• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ক'ৰোনাৰ বাবে এইবাৰ বাতিল হ'ল ক্ৰিকেটৰ আন এক মহাৰণ এছিয়া কাপ।

ক'ৰোনাৰ বাবে এইবাৰ বাতিল হ'ল ক্ৰিকেটৰ আন এক মহাৰণ এছিয়া কাপ।

ক'ৰোনা ভাইৰাছে আন এক ডাঙৰ প্ৰতিযোগিতাত আঘাত কৰিছে। জুনত শ্ৰীলংকাত অনুষ্ঠিত হ'বলগীয়া এছিয়া কাপ ক'ৰোনা ভাইৰাছৰ বাবে বাতিল কৰা হৈছে।

  • Share this:
ক'ৰোনা ভাইৰাছে আন এক ডাঙৰ প্ৰতিযোগিতাত আঘাত কৰিছে। জুনত শ্ৰীলংকাত অনুষ্ঠিত হ'বলগীয়া এছিয়া কাপ ক'ৰোনা ভাইৰাছৰ বাবে বাতিল কৰা হৈছে। আয়োজকসকলে বুধবাৰে এই কথা ঘোষণা কৰে। প্ৰতিযোগিতাখন যোৱা বছৰ পাকিস্তানত অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু ক'ৰোনাৰ কাৰণে তেতিয়াও পিছুৱাই দিয়া হৈছিল।

শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডৰ মুখ্য কাৰ্যবাহী এছলী ডি চিলভাই কয়, "কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত বৰ্তমানৰ পৰিস্থিতি এনেকুৱা নহয় যে এছিয়া কাপ অনুষ্ঠিত কৰিব পাৰি৷ এছিয়া কাপ বাতিল ৰখাৰ কথা ঘোষণা কৰি ডি চিলভাই লগতে কয় যে দলসমূহে ইতিমধ্যে তেওঁলোকৰ সময়সূচী নিৰ্ধাৰণ কৰাৰ বাবে প্ৰতিযোগিতাখন পৰৱৰ্তী দুবছৰৰ বাবে অনুষ্ঠিত নহ'ব পাৰে৷ এনেকুৱা লাগিছে যে এছিয়া কাপ ২০২৩ চনৰ বিশ্বকাপৰ পিছতহে অনুষ্ঠিত হ'ব। ডি চিলভাই জনাইছে যে এছিয়া ক্ৰিকেট সংস্থাই শীঘ্ৰেই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। দক্ষিণ এছিয়াত ক'ৰোনা ভাইৰাছ যথেষ্ট বিস্তৃত। কেইবাখনো দেশলৈ বিমান চলাচল বন্ধ কৰা হৈছে, যাৰ ফলত এছিয়া কাপ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
Published by:Kokil Sarma
First published: