#FactCheck ৱৰ্ল্ড কাপত গৌতম গম্ভীৰ ব্যস্ত হৈ আছে নেকি বিজেপি প্ৰচাৰত? সত্য কি?

গৌতম গম্ভীৰে বিজেপিৰ প্ৰচাৰৰ বাবে ৱৰ্ল্ড কাপৰ মঞ্চ ব্যৱহাৰ কৰা বুলি ট্ৰ’ল কৰা হৈছে, সঁচা কথাটো কি?

News18-Assam
Updated:July 13, 2019, 6:15 PM IST
#FactCheck ৱৰ্ল্ড কাপত গৌতম গম্ভীৰ ব্যস্ত হৈ আছে নেকি বিজেপি প্ৰচাৰত? সত্য কি?
গৌতম গম্ভীৰে বিজেপিৰ প্ৰচাৰৰ বাবে ৱৰ্ল্ড কাপৰ মঞ্চ ব্যৱহাৰ কৰা বুলি ট্ৰ’ল কৰা হৈছে, সঁচা কথাটো কি?
News18-Assam
Updated: July 13, 2019, 6:15 PM IST
ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে গৌতম গম্ভীৰৰ এখন ফটো। ফটোখনত গম্ভীৰে মূৰত গেৰুৱা ৰঙৰ পাগুৰি আৰু ডিঙিত গেৰুৱা ৰঙৰ এখন পতাকা পিন্ধি থকা দেখা গৈছে। ষ্টেণ্ড আপ কমেডিয়ান কুণাল কামৰাই ২০১৯ৰ ৬ জুলাইত গৌতম গম্ভীৰৰ এই ফটোখন টুইটাৰত শ্বেয়াৰ কৰিছিল। ফটোখনত তেওঁ ইৰফান পাঠান আৰু যতিন ছপ্ৰুৰ সৈতে মূৰত গেৰুৱা ৰঙৰ পাগুৰি আৰু ডিঙিত গেৰুৱা ৰঙৰ এখন পতাকা পিন্ধি থকা দেখা গৈছে। ফটোখনৰ জৰিয়তে গৌতম গম্ভীৰক ট্ৰ’ল কৰা হৈছে যে তেওঁ বিজেপিৰ প্ৰচাৰৰ বাবে ৱৰ্ল্ড কাপ মঞ্চৰ ব্যৱহাৰ কৰিছে।

ষ্টেণ্ড আপ কমেডিয়ান কুণাল কামৰাই ফটোখন শ্বেয়াৰ কৰি লিখিলে যে– ‘বিজেপি সাংসদ নিজ ক্ষেত্ৰত গম্ভীৰভাৱে কাম কৰি থাকোতে।’



তৃণমূল কংগ্ৰেছ(TMC)ৰ সাংসদ মহুৱা মৈত্ৰয়ো ফটোখন শ্বেয়াৰ কৰি গৌতম গম্ভীৰৰ বিষয়ে লিখিলে, ‘এয়া লজ্জাজনক। এইধৰণৰ লোকৰ কোনো সততা নাথাকে। মেচ বয়কট কৰাৰ পৰিৱৰ্তে তেওঁ জ্ঞান দি আছে। কোটি টকাৰ খাতিৰত তেওঁ ৰাষ্ট্ৰবাদৰ সৈতেও আপোচ কৰিছে।’





ভুৱা ফটো

এই ফটোখন Reverse imageত দিলে অৰ্থ বেলেগহে প্ৰকাশ পায়। আচলতে, ইয়াৰে প্ৰকৃত ফটো ইৰফান পাঠানে শ্বেয়াৰ কৰিছিল য’ত গম্ভীৰে কোনোধৰণৰ গেৰুৱা পাগুৰি বা গেৰুৱা পতাকা পিন্ধি থকা নাছিল। গম্ভীৰক ট্ৰ’ল কৰিবলৈ ইৰফান পাঠানে কৰা টুইটৰ ফটো ফটোশ্বপ কৰি গেৰুৱা পাগুৰি আৰু বিজেপিৰ পতাকা পিন্ধোৱা হৈছিল।

প্ৰকৃত ফটো



ভুৱা ফটো



ষ্টেণ্ড আপ কমেডিয়ান কুণাল কামৰা এখন ইংৰাজী বাতৰিকাকতত দিয়া সাক্ষাৎকাৰত স্বীকাৰ কৰিছে যে তেওঁ মৰ্ফ ফটো শ্বেয়াৰ কৰিছিল। এয়া কেৱল ধেমালিহে আছিল। NEWS18ৰ তদন্তত এয়া ভুল বুলি প্ৰকাশ পালে যে গৌতম গম্ভীৰে ৱৰ্ল্ড কাপত বিজেপিৰ প্ৰচাৰ কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি