১৮–৪৫ বছৰ বয়সৰ লোকসকলক টিকাকৰণৰ আওতালৈ আনিছে কেন্দ্ৰীয় চৰকাৰে। তাৰ পিছৰে পৰা মানুহৰ মনত বিভিন্ন প্ৰশ্ন, যেনে কোৰোণাৰ ভেকচিন ল’লে মদ্যপান কৰিব পাৰিনে? যদি খাব নোৱাৰি সেই নিষেধাজ্ঞা কিমান দিনলৈ? যিমানেই সময় গৈছে, সিমানেই ওলাইছে অপপ্ৰচাৰ। কিন্তু সঁচাটো কি?
দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে ভেকচিন আৰু মদ্যপানক লৈ কি কৈছে?স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনাত স্পষ্টকৈ কোৱা হৈছে যে মদ খালে টিকাৰ কাৰ্যকাৰিতা নষ্ট হ’ব পাৰে বুলি কোনো প্ৰামাণিক তথ্য নাই।
অন্যান্য আন্তৰ্জাতিক স্বাস্থ্য সংস্থাসমূহে কি কয়?মাৰ্কিন স্বাস্থ্য সংস্থা ‘দ্য চেণ্টাৰ ফৰ ডিজিছ কন্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যন’ আৰু ব্ৰিটেইনৰ জনস্বাস্থ্য সংস্থাই এই সন্দৰ্ভত কোনো মন্তব্য প্ৰদান কৰা নাই। যদিও ব্ৰিটেইনৰ কেইবাজনো বিশেষজ্ঞই ভেকচিন লোৱাৰ পিছত মদ্যপান বন্ধ কৰাৰ পৰামৰ্শ দিছে। আনহাতে, ব্ৰিটিছ ঔষধ আৰু স্বাস্থ্য নিয়ন্ত্ৰক এজেন্সীয়ে কৈছে, এনে কোনো প্ৰত্যক্ষ উদাহৰণ নাই যে ভেকচিন লৈ মদ্যপান কৰিব নোৱাৰি। তেওঁলোকৰ পৰামৰ্শ, এই সন্দৰ্ভত চিকিৎসকৰ পৰামৰ্শ লওক।
ভেকচিনৰ দুটা ড’জৰ মাজৰ সময়খিনিত মদ্যপান কৰিব পাৰিনে?Forbes মেগাজিনত প্ৰকাশিত এক ৰিপ’ৰ্টত প্ৰকাশ পোৱা অনুসৰি এজন ৰাছিয়ান বৈজ্ঞানিকে ভেকচিনৰ দুটা ড’জৰ মাজত অন্তত তিনি সপ্তাহ মদ্যপান নকৰিবলৈ কৈছে। আৰু এজন বিশেষজ্ঞৰ মত, ভেকচিনৰ প্ৰতিটো ড’জ নিয়াৰ পিছৰ তিনিদিন মদ্যপান কৰিব নালাগে। বিজ্ঞানীসকলৰ যুক্তি, এই সময়ত মদ্যপান কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যাব পাৰে। নিউ ছায়েণ্টিছ মেগাজিনৰ এক প্ৰবন্ধত কোৱা হৈছে, এষ্ট্ৰোজেনেকা ভেকচিনৰ ট্ৰায়েলৰ সময়ত ভলেণ্টিয়াৰসকলক মদ্যপান কৰাটো নিষেধ কৰা হৈছিল। ফাইজাৰে অৱশ্যে স্পষ্টকৈ জনাইছে, মদ্যপান কৰা নকৰাৰ সৈতে টিকা লোৱাৰ কোনো সম্পৰ্ক নাই।
ভেকচিনৰ দুয়োটা ড’জ লোৱা হ’লে মদ্যপান কৰিব পাৰিনে?মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ এজন ৰোগ প্ৰতিৰোধ বিশেষজ্ঞৰ মতে, মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যিমানেই ভাল শৰীৰত ভেকচিন সিমানেই বেছি মাত্ৰাত কাৰ্যকৰী হ’ব।
অৰ্থাৎ সকলো বিবেচনা কৰি ক’ব পাৰি, কোনো সংস্থাই কোনো বাধা–নিষেধ নাই কৰা যদিও প্ৰত্যেকেই এই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 13, 2021, 19:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|