কোনোবাই বাছ ধোৱে, কোনোবা নিবনুৱা, নিউজীলেণ্ডৰ ক্ৰিকেট খেলুৱৈৰ মৰ্মবেদনা!
News18 Updated:July 13, 2019, 1:54 PM IST

ফাইল ফটোঃনিউজীলেণ্ড ক্ৰিকেট দল
আইচিচি ক্ৰিকেট ৱৰ্ল্ড কাপ ২০১৯ৰ ফাইনেলত দেওবাৰে ইংলেণ্ডৰ সৈতে যুঁজিব নিউজীলেণ্ডে।
- News18
- Last Updated: July 13, 2019, 1:54 PM IST
লক্ষ্যণীয় কথা যে এই দলত এজনৰ ওপৰত আন এজন খেলুৱৈ আছে কিন্তু কোনো বিৰাট, ধোনী, ৱাৰ্নাৰৰ দৰে জনপ্ৰিয় নহয়। এই দলৰ অধিনায়ক ৱিলিয়ামছন বেটিঙৰ কৌশল আৰু অধিনায়ক হিচাপে বিৰাট কোহলীতকৈ যথেষ্ট আগবঢ়া কিন্তু তথাপিও তেওঁ ল’ প্ৰফাইল হিচাপে থাকে। একমাত্ৰ ক্ৰিকেট খেলাৰ সময়তে নহয় অৱসৰৰ পিছতো নিউজীলেণ্ডত ক্ৰিকেট খেলুৱৈসকলে সাধাৰণ মানুহৰ দৰেই জীৱন কটোৱা দেখা যায়। ৰিটায়াৰমেণ্টৰ পিছত সাধাৰণ মানুহ এজনে যিখিনি সমস্যাৰ সন্মুখীন হয় একেখিনি সমস্যাই তেওঁলোককো আমনি কৰে। কিৱি ক্ৰিকেটাৰ সকলে ৰিটায়াৰমেণ্টৰ পিছত ইমান বেছি সমস্যাৰ সন্মুখীন হয় যে তেওঁলোকে ঘৰ চলাবলৈ সংগ্ৰাম কৰিবলগীয়া হয়। ভৰাত, ইংলেণ্ড, অষ্ট্ৰেলিয়াৰ দৰে দলৰ ক্ৰিকেটাৰে অজস্ৰ ধন ঘটে। ইয়াৰ বিপৰীত ছবি নিউজীলেণ্ডৰ ক্ৰিকেটাৰৰ! বিৰাট, মৰ্গান, ফিন্সৰ দৰে অধিনায়কে লাভ কৰে দৰমহা এই দলৰ খেলুৱৈয়ে লাভ নকৰে।

মেথিউ ছেকিউলাৰ আৰু ক্ৰিছ কেন্স
ক্ৰিছ কেন্সৰ ওপৰত কিছু বছৰৰ পূৰ্বে মেচ ফিক্সিঙৰ অভিযোগ আহিছিল। ইয়াৰ কাৰণে তেওঁ আইনী যুঁজো কৰিবলগীয়া হৈছিল। তেওঁৰ আৰ্থিক অৱস্থা ইয়াৰ পিছতে একেবাৰে বেয়া হৈ পৰে। ফিক্সিঙৰ অভিযোগৰ পৰা তেওঁ মুক্ত হ’ল কিন্তু আজি তেওঁৰ জীৱন অতি সংগ্ৰামপূৰ্ণ। প্ৰকাশিত খবৰ অনুসৰি ৪৪বছৰীয়া কেন্সে নিজৰ পৰিয়ালৰ ভৰণ–পোষণৰ বাবে অ’কলেণ্ডত বাছ ধোৱা আৰু ট্ৰাক চলোৱাৰ দৰে কাম কৰিবলগীয়া হৈছে।
সোঁহতীয়া বেটছমেন মেথিউ ছেকিউলাৰে নিজৰ টেষ্ট ডেব্যুত ডাবল চেন্সুৰী কৰিছিল। অৱসৰৰ পিছত এইজন খেলুৱৈয়ে প্ৰতিটো টকাৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হয়। ২০১৩চনত ইণ্টাৰনেচনেল ক্ৰিকেটক বিদায় দিয়াৰ পিছত তেওঁ নিবনুৱা হৈ পৰে। বেয়া বিত্তীয় অৱস্থাৰ কাৰণে তেওঁৰ পাৰিবাৰিক জীৱন বিপন্ন হৈ পৰে। পঢ়া–শুনা সম্পূৰ্ণ নকৰাৰ কাৰণে তেওঁ চাকৰিও নাপালে। পৰৱৰ্তী সময়ত তেওঁ নেপিয়াৰত ৰিয়েল ইষ্টেটত চেল্স পাৰ্চন ৰূপে কাম কৰিবলৈ পায়।