্ৰেলিয়াৰ উপৰিও ভাৰত, পাকিস্তান, ইংলেণ্ড, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা, ৱেষ্টইণ্ডিজ আৰু আফগানিস্তানে টুৰ্ণামেণ্টত পোনে পোনে প্ৰৱেশ কৰিছে, ইফালে কম ৰেংকিঙৰ বাবে শ্ৰীলংকা আৰু বাংলাদেশ খেলিব লাগিব Qualifie মেচ।

টুৰ্ণামেণ্টৰ খিতাপ অৰ্জনৰ যুঁজ অনুষ্ঠিত হ’ব মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত। আনহাতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব আৰম্ভণি মেচখন। ৱৰ্ল্ড কাপতো দক্ষিণ আফ্ৰিকাৰ সৈতে ভাৰতৰ প্ৰথমখন মেচ আছিল।

ছুপাৰ ১২ত দুটাকৈ গ্ৰুপ বনোৱা হৈছে, এটা গ্ৰুপত আছে ৬টাকৈ দল। ভাৰত আৰু পাকিস্তানক পৃথক পৃথক গ্ৰুপত ৰখা হৈছে। গ্ৰুপ এ আছে পাকিস্তান, অষ্ট্ৰেলিয়া, নিউজীলেণ্ড, ৱেষ্টইণ্ডিজ আনহাতে দ্বিতীয় গ্ৰুপত আছে ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, আফগানিস্তান।
আৰু চাওক
পৰৱৰ্তী বাতৰি