বিৰাট কোহলী ভাৰতৰ আটাইতকৈ সফল টেষ্ট অধিনায়ক। কোহলীৰ নেতৃত্বতে ভাৰতে শেহতীয়াকৈ অষ্ট্ৰেলিয়া, ইংলেণ্ডৰ দৰে শক্তিশালী দলকো পৰাজিত কৰিছে। কিন্তু আজিও অসম্পূৰ্ণ তেওঁৰ আইপিএল খিতাপ জয়ৰ সপোন। তেওঁৰ নেতৃত্বত ২০১৬ চনত আই পি এলৰ ফাইনেল খেলিছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)য়ে। কিন্তু তেতিয়াও ছানৰাইজ হায়দৰাবাদৰ হাতত পৰাজিত হ’বলগীয়া হৈছিল দলটো।
বিগত ছিজনতো RCB প্লে-অ'ফত উপনীত হৈছিল কিন্তু খিতাপ জয় কৰাত ব্যৰ্থ হৈছিল। পিছে এইবাৰৰ আইপিএলত RCBৰ ভূমিকা কি হ’ব তাক লৈ এক ডাঙৰ ভৱিষ্যতবাণী কৰিছে প্ৰাক্তন ভাৰতীয় বেটছমেন আৰু ভাৰকাৰ আকাশ চোপ্ৰাই ৷ তেওঁ কৈছে যে, IPL ২০২১ত RCBয়ে প্লে-অফতো উপনীত হ'ব নোৱাৰিব।
নিজৰ ইউটিউব চেনেলযোগে আকাশে কয় যে, এই বছৰ RCBয়ে বিগত বৰ্ষত দেখুওৱা প্ৰদৰ্শনৰ পুনৰাবৃত্তি কৰিব নোৱাৰিব। মই ভাবো, তেওঁলোকে এইবাৰ প্লে-অ'ফৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিব। যদিহে বিগত তিনি-চাৰি বছৰলৈ চোৱা হয়, তেন্তে বিগত বৰ্ষত তেওঁলোকৰ প্ৰদৰ্শন সৰ্বশ্ৰেষ্ঠ আছিল, কিন্তু দলটো শেষত বিপথগামী হৈ পৰিছিল । এইটো দলটোৰ সমস্যা। যদি RCBয়ে ভালদৰে আৰম্ভ নকৰে, তেন্তে লীগত এই দলটোৰ সমস্যা হ'ব পাৰে।
আকাশ চোপ্ৰাৰ মতে, IPL2021ত সৰ্বাধিক ৰাণ কৰিব কোহলীয়ে -চোপ্ৰাই লগতে কয় যে, বিৰাট কোহলীয়ে এই বছৰ আই পি এলত সৰ্বাধিক ৰাণ কৰিবলৈ সক্ষম হ'ব । ইয়াৰ বাবে তেওঁ এটা অৰেঞ্জ কেপ পাব। বৰ্তমান দুৰ্দান্ত ফৰ্মত আছে কোহলী। গতিকে সেই দিশলৈ লক্ষ্য কৰিলে এয়া তেওঁৰ বাবে কঠিন নহ'ব। বিৰাটৰ উপৰিও, ঋষভ পণ্ট, কে এল ৰাহুল আৰু ডেভিড ৱাৰ্ণাৰো অৰেঞ্জ কেপৰ দাবীদাৰ হ'ব পাৰে । এই বৰ্ষত বিৰাটে RCBৰ বাবে ইনিংছ আৰম্ভ কৰিব, যি কথা RCBৰ দল ব্যৱস্থাপনাইয়ো নিশ্চিত কৰিছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 05, 2021, 19:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|